নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চোৰাং চিকাৰী নহয় এইবাৰ কাজিৰঙালৈ আহিছে গঢ়াখহনীয়াৰ ভাবুকি

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃঐতিহ্য মণ্ডিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ৷ বিগত ৪৭ টা বছৰৰ ভিতৰত লুইতৰ গৰাখহনীয়াই নিশ্চিন্ন কৰিলে ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলী বনাঞ্চলৰ ৩০ বৰ্গ কিলোমিটাৰ অঞ্চল ৷ মনকৰিব লগীয়া যে ১৯৭৩ চনত অগৰাতলী বনাঞ্চলৰ মাটিকালি আছিল মুঠ ১২২ বৰ্গ কিলোমিটাৰ ৷ কিন্তু এতিয়া গৰাখহনীয়াৰ কৱলত পৰি মাত্ৰ ৯২ বৰ্গ মাটিকালিহে আছেগৈ। আগৰতলী বনাঞ্চলৰ মাকলুং বনশিবিৰ যিকোনো মুৰ্হূতত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ আশংকাই দেখা দিছে। চপৰা-চপৰে গৰা খহাৰ ফলত বনাঞ্চল খনৰ গছ-গছনি লুইতৰ বুকুত নিশ্চিন্ন হৈ পৰিছে। লগতে বন্যপ্ৰাণীসমূহৰ প্ৰতিও আহিছে তীব্ৰ ভাবুকি। কিন্তু ৰাজ্যৰ জলসম্পদ বিভাগে এই ভয়াবহ গৰাখহনীয়া ৰোধৰ বাবে আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। উল্লেখ্য যে সময় থাকোতে যদি চৰকাৰে খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আগন্তুক কম সময়ৰ ভিতৰতে অগৰাতলী বনাঞ্চল চিৰদিনৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত যে নিশ্চিন্ন হৈ পৰিব সেইটো স্পষ্ট হৈ পৰিছে।

You might also like