দেশৰ স্কুল শিক্ষার্থীলৈ আধাৰভিত্তিক ‘আপাৰ কার্ড’
🔹 এক ৰাষ্ট্র এক ছাত্র–ছাত্রী পৰিচয়–পত্র
ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ অক্টোবৰ : ‘ৰাষ্ট্রীয় শিক্ষা নীতি–২০২০’ৰ অধীনত ‘এক ৰাষ্ট্র এক ছাত্র–ছাত্রী পৰিচয় পত্র’ ব্যৱস্থা কার্যকৰীকৰণৰ দিশে আগবাঢ়িছে কেন্দ্রীয় চৰকাৰ৷ ইয়াৰ যোগেদি সমগ্র দেশৰ বিদ্যালয়ৰ প্রত্যেক ছাত্র–ছাত্রীক একক পৰিচয় নম্বৰ (ইউনিক আই নম্বৰ) দিয়া হ’ব৷ যিটো হ’ব আধাৰভিত্তিক৷ অর্থাৎ ইয়াক শিক্ষার্থীজনৰ আধাৰ কার্ডৰ সৈতে লিংক কৰা হ’ব৷ এই ব্যৱস্থাটোক ‘অটোমেটেড পার্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্রী’ চমুকৈ আপাৰ কার্ড ৰূপে নামকৰণ কৰা হৈছে৷ আজীৱন সক্রিয় হৈ থাকিবলগীয়া আপাৰ কার্ডত ছাত্র–ছাত্রীৰ শৈক্ষিক যাত্রা আৰু প্রাক্–প্রাথমিকৰ পৰা উচ্চ শিক্ষাপর্যন্ত অর্জন কৰা কৃতিত্বৰ প্রতিটো তথ্য সন্নিৱিষ্ট হৈ থাকিব৷ এই ব্যৱস্থা প্রৱর্তনৰ ফলত ছাত্র–ছাত্রীৰ শিক্ষানুষ্ঠান বদলিৰ প্রক্রিয়া সহজসাধ্য হৈ পৰিব বুলি কোৱা হৈছে৷ লক্ষণীয়ভাৱে এই শৈক্ষিক পৰিৱেশতন্ত্রত ছাত্র–ছাত্রীসকলৰ পঞ্জীয়ন অভিভাৱকৰ সন্মতিসাপেক্ষে হ’ব আৰু প্রক্রিয়াটো আৰম্ভ কৰিবলৈ ৰাজ্য–কেন্দ্রীয়শাসিত অঞ্চলৰ চৰকাৰক নির্দেশ দিছে শিক্ষা মন্ত্রালয়ে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমত নির্দেশনাটোৰ কিয়দংশ উদ্ধৃত কৰা হৈছে এইদৰে– ‘শিক্ষা মন্ত্রালয়ে প্রত্যেক ছাত্র–ছাত্রীৰ আধাৰ নম্বৰৰ ওপৰত ভিত্তি কৰি আপাৰ কার্ড প্রস্তুত কৰিব৷ ইয়াৰ বাবে অভিভাৱকসকলৰ পৃথক সন্মতিৰ প্রয়োজন৷’ অৱশ্যে এইক্ষেত্রত অভিভাৱকসকলে যিকোনো সময়তে তেওঁলোকৰ সন্মতি প্রত্যাহাৰ কৰিব পাৰিব৷ অকল যে চৰকাৰী শিক্ষানুষ্ঠানেই এই ব্যৱস্থাৰ আওতাত থাকিব তেনে নহয়, ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহকো সামৰি ল’ব শিক্ষা মন্ত্রালয়ে৷ শিক্ষকসকলে ছাত্র–ছাত্রীৰ তেজৰ গ্রুপ, উচ্চতা আৰু ওজনৰ তথ্য আপডেট কৰিব লাগিব৷ কাৰণ ইয়াৰ সহায়তে প্রস্তুত কৰা হ’ব আপাৰ কার্ড৷ সামগ্রিকভাৱে এই যুগান্তকাৰী পদক্ষেপৰ মূল উদ্দেশ্য হ’ল– ‘ৰাষ্ট্রীয় শিক্ষা নীতি–২০২০’ৰ মূল লক্ষ্যসমূহ অন্বেষণ আৰু প্রতিখন ঠাইৰ শৈক্ষিক তথ্য সংগ্রহ কৰা৷ শিক্ষা মন্ত্রালয়ৰ পৰিকল্পনা অনুসৰি আপাৰ কার্ডৰ নম্বৰ যুক্ত হৈ থাকিব কেন্দ্রীয় ডিজিটেল পৰিসেৱাৰ সৈতে৷ শিক্ষার্থীৰ যাৱতীয় শিক্ষাগত তথ্য– পৰীক্ষাৰ নম্বৰ, নামভর্তিৰ নথি, বৃত্তিৰ নথি, চৰকাৰী সাহায্যৰ নথি আদি আপাৰ নম্বৰেৰে ছার্চ কৰিলেই উপলব্ধ হ’ব৷ ইয়াৰ ফলত দেশৰ ৩০ কোটি স্কুলীয়া ছাত্র–ছাত্রীৰ ব্যক্তিগত শৈক্ষিক জীৱনৰ তথ্য নথিভুক্ত হৈ থাকিব কেন্দ্রীয় ডিজিটেল পৰিসেৱাত৷ যাৰ দ্বাৰা দেশত সামগ্রিকভাৱে শিক্ষাৰ বিকাশ আৰু আধাতে বিদ্যালয় এৰাসকলকো চিনাক্তকৰণ সম্ভৱ হৈ উঠিব৷ তৎসত্ত্বেও আপাৰ কার্ড প্রকল্পক লৈ শিক্ষা জগতত বিভিন্ন ধৰণৰ প্রশ্ণ উত্থাপন হৈছে৷ আধাৰ কার্ড তথা তথ্য সুৰক্ষাক লৈ ইতিপূর্বে যিবোৰ প্রশ্ণ উঠিছিল, সেই একেবোৰ প্রশ্ণৰেই অৱতাৰণা হৈছে আপাৰ কার্ডৰ প্রসংগতো৷ বিশেষকৈ বিশাল তথ্য ভাণ্ডাৰৰ সুৰক্ষা কিমানদূৰ নিশ্চিত হ’ব, সেই ক্ষেত্রত বহুতেই সন্দিহান৷ বিশেষকৈ ইয়াত যিহেতু শিশুসকলৰ তথ্যৰ বিষয়টো জড়িত হৈ আছে, সেয়েহে আশংকাও বেছি৷