নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্গাপূজা আৰু দেৱীৰ নৱৰাত্রি

🔹 মৃণালিনী দেৱী

ভগৱানৰ সৃষ্টি এই বিশ্বব্রহ্মাণ্ডখন পৰিচালনা কৰাৰ বাবে যিবোৰ অপৰিহার্য জৰুৰী সম্পদৰ প্রয়োজন, তাৰ ভিতৰত আটাইতকৈ জৰুৰী সম্পদ হৈছে ঐশ্বৰিক শক্তি৷ এই শক্তি অবিহনে মানৱ জীৱন হৈ পৰিব অচল৷ গাড়ী এখন যেনেকৈ পেট্র’ল নহ’লে নচলে, বিজুলী চাকিবোৰ যেনেকৈ বিদ্যুৎ নহ’লে নজ্বলে, তেনেদৰে আমাৰ চৰাচৰ বিশ্বব্রহ্মাণ্ডখনো শক্তি অবিহনে চলিব নোৱাৰে৷ ইয়াক নিয়ন্ত্রণ কৰি আছে ঐশ্বৰিক শক্তিয়ে৷
স্বয়ং ভগৱান শ্রীকৃষ্ণই গীতাত গাণ্ডীৱধাৰী বীৰ অর্জুনক এই শক্তি মন্ত্র প্রদানেৰে কুৰুক্ষেত্র যুদ্ধত পৰিয়ালবর্গ, আত্মীয়–স্বজনৰ মৃত্যুত ম্রিয়মাণ হৈ যুদ্ধ নকৰোঁ বোলাত তেওঁৰ মনত সাহস আৰু শক্তিৰ সঞ্চাৰ কৰাইছিল৷
অনাদি কালৰে পৰা মানুহে বিভিন্ন সময়ত নানাৰূপে নানাভাৱে শক্তিৰ অধিষ্ঠাত্রী দেৱী দুর্গাক পূজা, উপাসনা কৰি আহিছে৷ ব্রহ্মা, বিষ্ণু, মহেশ্বৰ এই ত্রিশক্তিৰ সমাহাৰে হ’ল জীৱন আৰু পৰিচালিকা শক্তিটোৰ নাম হ’ল যুগে যুগে মহাশক্তিৰূপে পূজিতা মহিষমর্দিনী অসুৰ বিনাশিনী আই দুর্গতিনাশিনী দুর্গা আদ্যাশক্তি মহামায়া৷ চৰাচৰ জগতৰ প্রতিটো জীৱৰ শৰীৰত এই শক্তি নিহিত হৈ আছে৷ সেয়েহে শাস্ত্রত কোৱা হৈছে–
‘‘যা দেৱী সর্ব্বভূতেষু শক্তি ৰূপেন সংস্থিতা৷
নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ৷৷’’
প্রথম মনু স্বয়ম্ভুৰ ৰাজত্বকালত মহাপৰাক্রমী মহিষাসুৰে যেতিয়া দেৱৰাজ ইন্দ্রৰ হাতৰ পৰা স্বর্গৰাজ্য কাঢ়ি লৈ দেৱতাসকলৰ ওপৰত নানা অত্যাচাৰ, উৎপীড়ন চলাই অনেক লঘু–লাঞ্ছনা কৰিলে, তেতিয়া দেৱতাসকলে মহিষাসুৰৰ হাতৰ পৰা দেৱকুল উদ্ধাৰৰ বাবে ব্রহ্মা, বিষ্ণু, মহেশ্বৰৰ শৰণাপন্ন হৈ উপায় বিচাৰিলে৷ দেৱতাসকলৰ স্তুতিত ত্রিশক্তি সন্তুষ্ট হৈ তেওঁলোকৰ মহাতেজৰাশিৰ পৰা এটি শক্তিৰূপা দেৱীৰ আৱির্ভাৱ কৰে৷ এই শক্তি স্বৰূপিনী দেৱীয়েই হ’ল দুর্গতিনাশিনী, দুর্গা দশভুজা৷ এওঁ মহিষাসুৰক দমন কৰাৰ মানসেৰে যুদ্ধত অৱতীর্ণ হয়৷ যুদ্ধত মহিষাসুৰক বধ কৰি দেৱকুল ৰক্ষা কৰে আৰু পুনৰ স্বর্গৰাজ্য দেৱৰাজ ইন্দ্রক ওভতাই দিয়ে৷ মহিষাসুৰ বধৰ পাছত চণ্ড, মুণ্ড, শুম্ভ–নিশুম্ভ আদি অসুৰবোৰকো বধ কৰি স্বর্গ ৰাজ্যৰ শান্তি ঘূৰাই আনে৷ শিৱখণ্ডৰ ৫০ অধ্যায়ত কথিত আছে– ‘দুর্গ’ নামৰ এজন অসুৰক বধ কৰাৰ বাবে এওঁৰ নাম ‘দুর্গা’ হয়৷ চণ্ডিকা, কালিকা, উমা, আদ্যাশক্তি, মহামায়া, মহাগৌৰী, কাত্যায়নী, সনাতনী, উগ্রচণ্ডা, জগদ্ধাত্রী ইত্যাদি দেৱী দুর্গাৰ সহস্রাধিক নামৰ উল্লেখ শাস্ত্রত পোৱা যায়৷
দেৱতাসকলৰ মিলিত শক্তিৰ প্রতীক তথা ‘শক্তি সমুদ্ভৱা’ দেৱীয়ে বিভিন্ন সময়ত বিভিন্ন নাম লৈ জগতত ন্যায়, ধর্ম আৰু সততা ৰক্ষাৰ বাবে অসুৰ–দানৱসকলক নাশ কৰিবলৈ যুগধর্ম অনুসৰি বিভিন্ন ৰূপত আৱির্ভাৱ হয়৷ এৱেঁই হ’ল ন্যায়, ধর্ম, সততাৰ প্রতীক মহাশক্তিধাৰিণী, দশ অস্ত্রধাৰিণী দশভুজা দুর্গা, আদ্যাশক্তি মহামায়া৷
এই মহাশক্তিৰূপিনী দেৱী দুর্গাক কোনে কোন সময়ত কেনেকৈ পূজা কৰিছিল, সেই সম্পর্কে বিভিন্ন শাস্ত্রত বিশদভাৱে উল্লেখ আছে৷ ব্রহ্মা বৈৱর্ত পুৰাণত কথিত আছে যে পৰমাত্মা ভগৱান শ্রীকৃষ্ণই সৃষ্টিৰ বাবে শক্তিৰ প্রয়োজন হোৱাত প্রথমে গোকুলত আৰু বৃন্দাবনৰ ৰাস মণ্ডলত দেৱীৰ পূজা কৰিছিল৷ ব্রহ্মাদেৱেও পাছত দেৱীৰ পূজা কৰিছিল৷ মহাদেৱে ত্রিপুৰাসুৰক বধ কৰাৰ বাবে দেৱী দুর্গাক পূজা কৰাৰ উপৰি দেৱৰাজ ইন্দ্রয়ো লক্ষ্যভ্রষ্ট হৈ আশাসিদ্ধিৰ বাবে পূজা কৰিব লগা হৈছিল দেৱী দুর্গাক৷
মদ্ভাগৱতৰ দশম স্কন্ধৰ ২২ অধ্যায়ত উল্লেখ থকা ধৰণে আঘোণ মাহত ব্রজৰ গোপিনীসকলে ভগৱান শ্রীকৃষ্ণক পতি ৰূপে পাবলৈ কালিন্দী নদীৰ পানীত স্নান কৰি সম্পূর্ণ মাহটো বালিৰ মূর্তি সাজি কাত্যায়নী ব্রত পালনেৰে দেৱীৰ আশীর্বাদ লাভৰ বাবে পূজা কৰি বৰ লাভ কৰিছিল৷ দেৱী সন্তুষ্ট হৈ শৰৎ কালৰ শুক্লা পূর্ণিমা তিথিত গোপিনীসকলৰ মনৰ কামনা পূৰ হ’ব বুলি আশীর্বাদ দিছিল৷
মহাভাৰতৰ ‘বিৰাট’ পর্বৰ ষষ্ঠ অধ্যায়ত লিখা মতে পঞ্চ পাণ্ডৱে যেতিয়া বাৰ বছৰ বনবাস খাটি এবছৰ অজ্ঞাতবাস খাটিব লগা হৈছিল, তেতিয়া ঋষি–মুনিসকলৰ দিহা–পৰামর্শ মতে অজ্ঞাতবাস যাতে সফল হয়, তাৰ বাবে যুধিষ্ঠিৰে দেৱীক স্তুতি কৰিছিল৷ দেৱীয়ে সন্তুষ্ট হৈ পঞ্চ পাণ্ডৱক শুভ বৰ প্রদান কৰিছিল৷
কুৰুক্ষেত্র যুদ্ধৰ আগমুহূর্ততো ভগৱান শ্রীকৃষ্ণই অর্জুনক শক্তি আহৰণ তথা যুদ্ধত জয়লাভৰ বাবে দেৱী দুর্গাক স্তুতি কৰিবলৈ উপদেশ দিছিল৷
‘শ্রীশ্রীচণ্ডী’ত বর্ণিত অনুসাৰে দ্বিতীয় মনু স্বাৰোচিষ যেতিয়া পৃথিৱীৰ অধীশ্বৰ আছিল, তেওঁৰ ডাঙৰ ল’ৰা চৈত্রৰ বংশত অর্থাৎ ‘চৈত্র বংশ সমুদ্ভৱা’ সুৰথ নামে এজন ৰজা আৰু বিখ্যাত সদাগৰ সমাধি বৈশ্যই দুর্ভাগ্যবশতঃ ৰাজ্য, ধন, সম্পত্তি আদি হেৰুৱাই চৰম বিপর্যয়ৰ সন্মুখীন হোৱাত সৌভাগ্যক্রমে ‘মেধি’ নামৰ মুনি এজনৰ মুখত দেৱী দুর্গাৰ মাহাত্ম্যৰ কথা শুনি তেওঁৰ উপদেশ মতে নিজৰ অভীষ্ট সিদ্ধি লাভৰ বাবে নদীৰ তীৰত দেৱীৰ মৃণ্ময় মূর্তি সাজি তেওঁৰ পূজা কৰি কৃপাধন্য হৈ হেৰোৱা ৰাজ্য, ধন, সম্পত্তি ঘূৰাই পাইছিল৷ ৰজা সুৰথ আৰু সমাধি বৈশ্যই কৰা এই দেৱী পূজাভাগ বসন্ত কালৰে পৰা চলি অহা ‘বাসন্তী পূজা’ বুলি অভিহিত হৈ আহিছে৷
ত্রেতা যুগত ভগৱান শ্রীৰামচন্দ্রই সীতা উদ্ধাৰৰ বাবে লংকাৰ অধিপতি মহাপৰাক্রমী ৰাৱণক নিধন কৰাৰ বাবে শক্তিৰূপা দেৱী দশভুজা দুর্গাৰ আশিস লাভ হেতু অকাল বোধন মন্ত্রেৰে বসন্ত কালৰ দুর্গা পূজাভাগক শৰৎ কালৰ আহিন–কাতি মাহলৈ আমন্ত্রণ কৰি আনে৷ তেতিয়াৰে পৰা ৰজা সুৰথ আৰু সমাধি বৈশ্যই কৰা বাসন্তী পূজাৰ পয়োভৰ কমি শাৰদীয় দুর্গা পূজা হিচাপে ইয়াৰ প্রচলন হয়৷
আহিনৰ শুক্লা ষষ্ঠী তিথিৰ দিনাৰ পৰা শুক্লা দশমী তিথিৰ দিনালৈকে দেৱীক বিশেষভাৱে আমন্ত্রণ জনাই কৰা এই অকালবোধন দুর্গা পূজা ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণে অতি আড়ম্বৰপূর্ণভাৱে আজি পর্যন্ত মানুহে শাৰদীয় দুর্গোৎসৱ হিচাপে পালন কৰি আহিছে৷
শক্তি স্বৰূপিণী আই দুর্গাৰ ৰূপ–মাহাত্ম্যা বর্ণনাৰ সীমা নাই৷ দেৱী দুর্গাৰ ভিন ভিন সময়ত কার্য অনুসাৰে ভিন ভিন ৰূপৰ মাহাত্ম্যৰ কথা শাস্ত্রত পোৱা যায়৷ তাৰ ভিতৰত এওঁৰ নটা ৰূপৰ মহিমা অপাৰ৷ এই নগৰাকী দুর্গাই তেওঁৰ ৰূপ, গুণ আৰু মাহাত্ম্যভেদে পূজিতা হৈ আহিছে কামৰূপৰ কামাখ্যাপীঠত৷ এই নগৰাকী দেৱী যথাক্রমে শৈলপুত্রী, ব্রহ্মচাৰিণী, চন্দ্রঘণ্টা, কুষ্মাণ্ডা, স্কন্ধমাতা, কাত্যায়নী, কালৰাত্রি, মহাগৌৰী আৰু সিদ্ধিদাত্রী৷ আহিন মাহৰ পৱিত্র অমাৱস্যা ৰাতি মহালয়াৰ দিনাৰ পৰা শুক্লা দশমী তিথিৰ দিনালৈকে এই নগৰাকী দেৱীৰ পূজা ‘নৱৰাত্রি’ পূজা হিচাপে পালন কৰা হয়৷ উত্তৰ ভাৰততকৈ দক্ষিণ ভাৰতৰ ঠাইবিশেষে দেৱীৰ এই ‘নৱৰাত্রি’ পূজাৰ পয়োভৰ বেছি৷
নগৰাকী দেৱীৰ ভিতৰত এই ‘শৈলপুত্রী’ দেৱী প্রথম৷ মহাশক্তিধাৰিণী আই দুর্গা দেৱীয়ে আহিন মাহৰ পৱিত্র অমাৱস্যা তিথিত মহালয়াৰ দিনা হিমালয় পর্বতৰ ওখ টিঙত ‘শৈলপুত্রী’ নাম লৈ দেখা দিয়ে৷ নৱৰাত্রি পূজাৰ প্রথম দিনাই এওঁৰ পূজা হয়৷ এই দেৱীৰ মহিমা অপাৰ৷
এই শৈলপুত্রী দুর্গা দেৱী পূর্বজন্মত প্রজাপতি দক্ষ ৰজাৰ কন্যা ৰূপে জন্মগ্রহণ কৰিছিল৷ নাম আছিল ‘সতী’৷ কুমাৰীকালৰে পৰা দেৱাদিদেৱ মহাদেৱক পতি ৰূপে পাবলৈ কঠোৰ তপস্যা কৰিছিল৷ তপস্যাত বৰ লাভ কৰি তেওঁ মহাদেৱৰ লগত বিয়া হৈ পৰম সুখেৰে কৈলাস শিখৰত বাস কৰি আছিল৷ পিতৃ দক্ষ ৰজাই এবাৰ সকলো দেৱতাক নিমন্ত্রণ কৰি এটা ডাঙৰ যজ্ঞ পাতিছিল৷ সেই যজ্ঞত মহাদেৱক নিমন্ত্রণ কৰা নাছিল৷ মহাদেৱে কিয় যজ্ঞৰ ভাগ নাপালে তাকে জানিবৰ বাবে তেওঁ বিনানিমন্ত্রণে নন্দী আৰু ভৃংগীৰ সৈতে স্বামীৰ আজ্ঞা নামানি যাবলৈ উদ্যত হ’ল৷ সতীয়ে গৈ দেখে যে পিতৃয়ে যজ্ঞ পাতি সকলো দেৱতাৰ সৈতে যজ্ঞস্থলীত বহি আছে৷ যজ্ঞস্থলীত পিতৃ দক্ষই সতীক দেখা পাই মহাদেৱক নানা ককর্থনাৰে নিন্দা কৰিবলৈ ধৰাত সতীয়ে বৰ অপমান পায়৷ পিতৃয়ে কৰা স্বামীৰ এই নিন্দা সহ্য কৰিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্রাণত্যাগ কৰে৷
সতীৰ প্রাণত্যাগৰ সকলো কথা শুনি মহাদেৱে অতি ক্রোধান্বিত হৈ যজ্ঞ ছাৰখাৰ কৰি প্রজাপতি দক্ষকো সমূলি নাশ কৰে৷ পাছত আকৌ ৰজা দক্ষক ছাগলীৰ মুণ্ড সংযোজন কৰাই জীয়াই তোলে৷ সতীয়ে প্রাণত্যাগ কৰাৰ পাছত তেওঁ শৈলৰাজ হিমালয়ৰ গৃহত মেনকাৰ গর্ভত কন্যা ৰূপে আকৌ জন্মগ্রহণ কৰে আৰু শৈলপুত্রী নামে অভিহিত হয়৷ তপস্যাৰ ফলত দেৱাদিদেৱ মহাদেৱক সতীয়ে আকৌ স্বামী ৰূপে লাভ কৰে৷ এই শৈলপুত্রী দুর্গাই বৃষভৰ ওপৰত অৱস্থান কৰি সোঁহাতে ত্রিশূল আৰু বাঁওহাতে পদুম ফুল ধাৰণ কৰি আছে৷
নৱৰাত্রিৰ দ্বিতীয় দিনা পূজিতা হোৱা দেৱী দুর্গাৰ নাম হ’ল ‘ব্রহ্মচাৰিণী’৷ এই ৰূপত দেৱীয়ে মহাদেৱক স্বামী ৰূপে পাবলৈ ব্যাকুল হৈ পৰিছিল আৰু এহেজাৰ বছৰ ফল-মূল, এশ বছৰ অকল শাক খায়েই ব্রত পালন কৰিছিল৷ তিনি হাজাৰ বছৰ কাল মাটিত সৰি পৰা বেলপাত খায়েই জীৱন কটাই কেইবাহাজাৰ বছৰ নিৰাহাৰ, নির্জলা ব্রত পালন কৰি নিজৰ অভীষ্ট সিদ্ধি লাভ কৰিছিল৷ বেলৰ পাত খাই ব্রত পালন কৰা বাবে এওঁক দেৱী অপর্ণা বুলিও কোৱা হয়৷
এনেদৰে কঠোৰ ব্রত পালন কৰাৰ বাবে এওঁৰ শৰীৰ শুকাই–ক্ষীণাই যোৱাত মাতৃ মেনকাই কন্যাৰ এনে অৱস্থা দেখি মনৰ দুখত ‘উঃমা’ হুমুনিয়াহ পেলায়৷ দেৱীৰ এই কঠোৰ তপস্যাত সন্তুষ্ট হৈ ব্রহ্মাই এওঁক এইবুলি বৰ দিছিল– ‘হে দেৱী, এনে কঠোৰ তপস্যা আজিলৈ কোনেও কৰা নাই, তুমি আকৌ মহাদেৱক স্বামী ৰূপে লাভ কৰিবা৷’ ব্রহ্মাৰ বৰ লাভ কৰি দেৱীয়ে আকৌ দেৱাদিদেৱ মহাদেৱক স্বামী ৰূপে লাভ কৰে৷ সোঁহাতত জপমালা, বাঁওহাতত কমণ্ডলু লৈ থকা বাবে এওঁক ‘ব্রহ্মাচাৰিণী’ দেৱী দুর্গা বুলি কোৱা হয়৷
চন্দ্রঘণ্টা দেৱীৰ পূজা নৱৰাত্রিৰ তৃতীয় দিনা কৰা হয়৷ নৱৰাত্রি পূজাৰ এওঁ তৃতীয় ৰূপ৷ এই দেৱী বৰ কল্যাণকাৰিণী আৰু শান্তিদায়িকা৷ এওঁৰ শৰীৰৰ ওপৰভাগ ঘণ্টা আকৃতিৰ অর্ধচন্দ্রটোৰ দৰে৷ সেয়ে এওঁৰ নাম ‘চন্দ্রঘণ্টা’৷ এই দেৱী বাঘৰ বাহনত উপৱিষ্ট হৈ ভক্তক সকলো বিপদৰ পৰা মুক্ত কৰি সদ্গুণ বৃদ্ধি কৰে৷ এওঁৰ বৰণ সোণৰ দৰে উজ্জ্বল৷ এওঁৰ পূজাৰ ফলত ভক্তসকলে সুখ, শান্তি, সমাদৰ লাভ কৰে৷ এওঁক পূজা কৰিলে দুষ্টৰ দমন, বিনাশ আদি হয়৷ এই দেৱীৰ কৃপাত সাধকৰ সর্বপাপ ক্ষমা হয়৷ ভক্তৰ সকলো দুখ–কষ্ট নিবাৰণ কৰে৷
দুর্গা দেৱীৰ চতুর্থ ৰূপটোৰ নাম ‘কুষ্মাণ্ডা’৷ নৱৰাত্রিৰ চতুর্থ দিনা এওঁক পূজা কৰা হয়৷ যেতিয়া সৃষ্টিৰ কোনো অস্তিত্ব নাছিল, চাৰিওফালে মাথোঁ অন্ধকাৰ আছিল, তেতিয়া এই দেৱীৰ মুখৰ হাঁহিৰে বিশ্বব্রহ্মাণ্ড সৃষ্টি হৈছিল৷ এৱেঁই সৃষ্টিৰ আদি দেৱী৷ আদ্যাশক্তি মহামায়া ৰূপে জগতত প্রতিষ্ঠিত৷ সেয়ে এওঁৰ নাম ‘কুষ্মাণ্ডা’ হয়৷ সূর্য মণ্ডলত বাস কৰা এই দেৱীৰ প্রভাৱৰ তুলনা অন্য কোনো দেৱ–দেৱীৰ সৈতে কৰিব পৰা নাযায়৷ এওঁৰ শৰীৰৰ জ্যোতি সূর্যৰ দৰে জিলিকি থাকে৷ বাহন সিংহ, অষ্টভুজা৷ বলিৰ ভিতৰত কোমোৰা অতি প্রিয়৷ এইবাবেও এওঁক ‘কুষ্মাণ্ডা’ বুলি কোৱা হয়৷ মনৰ পৱিত্রতা, সুস্থিৰতা বঢ়াই এই দেৱীয়ে ভক্তক আয়ু, বল, যশস্যা আৰু আৰোগ্য প্রদান কৰে৷
মহামায়া দেৱী দুর্গাৰ পঞ্চম ৰূপটোৰ নাম ‘স্কন্ধমাতা’৷ দেৱ সেনাপতি কার্তিকৰ জননী৷ সেইবাবে এওঁৰ নাম ‘স্কন্ধমাতা’ হয়৷ এই দেৱীয়ে ভক্তৰ সর্বকামনা সিদ্ধি কৰে৷ শৰীৰৰ বৰণ শুভ্র৷ পদ্মৰ আসনত বহি থকা বাবে এওঁক পদ্মাসনা বুলিও কয়৷ চতুর্ভুজা৷ কোলাত শিশু পুত্র কার্তিকক লৈ থাকে৷ সোঁহাত দুখনৰ এহাতে পদুম ফুল লৈ, আনখন হাতেৰে ভক্তক বৰ প্রদান কৰে৷ বাঁওহাত দুখনৰো এহাতে পদুম ফুল, আনহাতে শিশু পুত্রক ধৰি থাকে৷ এওঁক পূজা কৰিলে ভগৱান কার্তিকদেৱো তুষ্ট হয়৷ এওঁৰ বাসন সিংহ৷ এই দেৱীয়ে মর্তলোকত পৰম সুখ–শান্তি প্রদান কৰে৷ নৱৰাত্রিৰ পূজাৰ ষষ্ঠ দিনটোত কাত্যায়নী দেৱীৰ পূজা–অর্চনা হয়৷ দেৱীৰ ষষ্ঠ ৰূপটোৰ নামেই কাত্যায়নী৷ ‘কত’ নামৰ এজন ঋষিৰ ‘কাত্য’ নামে এজন পুত্র আছিল৷ এই কাতা বংশতে মহর্ষি কাত্যায়নৰ জন্ম হৈছিল৷ মহর্ষি কাত্যায়নে দেৱী দুর্গাক পুত্রী ৰূপে পাবলৈ বহু বছৰ তপস্যা কৰিছিল৷ তপস্যাত মুগ্ধ হৈ দেৱীয়ে মহর্ষি কাত্যায়নৰ ঘৰত জন্ম লৈছিল৷ সেইবাবে এওঁৰ নাম ‘কাত্যায়নী’ বুলি জনাজাত৷ স্বর্গৰ দেৱতাসকলক মহিষাসুৰৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ ব্রহ্মা, বিষ্ণু, মহেশ্বৰ এই ত্রিশক্তিৰ পৰা দিব্য শক্তি লাভ কৰি এওঁ মহিষাসুৰক বধ কৰে৷ চতুর্ভুজা, সিংহবাহিনী এই দেৱীৰ শৰীৰৰ বৰণ সোণৰ দৰে উজ্জ্বল৷ সোঁহাতখন অভয় মুদ্রাত আৰু আনখন হাতত পদুম ফুল থাকে৷ সাধকে ধর্ম, অর্থ, কাম, মোক্ষ চাৰিওবিধ ফল লাভ কৰে৷ দেৱী দুর্গাৰ সপ্তম শক্তিৰ নাম ‘কালৰাত্রি’৷ এই কালৰাত্রি দেৱী দুষ্ট শক্তিবোৰৰ বিনাশকাৰিণী৷ এওঁক স্মৰণ কৰা মাত্রকে ভূত, প্রেত, দানৱ, দৈত্য আদিয়ে ভয়তে পলায়ন কৰে৷ এওঁৰ শৰীৰৰ বৰণ ঘন অন্ধকাৰ, সম্পূর্ণ ক’লা৷ মূৰত জটা, ডিঙিত বিদ্যুতৰ দৰে উজ্জ্বল মালা৷ ঘূৰণীয়া চকু, ত্রিনেত্রা৷ চকুৰ পৰা উজ্জ্বল পোহৰ বিকিৰণ হৈ থাকে৷ দেৱীৰ বাহন গাধ, চতুর্ভুজা৷ সোঁফালৰ হাত দুখন বৰ মুদ্রা আৰু অভয় মুদ্রাত থাকে৷ বাঁওহাত দুখনত অংকুশ আৰু খড়গ থাকে৷ এওঁৰ দৈহিক গঠন যদিও ভয়লগা, এওঁ ভক্তৰ মংগল সাধনহে কৰে৷
মা আদ্যাশক্তি দেৱী দুর্গাৰ অষ্টম শক্তিৰ নাম হ’ল ‘মহাগৌৰী’৷ গাৰ বৰণ শংখ আৰু কুন্দফুলৰ নিচিনা সম্পূর্ণ গৌৰবর্ণ৷ এওঁ আঠবছৰীয়া কুমাৰী বাবে ‘অষ্টবর্ষা ভবেদ্ গৌৰী বুলিও কোৱা হয়৷ এওঁৰ গাৰ অলংকাৰ, সাজ–পোছাক আদি সকলো বগা৷ বাহন ষাঁড়গৰু৷ চাৰিখন হাত৷ সোঁহাতৰ এখন হাত অভয় মুদ্রাত, আনখন হাতত ত্রিশূল থাকে৷ ভগৱান শিৱক স্বামী ৰূপে পাবলৈ প্রতিজ্ঞা কৰি নিজে কৈছিল– ‘মই কোটি জন্ম লৈ প্রতিজ্ঞা কৰিলোঁ, হয় শিৱক স্বামী ৰূপে গ্রহণ কৰিম, নহ’লে চিৰকুমাৰী হৈ থাকিম৷’ এওঁ মহাশক্তিৰ অধিষ্ঠাত্রী আৰু মহাফলদায়িনী৷ এই দেৱীৰ কৃপাত সাধকসকলে সকলো কার্যতে সিদ্ধি লাভ কৰি পৰম সুখত বাস কৰে৷
দেৱাদিদেৱ মহাদেৱ শিৱই এই সিদ্ধিদাত্রী দেৱীৰ কৃপাত সর্বসিদ্ধি লাভ কৰিব পাৰিছিল৷ শিৱৰ আধা শৰীৰ দেৱীৰ শৰীৰৰ লগত মিলি পৰিছিল দেৱীৰ কৃপাত৷ সেয়ে মহাদেৱ শিৱক ‘অর্ধনাৰীশ্বৰ’ বুলি কোৱা হয়৷ এওঁ চতুর্ভুজা, সিংহবাহিনী৷ সোঁহাতে গদা–চক্র আৰু বাঁওহাতে পদুম ফুল, শংখ ধাৰণ কৰি থাকে৷ এই সিদ্ধিদাত্রী দেৱীয়ে পূর্ণ বিজয় আৰু শান্তি প্রতিষ্ঠা কৰি অপায়–মংগল দূৰ কৰে৷ নৱৰাত্রি পূজাৰ নৱম দিনা এই দেৱীৰ পূজা কৰা হয়৷ এই পূজাই নৱৰাত্রি বা শাৰদীয় দুর্গাপূজাৰ অন্তিম পূজা৷ সাধকৰ সর্ব দুখ মোচন কৰি সিদ্ধি প্রদান কৰে৷ দশমীৰ দিনা অপৰাজিতা পূজাভাগ কৰি দেৱীক মর্তলোকৰ পৰা বিদায় দিয়া হয়৷
এইদৰে পুৰণি কালৰে পৰা শক্তিৰ অধিষ্ঠাত্রী দেৱী দুর্গাৰ পূজা–পার্বণ, সাধনা তথা উৎসৱ আদি গতানুগতিকভাৱে চলি আহিছে৷ সদায় চলি থাকিব৷

You might also like