🔴ৰাজ্য চৰকাৰৰ মুখ্য পৃষ্ঠপোষকতা
🔴মুখ্যমন্ত্রীৰ নেতৃত্বত আলোচনাত সীমাবদ্ধ বিষয়বোৰ সমাধান হৈছে
🔴অসমলৈ শান্তি ঘূৰি আহিছেঃ ডিজিপি জি পি সিং
বিশেষ বাৰ্তা, ২০ অক্টোবৰঃ ‘মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত বিগত দুটা বছৰত আলোচনাত সীমাৱদ্ধ থকা বিষয়বোৰৰো সমাধান হৈছে৷’ ৰাজ্য চৰকাৰৰ গৃহ ৰাজনৈতিক বিভাগ আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ উদ্যোগত আজি পাঞ্জাবাৰী শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ প্রেক্ষাগৃহত আয়োজিত নিষিদ্ধ ঘোষিত সংগঠন এন এল এফ বিৰ সদস্যসকলক আর্থিক সাহায্য বিতৰণ কার্যসূচীত মুখ্য অতিথি হিচাপে অংশ লৈ এনেদৰে মন্তব্য কৰে বিটিআৰৰ মুখ্য কার্যবাহী প্রমোদ বড়োৱে৷ উল্লেখ্য যে বড়ো ভূমিত সন্ত্রাসৰ সৃষ্টি কৰা এনএলএফবি সংগঠনটোৰ নেতা তথা এনডিএফবিৰ দুর্ধর্ষ সন্ত্রাসবাদী বিনোদ মুছাহাৰী ওৰফে বাথা আৰু ভৱেন বসুমতাৰী ওৰফে বি বখোৰ নেতৃত্বত সর্বমুঠ ১৬৪ জন সদস্যই চৰকাৰৰ ওচৰত পর্যায়ক্রমে আত্মসমর্পণ কৰিছিল৷ আত্মসমর্পণেৰে মূল সুঁতিলৈ উভতি অহা সদস্যসকলক আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশমর্মে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ২ লাখ টকাকৈ এককালীন আর্থিক সাহায্য প্রদান কৰা হয়৷ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশ লৈ বি টি আৰৰ মুখ্য কার্যবাহী প্রমোদ বড়োৱে সন্ত্রাসবাদৰ সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে লোৱা পদক্ষেপৰ প্রশংসা কৰে৷ তেওঁ কয় যে ৰাজ্য চৰকাৰৰ অক্লান্ত প্রচেষ্টাৰ বাবেই সশস্ত্র সংগ্রামত জড়িত থকা জনগোষ্ঠীবোৰ মূল সুঁতিলৈ উভতি আহিল৷ বড়োলেণ্ডত ২০২০ত হোৱা চুক্তিৰ পাছতে কেইজনমান ডেকা ল’ৰাই এনএলএফবি নামৰ সংগঠনটো গঠন কৰিছিল৷ কিছুদিন পূর্বে মুখ্যমন্ত্রীৰ নেতৃত্বত তথা অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙৰ প্রচেষ্টাত সংগঠনটোৰ সদস্যসকলক আলোচনালৈ মাতি সমস্যা সমাধান কৰা হ’ল৷ আত্মসমর্পণকাৰী সদস্যসকলক আহ্বান জনাই তেওঁ কয় যে সমাজত অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি পুনৰ অস্ত্র লোৱাৰ সময় এয়া নহয়৷ সমাজৰ সৈতে থাকি বিভিন্ন সামাজিক কাম–কাজত তেওঁলোক জড়িত হ’ব লাগে৷ যোৱা তিনি–চাৰিটা দশকত আমি যিমান পাইছোঁ তাতকৈ অধিক হেৰুৱাইছোঁ৷ সমগ্র বিশ্বই উন্নয়নৰ দিশে আগবঢ়াৰ সময়ত আমাৰ বড়োভূমি অশান্ত হৈ থাকিলে ক্ষতি কেৱল আমাৰহে হ’ব৷ উঠি অহা প্রজন্মই পিছত দোষ আমাকহে দিব৷ উল্লেখ্য যে ২০২০চনৰ ২ অক্টোবৰত এনডিএফবিৰ দুর্ধর্ষ সদস্য বিনোদ মুছাহাৰী ওৰফে বাথা আৰু ভৱেন বসুমতাৰী ওৰফে বি বখোৰ নেতৃত্বত একাংশ সদস্যই মিলি গঠন কৰিছিল এনএলএফবি নামৰ সন্ত্রাসবাদী সংগঠনটো৷ বড়োসকলৰ অধিকাৰ সংৰক্ষণ আৰু সুকীয়া বড়োভূমি গঠন কৰাৰ মূল উদ্দেশ্য আৰু লক্ষ্যক লৈ গঠন হৈছিল এনএলএফবি৷ ২০২১ চনৰ ২২ জুলাইত সংগঠনটোৰ মুখ্য নেতা বিনোদ মুছাহাৰী ওৰফে বাথা আৰু ভৱেন বসুমতাৰী ওৰফে বি বখোই আন ২১জন সদস্যৰ সৈতে অসম চৰকাৰৰ ওচৰত আত্মসমর্পণ কৰাৰ পাছতেই পর্যায়ক্রমে ১৪১জন সদস্যই আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰি মূল সুঁতিলৈ উভতি আহিছিল৷ কিন্তু ইয়াৰ পাছতো সংগঠনটোৰ একাংশ সদস্যই আজিও আত্মসমর্পণৰ পথ বাছি লোৱা নাই৷ মূল সুঁতিলৈ নহা সংগঠনটোৰ সদস্যসকলক অতি শীঘ্রেই জাতিৰ উন্নয়নৰ স্বার্থত আত্মসমর্পণ কৰিবলৈ আহ্বান জনাইছে বিটিআৰৰ মুখ্য কার্যবাহী প্রমোদ বড়োৱে৷ তেওঁ কয় যে ১০ শতাংশ এতিয়াও অহা নাই৷ আমি বিচাৰোঁ তেওঁলোক মূল সুঁতিলৈ আহক৷ বহু আঁচনি তেওঁলোকৰ বাবে আমি লৈছোঁ৷ আজিৰ তাৰিখত ৫০জন ল’ৰাই বন্দুক লৈ পৰিৱেশ বিনষ্ট কৰাৰ বাদে ভাৰত বা অসম আৰক্ষীৰ লগত যুদ্ধ কৰি কিবা কৰিব পাৰিব বুলি মই নাভাৱোঁ৷ সেইবাবে তেওঁলোক মূল সুঁতিলৈ আহিব লাগে৷ অনুষ্ঠানটোত অংশ লৈ অসম আৰক্ষীৰ সঞ্চালকপ্রধান জ্ঞানেন্দ্র প্রতাপ সিঙে এতিয়াও মূল সুঁতিলৈ উভতি নহা এনএলএফবিৰ সদস্যসকলৰ সন্দর্ভত বিশ্লেষণ কৰাৰ বাবে বিটিআৰৰ ৫খন জিলাৰ আৰক্ষী অধীক্ষকসকলক নির্দেশ দিয়ে৷ তেওঁ কয় যে কিহৰ বাবে তেওঁলোক অহা নাই, আমি ইয়াৰ কাৰণ বিশ্লেষন কৰি আছোঁ৷ চৰকাৰে দিয়া সা সুবিধাতকৈ তেওঁলোকে কিবা বেলেগ বিচাৰিছে নে তেওঁলোকৰ মনত কিবা আক্ষেপ আছে সেয়া বিচাৰ কৰাৰ বাবে নির্দেশ দিয়া হৈছে৷ অসমত এতিয় শান্তিৰ পৰিৱেশ আহিছে৷ কাৰো ব্লেকমেইলিঙত আমি অত্মসমর্পণ নকৰাও৷ এইক্ষেত্রত মুখ্যমন্ত্রী আৰু কেন্দ্রীয় গৃহমন্ত্রীয়েও স্পষ্ট নির্দেশ দিছে৷ কোনো কাৰণতে সন্ত্রাসবাদ, অসামাজিক কার্যকলাপ আৰু অপৰাধ অসমত হ’ব নিদিওঁ৷ ইপিনে মূল সুঁতিলৈ উভতি অহাৰ পিছত উক্ত সদস্যসকলকৰ বিৰুদ্ধে থকা গোচৰসমূহ প্রত্যাহাৰ কৰা সন্দর্ভত সাংবাদিকে সোধা প্রশ্ণত ডিজিপি জিপি সিঙে কয় যে ক্ষমাযোগ্য অপৰাধৰ গোচৰ বিলাক ইতিমধ্যে অধিকাংশই প্রত্যাহাৰ কৰা হৈছে৷ আনহাতে জঘন্য অপৰাধৰ গোচৰখিনিৰ ভিতৰত যিখিনি সামাজিকভাৱে কোনোধৰণৰ অসুবিধা নহয়, অথবা সমাজৰ হানি নহয়, সেইবিলাকো প্রত্যাহাৰ কৰাৰ ক্ষেত্রত মই আছোঁ৷ ইতিমধ্যে মোৰ সমস্ত কথা কেন্দ্রীয় গৃহমন্ত্রালয়ক অৱগত কৰিছোঁ৷ তেওঁ কয় যে কিছুসংখ্যক সদস্যৰ বিৰুদ্ধে চিবিআই আৰু নিয়াৰ কেতবোৰ গোচৰ আছে৷ সেইবোৰ প্রত্যাহাৰৰ বাবে কেন্দ্রীয় চৰকাৰৰ অনুমতিৰ প্রয়োজন হ’ব৷ সেইখিনিও আমি আলোচনা কৰি আছোঁ৷ তদুপৰি অসমৰ বাহিৰৰ বিশেষকৈ অৰুণাচল প্রদেশতো উক্ত কেদাৰসকলৰ কিছুসংখ্যকৰ বিৰুদ্ধে কিছুমান গোচৰ বর্তমানেও ৰুজু হৈ আছে৷ আমাৰ মুখ্যমন্ত্রীয়ে অৰুণাচল প্রদেশৰ মুখ্যমন্ত্রীৰ লগত এই সন্দর্ভত কথা পাতি আছে৷ সেইখিনিও অতি শীঘ্রে প্রত্যাহাৰ হ’ব বুলি মই আশা ৰাখিছোঁ৷ অহা ছমাহৰ ভিতৰত অকল এন ডি এফ বি বা এনএলএফবিয়ে নহয়, প্রায়খিনি সংগঠনৰে গোচৰ প্রত্যাহাৰ হ’ব বুলি আশা ৰাখিছোঁ৷ লক্ষণীয় যে আত্মসমর্পণ কৰি মূল সুঁতিলৈ উভতি অহা এনএলএফবিৰ সদস্যসকলে ৪৫টা মাৰণাস্ত্র যাৰ ভিতৰত ২২টা এ কে ছিৰিজৰ ৰাইফল, ১৩৩৩ জাঁই গুলী আৰু ১৬টা গ্রেনেড অসম আৰক্ষীৰ হাতত জমা দিছিল৷ ইয়াৰ পিছতো আন অস্ত্র তেওঁলোকৰ হাতত আছে নে নাই, এই সন্দর্ভত কি ধৰণে তদন্ত আগবঢ়াই নিয়া হ’ব সেয়া সোধাত ডিজিপি সিঙে কয় যে যোৱা তিনি বছৰৰ ভিতৰত প্রায় ১৫০০টা অস্ত্র উদ্ধাৰ হৈছে৷ ইয়াৰ ভিতৰত ৫০শতাংশই স্বংয়ক্রিয় অস্ত্র আছে৷ ডাঙৰ অস্ত্র ক’ৰবাত লুকাই থকা বুলি মই নাভাৱো৷ আজিৰ তাৰিখত অস্ত্রৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানক হৈ মই আশ্বস্ত৷ অনুষ্ঠানটোত অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান হীৰেন চন্দ্র নাথে আদৰণি ভাষণ আগবঢ়োৱাৰ লগতে অতিৰিক্ত মুখ্যসচিব ড০ ৰবি কোটা প্রমুখ্যে অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল৷
আলফা (স্বাধীন) সন্দর্ভত ডিজিপিৰ গুৰুত্বপূর্ণ মন্তব্য
ৰাজ্যৰ বিভিন্ন প্রান্তৰ সন্ত্রাসবাদী সংগঠনসমূহে আত্মসমর্পণেৰে মূল সুঁতিলৈ প্রত্যাৱর্তন কৰি ৰাজ্যৰ উন্নয়নমূলক কামৰ অংশীদাৰ হোৱাৰ সময়তে এতিয়াও মূল সূঁতিলৈ অহা নাই সন্ত্রাসবাদী কার্যকলাপেৰে এসময়ত অসম তথা উত্তৰ পূর্বাঞ্চলক অগ্ণিগর্ভা কৰি তোলা নিষিদ্ধ ঘোষিত সশস্ত্র সংগঠন আলফা (স্বাধীন)৷ আলফা (স্বাঃ) আৰু চৰকাৰৰ বহুচর্চিত আলোচনা সন্দর্ভত বিভিন্ন মন্তব্য সংবাদ মাধ্যমত প্রকাশ পোৱাৰ সময়তে আজি অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙে আলফা (স্বাঃ)ৰ আলোচনা চূড়ান্ত পর্যায়ত আছে বুলি মন্তব্য কৰে৷ বহুচর্চিত এই আলোচনা সমাপ্ত হোৱাৰ লগতে খুব সোনকালে চুক্তিও স্বাক্ষৰ হ’ব বুলি তেওঁ লগতে কয়৷