ভিন্ন ধর্মাৱলম্বী লোকৰ দেশ ভাৰতত বছৰৰ ভিন্ন সময়ত ভিন্ন উৎসৱ–নুষ্ঠান আয়োজন কৰা হয়৷ কিন্তু প্রকৃতিৰ ওপৰত এই উৎসৱসমূহৰ প্রভাৱ অতিকৈ ভয়াৱহ৷ বিশেষকৈ পূজাৰ প্রতিমা নদীত বিসর্জনৰ পৰম্পৰাই জল প্রদূষণত অৰিহণা যোগায়৷ ইতিমধ্যে দুর্গাপূজাৰ প্রতিমা ষষ্ঠীৰ বেদীত স্থাপন কৰা হ’ল৷ পূজাৰ উপকৰণ ৰূপে বৃহৎ পৰিমাণৰ ফুল, পাত, ঘি, প্লাষ্টিক আৰু এলুমিনিয়াম ফয়েল ব্যৱহাৰ কৰা হয় আৰু পূজাৰ শেষত প্রতিমাৰ লগতে পানীত পেলাই দিয়া হয়৷ পৰিৱেশবিদসকলে শংকা প্রকাশ কৰি আহিছে যে ধর্মীয় নিয়ম–নীতিয়ে অভাৱনীয়ভাৱে জল প্রদূষণ কৰে৷ ২০১৪ চনৰ গৱেষণামূলক অধ্যয়নত দেখা গৈছে যে মূর্তিত ৰং কৰিবলৈ ব্যৱহাৰ কৰা ৰংবোৰত বিভিন্ন গধুৰ ধাতু থাকে আৰু কিছুমান ৰঙত শক্তিশালী কার্চিনোজেন থাকে৷ উগ্র ৰং আৰু উজ্জ্বল প্রতিমাসমূহত ব্যৱহাৰ কৰা ৰং অতি বিষাক্ত৷ পচি যোৱা মূর্তিবোৰে নদী আৰু হ্রদত নির্গত কৰা ভাসমান পদার্থই জল পৰিৱেশতন্ত্রৰ ক্ষতিসাধন কৰে আৰু পানীৰ প্রাকৃতিক প্রৱাহ বন্ধ কৰি স্থবিৰতাৰ সৃষ্টি কৰে৷ ইয়াৰ ফলত সামুদ্রিক পৰিৱেশতন্ত্র আৰু এই পানীৰ উৎসসমূহৰ ওপৰত নির্ভৰশীল লোকসকলৰ জীৱিকাৰ ওপৰত বিৰূপ প্রভাৱ পেলায়৷ প্রতিমাসমূহৰ প্রভাৱ পানীৰ ওপৰত ১০০ বছৰলৈকে থাকে৷ বিষাক্ত দ্রব্যসমূহ পানীত সহজে মিহলি নহয় ,বৰঞ্চ এটা পানীৰ উৎসৰ পৰা আন এটালৈ বিয়পি পৰে৷ পানীত বিয়পি পৰা বিষাক্ত পদার্থসমূহে মানুহৰো ছালৰ ভয়ংকৰ ৰোগ সৃষ্টি কৰে৷ তদুপৰি প্রতিমাৰ সৌন্দর্য বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা ধাতুৰ অলংকাৰ আৰু পেলনীয়া ফুলৰো ভয়াৱহ প্রভাৱ পানীত পৰে৷ ব্যৱসায় ভিত্তিত উৎপাদন কৰা ফুলবোৰত অত্যধিক পৰিমাণে সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা হয়, যাৰ ফলত পানীত অক্সিজেনৰ পৰিমাণ কমি গৈ জলজ উদ্ভিদ আৰু পানীৰ বিনাশৰ কাৰণ হৈ পৰে৷ জনসংখ্যা বৃদ্ধিৰ লগে লগে দুর্গাপূজা উৎসৱৰ পৰিসৰ বৃদ্ধি পাইছে৷ সমান্তৰালভাৱে অন্যান্য সৰু সৰু উৎসৱসমূহো ব্যাপকভাৱে বৃদ্ধি পোৱাৰ ফলত লগে লগে মূর্তিৰ সংখ্যা বৃদ্ধি পাই আহিছে৷ ফলত নদীসমূহত এলুমিনিয়াম ফয়েল, প্লাষ্টিক, পলিমাৰ, থার্মোকলৰ দৰে সজ্জাগত সামগ্রীয়ে প্রদূষণ বৃদ্ধি কৰিছে৷
কলকাতাৰ এগৰাকী পৰিৱেশবিদে প্রতিমা বিসর্জনৰ এক সুন্দৰ বিকল্প আগবঢ়াইছে৷ তেওঁ আগবঢ়োৱা বিকল্পটো হ’ল ‘ভূমি শোধন’৷ এই প্রক্রিয়াত যিটো হৈছে মূর্তিবোৰৰ ওপৰত প্রথমে পানী ছটিয়াই গুৰুত্বপূর্ণ জলভাগৰ পৰিৱর্তে ব্যৱহাৰ নকৰি বিকল্প স্থানত জ্বলাই পেলোৱাৰ পৰামর্শ দিছে৷ তদুপৰি ঘৰতে কৃত্রিম পুখুৰী খান্দি অথবা বাল্টিত সৰু প্রতিমা বিসর্জনৰ নিয়ম কৰাৰ পৰামর্শ আগবঢ়াইছে৷ তেওঁৰ মতে, এনে কৰি সুদে–মূলে পৃথিৱীৰ ধাৰ পৰিশোধ কৰা হ’ব৷ ২০২০ চনত কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ ব’র্ডে প্রতিমা বিসর্জন সন্দর্ভত সংশোধিত নির্দেশনা আগবঢ়ায়৷ শেহতীয়াকৈ মানুহৰ মাজত সজাগতা বৃদ্ধি পাইছে৷ প্রকৃতি অনুকূল সামগ্রী ব্যৱহাৰ কৰি বহুতে প্রতিমা নির্মাণ কৰিছে৷ বালি,বাতৰিকাকত, মাটি, কুঁহিয়াৰ আদি এনে সামগ্রী, যিবোৰ পানীত সহজে মিহলি হৈ যায়৷ প্রতিমা ৰং কৰোঁতে প্রাকৃতিক ৰঙৰ ব্যৱহাৰ কৰা উচিত৷ শুকান ফুলৰ গুড়ি বা তেনে সহজে মাটি–পানীত মিলি যোৱা সামগ্রী ব্যৱহাৰ কৰা উচিত৷ তদুপৰি কৃত্রিম পুখুৰী ব্যৱহাৰ কৰি প্রতিমা বিসর্জন কৰিলে নদীৰ দৰে বৃহৎ জলধাৰা প্রদূষণৰ কবলৰ পৰা ৰক্ষা পৰিব৷ ব্যস্ততাৰ অজুহাতত আজিৰ মানুহ বহু দিনলৈকে পৰিয়াল–পৰিজনৰ পৰা আঁতৰি থাকিবলগীয়া হয়৷ উৎসৱবোৰে আপোনজনৰ লগত কিছুসময় পাৰ কৰাৰ সুযোগ প্রদান কৰে৷ জলবায়ু পৰিৱর্তনকে ধৰি নানা সমস্যাই আহুকালত পেলোৱা মানুহে প্রদূষণৰ মাত্রা কমাবলৈ কিছু পৰিৱর্তনক আঁকোৱালি লোৱা প্রয়োজন৷ এনে ক্ষেত্রত বহু পৰিয়ালে ঘৰতে পাত্র ব্যৱহাৰ কৰি মূর্তি বিসর্জন কৰিব পাৰে৷ আমেৰিকাৰ দৰে কিছুমান পশ্চিমীয়া দেশত কোনো জলভাগত মূর্তি বিসর্জন দিবলৈ দিয়া নহয়৷ গতিকে, এবাৰ মূর্তি এটা ক্রয় কৰিলে প্রতিবছৰে ৰীতি–নীতি আৰু অনুষ্ঠানৰ বাবে কমেও ১০–১২ বছৰ ব্যৱহাৰ কৰা হয় অথবা যিমান দিনলৈকে নষ্ট নোহোৱাকৈ থাকে৷ এইটো সত্য যে উৎসৱ উদ্যাপন প্রতিটো সংস্কৃতিৰ এটা অংশ, কিন্তু ইয়াৰ লগতে সদায় প্রকৃতিৰ প্রতি দায়বদ্ধ হৈ থাকিব লাগিব৷