শাৰদীয় দুর্গাপূজাৰ দীর্ঘদিনীয়া উৎসৱ আৰু আনন্দৰ শেষত বিজয়া দশমীয়ে একধৰণৰ বিষাদৰ ভাব বহন কৰি আনে৷ কিন্তু এই বিষাদৰ ভাবে পূজাৰ মাজতেই অসমবাসীক স্পর্শ কৰি গ’ল৷ জনপ্রিয় লেখক প্রফুল্ল কুমাৰ দত্ত, কেইবা দশক ধৰি অসমৰ নাট–সংগীতপ্রেমীক সন্তুষ্ট কৰি অহা গীতিকাৰ–সুৰকাৰ–ক দশৰথ দাস, পৰিৱেশ্য কলাৰ পণ্ডিত আৰু পূজাৰী ড০ বীৰেন্দ্র নাথ দত্ত আৰু সাংস্কৃতিক সাংবাদিক অৰুণলোচন দাস– এই আটাইকেইজনেই পূজাৰ আনন্দৰ মাজত সকলোৰে মাজৰ পৰা আঁতৰি গ’ল৷ এই চাৰিওগৰাকী ব্যক্তিৰ প্রতিভাৰ স্তৰ পৃথক আছিল, অৱদানৰ ধৰণো আছিল পৃথক৷ কিন্তু চাৰিওগৰাকীৰ মাজত একধৰণৰ সাদৃশ্য বিচাৰি পোৱা যায় আৰু সেই সাদৃশ্য হ’ল– এই আটাইকেইগৰাকী ব্যক্তিৰ সৃষ্টিকর্মই সর্বসাধাৰণ লোকক সহজভাৱে স্পর্শ কৰি আছিল আৰু সেইবাবেই এই বিদায়ৰ বিষাদ গভীৰভাৱে বিয়পি পৰিছে৷ ড০ বীৰেন্দ্র নাথ দত্তৰ গৱেষণামূলক ৰচনাৰাজিৰ অধিকাংশই গৱেষক–পণ্ডিতসক বাবে ৰচিত, সেই ৰচনাবোৰে সকলো পাঠককে স্পর্শ কৰিব নোৱাৰে৷ কিন্তু তেওঁৰ গীতবোৰ কথা আৰু সুৰ কলাৰ বিচাৰত আছিল অতি উচ্চখাপৰ৷ কিন্তু সেইবোৰত থকা সৰলতা আৰু নির্ভেজাল আন্তৰিকতাই গীতবোৰক সর্বসাধাৰণ লোকে হূদয়ৰ ওচৰত ঠাই দিছিল৷ বাকী তিনিওগৰাকীৰ সৃষ্টি সর্বসাধাৰণ পাঠক–দর্শকৰ বাবেই উদ্দেশ্য কৰা হৈছিল আৰু এই আদর্শতেই তিনিওগৰাকীয়ে নিজৰ সৃষ্টিশীল কাম আগবঢ়াই নি আছিল আৰু বিভিন্ন ধৰণে স্বীকৃতিও লাভ কৰিছিল৷ সমাজলৈ বৰঙণি যোগাই অহা এই লোকসকলৰ সৃষ্টিৰাজি সংৰক্ষণ কৰি ৰাখিবলৈ চৰকাৰৰ আঁচনি থকা দৰকাৰ৷ দুই–একোগৰাকী শিল্পী–সাহিত্যিকৰ সৃষ্টিৰাজিক লৈ চৰকাৰে কেতিয়াবা কিবাকিবি কাম কৰা দেখা যায়, কিন্তু এনেকুৱা সাময়িকভাৱে কৰা কামে এটা ধাৰণা দিয়ে যে এই বিষয়ত চৰকাৰৰ একো স্থিৰ আঁচনি নাই৷ জীৱিত কালত স্রষ্টা একোগৰাকীয়ে নিজৰ সৃষ্টিৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব পালন কৰে৷ কিন্তু মৃত্যুৰ পিছত সেইখিনি সমাজৰ সম্পদ হিচাপে ব্যৱহাৰযোগ্য কৰি ৰখাটো কল্যাণকামী চৰকাৰ এখনৰ দায়িত্ব হোৱা উচিত৷ সাংস্কৃতিক কাম–কাজৰ বাবে চৰকাৰৰ কেইবাটিও বিভাগ আদি আছে৷ এই বিভাগবোৰেই এনে সংৰক্ষণৰ কামৰ কথা ভাবিব পাৰে আৰু ভবাটো উচিত৷
এই বিষাদৰ মাজতো অসমীয়া সংস্কৃতি জগতৰ বাবে এটা ভাল খবৰ আহিল৷ এই বছৰৰ ইণ্ডিয়ান পেন’ৰামাৰ বাবে নির্বাচিত হোৱা ছবিবোৰৰ মাজত আছে কার্বি ভাষাৰ এখন কাহিনী চিত্র আৰু তিনিখন অকাহিনী চিত্র৷ আৰু এখন আছে অসমীয়া শিল্পীয়ে নির্মাণ কৰা মিজো ভাষাৰ অকাহিনী ছবি৷ সামগ্রিকভাৱে ছবিখন আশাপ্রদ৷ কাৰণ ইণ্ডিয়ান পেন’ৰামাৰ ছবি নির্বাচন সর্বভাৰতীয় পর্যায়ত হয়, ছবিৰ কলাগত মানক ইয়াত প্রথম গুৰুত্বত ৰখা হয় আৰু ৰাষ্ট্রীয় বঁটাত থকাৰ দৰে ভাষাভিত্তিক নির্বাচন ইয়াত নহয়৷ সেই কাৰণতেই ইণ্ডিয়ান পেন’ৰামালৈ নির্বাচিত ছবিয়ে সমগ্র ভাৰততে এক বিশেষ সম্ভ্রম লাভ কৰে৷ এই দিশৰ পৰা চালে অসমীয়া অকাহিনী ছবিৰ জগতখনে অসমলৈ সন্মান কঢ়িয়াই আনিছে যদিও অসমত অকাহিনী চিত্রক বিশেষ গুৰুত্ব দিয়া নহয়৷ ৰাজ্যিক চলচ্চিত্র বঁটাতো অকাহিনী চিত্রৰ বাবে বঁটা তেনেই কম, সংবাদ মাধ্যমেও অকাহিনী চিত্রক বিশেষ গুৰুত্ব নিদিয়ে৷ কেইটিমান সংগঠনে আয়োজন কৰা চুটি ছবিৰ প্রতিযোগিতাই কিছুসংখ্যক অকাহিনী ছবিক উৎসাহ যোগান ধৰে৷ ইয়াৰ বিপৰীতে পূর্ণদৈর্ঘ্যৰ কাহিনী চিত্রৰ ক্ষেত্রত পৃষ্ঠপোষকতা কৰাৰ ক্ষেত্রত সকলোৰে উৎসাহ দেখা যায়৷ যোৱা কেইটিমান মাহত অসমীয়া ছবিয়ে ভাল ব্যৱসায় কৰিছে, প্রচুৰ ছবি নির্মাণ হৈছে, বহু ছবিয়ে মুক্তিলাভ কৰিছে আনকি শেহতীয়াভাৱে চৰকাৰেও পূর্ণদৈর্ঘ্যৰ চিনেমা নির্মাণলৈ আগবাঢ়িছে৷ এই আশাপ্রদ অৱস্থাৰ মাজত অসমীয়া ছবিয়ে কলাগত দিশত সর্বভাৰতীয় পর্যায়ত সফলতা প্রদর্শন কৰিব নোৱৰাটো উৎসাহজনক কথা নহয়৷ অসমীয়া ছবিৰ কলা–কুশলীসকলে এই দিশটোৰ কথা চিন্তা কৰাটো প্রয়োজনীয়৷ বহুসংখ্যক দর্শকে দক্ষিণ ভাৰতীয় ছবিৰ নিচিনাকৈ নির্মাণ কৰা সাধাৰণ মানৰ ছবিকো যেতিয়া সুন্দৰ অসমীয়া ছবি হিচাপে প্রশংসা কৰি থাকে, তেনে পৰিৱেশত ছবি নির্মাতাসকলো কিছু পৰিমাণে হ’লেও প্রভাৱিত হোৱা স্বাভাৱিক৷