নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওড়িশাত আহত পিতৃক বচাবলৈ কন্যাৰ মৰণপণ চেষ্টা

বিশেষ বাৰ্তা, ২৮ অক্টোবৰঃ ওড়িশাৰ ভদ্ৰক জিলাৰ পৰা এক অতি চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে, য’ত এগৰাকী ১৪ বছৰীয়া কিশোৰীয়ে ৩৫ কিলোমিটাৰ ট্ৰলী ৰিক্সা চলাই আঘাতপ্ৰাপ্ত পিতৃক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যায়। ২২ অক্টোবৰত হোৱা কাজিয়াত তেওঁৰ পিতৃ শম্ভুনাথ গুৰুতৰভাৱে আহত হৈছিল। ২৩ অক্টোবৰত কিশোৰীগৰাকীয়ে পিতৃক ট্ৰলীত লৈ যোৱা দেখি স্থানীয় একাংশ লোক আৰু সাংবাদিকে বিষয়টো পোহৰলৈ আনে। টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি, নাডিগান গাঁৱৰ বাসিন্দা কিশোৰীগৰাকীয়ে প্ৰথমে আঘাতপ্ৰাপ্ত পিতৃক ধমনগৰ চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ যায়। গাঁৱৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ দূৰত্বত আছিল এই চিকিৎসালয়খন। ইয়াৰ পিছত পিতৃৰ অৱস্থা দেখি ধমনগৰ চিকিৎসালয়ৰ চিকিৎসকে তেওঁক ভদ্ৰক জিলা মুখ্য কাৰ্যালয় চিকিৎসালয় (DHHB)লৈ প্ৰেৰণ কৰে। ধন আৰু সম্পদ দুয়োটাৰে অভাৱত ছোৱালীজনীয়ে পিতৃক চিকিৎসা কৰিবলৈ দৃঢ় সংকল্প লৈ ট্ৰলীত উঠি দেউতাকক জিলা চিকিৎসালয়লৈ লৈ যায়। জিলা চিকিৎসালয়ৰ পৰা পিতৃক ট্ৰলীত উঠাই ঘৰলৈ উভতি আহোঁতে মানুহে ছোৱালীজনীক দেখিছিল। এই সময়ছোৱাত ছোৱালীজনীক সোধাত তাই ক’লে যে ভদ্ৰক ডি এইচ এইচৰ চিকিৎসকে এসপ্তাহৰ পাছত দেউতাকক অপাৰেচনৰ বাবে আনিবলৈ পৰামৰ্শ দিছিল। ঘৰলৈ ঘূৰাই অনাৰ কোনো উপায় নাছিল বা আনকি এম্বুলেন্সলৈ মাতিবলৈ মোবাইলো নাছিল। সেয়ে ট্ৰলী ব্যৱহাৰ কৰি দেউতাকক চিকিৎসালয়লৈ লৈ যায়। ভদ্ৰকৰ বিধায়ক সঞ্জীব মল্লিক আৰু ধমনগৰৰ প্ৰাক্তন বিধায়ক ৰাজেন্দ্ৰ দাসে এই সমগ্ৰ বিষয়টো জানিবলৈ পাই লগে লগে ছোৱালীজনীৰ কাষ পালে আৰু প্ৰয়োজনীয় সকলো সহায় আগবঢ়ালে। ভদ্ৰকৰ চিডিএমঅ’ শান্তনু পাত্ৰেও এই কথা নিশ্চিত কৰিছে। ছোৱালীজনীৰ এই প্ৰচেষ্টা দেখি স্থানীয় বিষয়া-কৰ্মচাৰী আৰু সমাজৰ অন্যান্য লোকেও পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহিছে।

#নিয়মীয়া বাৰ্তা ডিজিটেল ডেক্স

You might also like