ডিজিটেল ডেস্ক, ৭ জুন : পুনৰ বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ দাম । সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন শোধাই তিনি মাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ দাম।
এইবাৰ প্ৰতিটো ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে ২৯ টকাকৈ । আজিৰে পৰা (৭ জুন) ঘৰুৱা এলপিজি (LPG) চিলিণ্ডাৰৰ মূল্য প্ৰতিটো চিলিণ্ডাৰত ২৯ টকাকৈ বৃদ্ধি কৰা হৈছে। বিগত তিনি মাহৰ ভিতৰত এয়া দ্বিতীয়বাৰৰ বাবে দামবৃদ্ধি। ইয়াৰ পূৰ্বে পশ্চিম এছিয়াৰ সংঘাতৰ মাজতে ৭ মাৰ্চত ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ দাম ৬০ টকাকৈ বৃদ্ধি কৰা হৈছিল।
নতুন মূল্য অনুসৰি, গুৱাহাটীত ১৪.২ কিলোগ্ৰাম ওজনৰ এটা ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ দাম এতিয়া ৯৯১ টকা হৈছে, যি পূৰ্বৰ ৯৬২ টকাৰ তুলনাত ২৯ টকা অধিক। আজিৰ দামবৃদ্ধিৰ পিছত অসমৰ ভিতৰত ডিব্ৰুগড় জিলাত ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্য সৰ্বনিম্ন থাকিব। তাত ১৪.২ কিলোগ্ৰামৰ এটা চিলিণ্ডাৰ ৯৪১ টকাত উপলব্ধ হ’ব।
আনহাতে, দামবৃদ্ধিৰ ফলত অসমৰ বহু জিলাত এলপিজি চিলিণ্ডাৰৰ দাম ১,০০০ টকাৰ সীমা অতিক্ৰম কৰিছে। সৰ্বাধিক দামবৃদ্ধিৰ বোজা অনুভৱ কৰিব ডিমা হাছাও জিলাৰ গ্ৰাহকসকলে। তাত প্ৰতিটো ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ বাবে ১,১০০.৫০ টকা ব্যয় কৰিব লাগিব। ইয়াৰ পিছতে আছে কাছাৰ জিলা, য’ত এটা ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য ১,০৭৬.৫০ টকা নিৰ্ধাৰণ কৰা হৈছে। হাইলাকান্দি জিলাত ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্য হ’ব ১,০৮৫ টকা।