নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডোকলাম দখলৰ ব্লু–প্রিণ্ট চূড়ান্ত চীনৰ

🔹 ‘চিকেনছ নেক’ত কৌশলগত অৱস্থানৰ দুৰভিসন্ধি বেইজিঙৰ

🔹 পেণ্টাগনৰ প্রতিবেদনত ডোকলামৰ ভূগর্ভত চীনা বাহিনীৰ সমৰসজ্জাৰ তথ্য

বিশেষ বাৰ্তা, ২৯ অক্টোবৰ : ‘চিকেনছ নেক’ক লৈ ৰঙা চীনৰ দুৰভিসন্ধি দিনকদিনে অধিক প্রকট হৈ পৰিছে৷ বাংলাদেশত এটাৰ পিছত আন এটা প্রকল্পত বিনিয়োগ কৰি দেশখনত ইতিমধ্যে প্রভাৱ বিস্তাৰ কৰা চীনে এতিয়া ভূটানকো গ্রাস কৰিবলৈ উঠি-পৰি লাগিছে৷ লক্ষ্য এটাই– ‘চিকেনছ নেক’ হিচাপে পৰিচিত শিলিগুৰি কৰিড’ৰৰ ওপৰত কৌশলগত অৱস্থান ল’বলৈ ভূটানৰ ডোকলাম মালভূমি দখল কৰা৷ ইয়াৰ বাবে ভূটানৰ সৈতে সীমা পুনৰ নির্ধাৰণৰ বাবে চীনে শেহতীয়াকৈ ব্লু–প্রিণ্ট চূড়ান্ত কৰিছে৷ উল্লেখ্য যে ভাৰতৰ উত্তৰ–পূর্বাঞ্চলক মূল ভূ–খণ্ডৰ সৈতে সংযোগ কৰা শিলিগুৰি কৰিড’ৰৰ পৰা মাত্র ৮০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ভূটানৰ ডোকলামৰ ওপৰত ১৯৮৪ চনৰ পৰাই চীনে নিজৰ অধিকাৰ দাবী কৰি আহিছে৷ কাৰণ চীনৰ মূল দৃষ্টি অৰুণাচল প্রদেশকে ধৰি উত্তৰ–পূর্বাঞ্চল৷ ডোকলাম দখল কৰিব পাৰিলে মাত্র ৩২ কিলোমিটাৰ ব্যাপ্ত শিলিগুৰি কৰিড’ৰতো অস্থিৰতা বিয়পাব পাৰিব চীনে৷ এই ব্লু–প্রিণ্ট বাস্তৱায়িত কৰাৰ উদ্দেশ্যে ভাৰত সংলগ্ণ ভূটানৰ পশ্চিম প্রান্তত থকা ডোকলামৰ বিনিময়ত ভূটানৰ পূব সীমান্তত সম্প্রতি চীনৰ দখলত থকা জাকাৰলুং আৰু পাছামলুং এলেকা দুটা ড্রেগনৰ দেশখনে ভূটানক এৰি দিয়াৰ প্রস্তাৱ দিছে৷ ইয়াৰ বাবে ১৯৮৪ চনৰ পৰাই চীনে ভূটানৰ সৈতে আলোচনা চলাই আহিছে৷ লক্ষণীয় যে ভূটানৰ লগত চীনৰ কোনো কূটনৈতিক সম্পর্ক নাই৷ দুয়ো দেশৰে নাই কোনো দূতাৱাসো৷ ১৯৮৪ চনৰ পৰা ২০১৬ চনলৈকে সীমা হস্তান্তৰ চুক্তিক লৈ দুয়োখন দেশৰ মাজত ২৪বাৰ বৈঠক অনুষ্ঠিত হৈছিল৷ ইয়াৰ পিছতে আহিছিল ২০১৭ চনৰ বহুচর্চিত চীন–ভাৰতৰ ৭০দিনীয়া ডোকলাম অচলাৱস্থা৷ অৱশেষত সাত বছৰৰ মূৰত চলিত বছৰৰ ২৩ আগষ্টত চীন আৰু ভূটানৰ মাজত সীমা হস্তান্তৰৰ ২৫সংখ্যক বৈঠক অনুষ্ঠিত হয়৷ সম্পাদিত হয় সীমা পুনৰ নির্ধাৰণ সম্পর্কীয় যুটীয়া কাৰিকৰী গোটৰ এক সমন্বয় চুক্তিও৷ বেইজিঙত সম্পাদিত উক্ত বুজাবুজি চুক্তিৰ পিছত চলিত সপ্তাহত প্রথমবাৰৰ বাবে ভূটানৰ প্রতিনিধি হিচাপে দেশখনৰ বিদেশমন্ত্রী তাণ্ডি দর্জিৰ চীন ভ্রমণ বিশেষ তাৎপর্যপূর্ণ৷ ইয়াৰ পাছতে ভূটানৰ প্রধানমন্ত্রী ড০ লোটে ছেৰিঙে ভাৰতৰ এটা সংবাদ প্রতিষ্ঠানক দিয়া সাক্ষাৎকাৰত স্পষ্টকৈ জনাই দিয়ে যে শীঘ্রে চীন আৰু ভূটানৰ মাজত ভূমি হস্তান্তৰৰ চুক্তি সম্পাদিত হ’ব৷ ২০২৪ চনত দেশখনৰ সাধাৰণ নির্বাচনৰ পূর্বেই এই চুক্তি সম্পাদিত হ’ব বুলি ড০ ছেৰিঙে জানিবলৈ দিয়ে৷ চুক্তি সম্পাদন কৰাৰ পূর্বে ভাৰতৰ স্বার্থ সুনিশ্চিত ৰখাৰ চেষ্টা চলাই থকা হৈছে বুলি ভূটানৰ প্রধানমন্ত্রীগৰাকীয়ে প্রকাশ কৰিছে যদিও ডোকলাম অবিহনে বেইজিঙে যে কোনো চুক্তি স্বাক্ষৰ নকৰে, সেয়া নতুন দিল্লীয়েও ভালদৰে উপলব্ধি কৰিব পাৰিছে৷ সেয়ে ডোকলাম আৰু শিলিগুৰি কৰিড’ৰক লৈ যথেষ্ট দুশ্চিন্তাত আছে ভাৰত৷ ডোকলাম ভূটানৰ অবিচ্ছেদ্য অংগ হিচাপে থাকক সেয়া ভাৰতেও কামনা কৰে৷ কাৰণ কৌশলগত তথা সামৰিক দৃষ্টিকোণৰ পৰা ডোকলাম হৈছে অত্যন্ত গুৰুত্বপূর্ণ তথা সংবেদনশীল অঞ্চল৷ ডোকলাম ভূটানৰ অধীনত থাকিলে উত্তৰ–পূব সংযোগী শিলিগুৰি কৰিড’ৰক লৈ নতুন দিল্লীৰ মূৰৰ কামোৰণিৰ কোনো কাৰণ নাথাকে৷ কিন্তু ভূটানক যিদৰে হেঁচা প্রদান কৰি ডোকলাম নিজৰ দখলত আনিব বিচাৰিছে, তাৰ পৰাই উমান পোৱা যায় যে চীনৰ আচল অভিসন্ধি কি৷ ভাৰতৰ বাবে আন এক উদ্বিগ্ণতাৰ কাৰণ হৈছে চীনে ভূটানৰ সৈতে পূর্ণাংগ কূটনৈতিক সম্পর্ক স্থাপন কৰাৰ বাবেও থিম্ফুক হেঁচা প্রদান কৰি আছে৷ এই কথা দেশখনৰ প্রধানমন্ত্রীয়েও স্বীকাৰ কৰিছে৷ চীনে থিম্ফুত দেশখনৰ দূতাৱাস স্থাপন কৰিব বিচাৰিছে৷ পিছে ভূটানৰ দৰে অত্যন্ত সৰু চুবুৰীয়া এখন ৰাষ্ট্রত চীনৰ উপস্থিতি মুঠেই কামনা কৰা নাই ভাৰতে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে বিভিন্ন অজুহাতত চীনে ইতিমধ্যে চুবুৰীয়া বাংলাদেশ, নেপাল, শ্রীলংকাত বিভিন্ন প্রকল্পত বিনিয়োগ কৰি দেশসমূহত নিজৰ উপস্থিতি বৃদ্ধি কৰি আছে৷ এটা সময়ত যি ভাৰতৰ বাবে বিপজ্জনক হ’ব পাৰে৷ ইয়াৰ পিছত ভূটানৰ দৰে আপেক্ষিকভাৱে অতি দুর্বল এখন দেশত চীনৰ প্রৱেশে ভাৰতৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে৷ ইয়াৰ মাজতে আমেৰিকাৰ প্রতিৰক্ষা বিভাগ পেণ্টাগনে শেহতীয়াকৈ প্রকাশ কৰা এখন প্রতিবেদনেও দেশৰ উত্তৰ–পূর্বাঞ্চলক লৈ চীনৰ দুৰভিসন্ধিৰ উমান দিয়ে৷ প্রতিবেদনখনৰ তথ্য অনুসৰি, ২০১৭ চনৰ অচলাৱস্থাৰ পিছত চীনে ডোকলামৰ ভূ–গর্ভত অতি গোপনে সমৰসজ্জা অব্যাহত ৰাখিছে৷ সুৰংগ নির্মাণ কৰি ভূ–গর্ভত এক ব্যাপক পৰিমাণৰ সেনা মোতায়েন কৰাৰ লক্ষ্যৰে দেশখনে এই নির্মাণকার্য চলাই আছে৷ তদুপৰি দেশখনে মুকলিকৈ ডোকলাম সংলগ্ণ এলেকাসমূহত ৰাস্তা, দলং আদিৰ নির্মাণকার্য অব্যাহত ৰাখিছে৷ স্থাপন কৰিছে বসতিপূর্ণ একাধিক গাঁৱো ৷ ইয়াৰ সমান্তৰালকৈ ভূটানৰ সৈতে সীমা হস্তান্তৰৰ চুক্তি সম্পাদন কৰি মুকলিকৈ ডোকলামত সামৰিক উপস্থিতি বৃদ্ধি কৰিব বিচাৰিছে চীনে৷ মন কৰিবলগীয়া কথাটো হ’ল– যোৱা ২৩ আগষ্টত চীন আৰু ভূটানৰ মাজত সম্পাদিত বুজাবুজি চুক্তি অনুসৰি যুটীয়া কাৰিকৰী গোটে তিনিটা পর্যায়ত ভূমি হস্তান্তৰৰ চুক্তি সম্পাদিত কৰাৰ বাবে পথ প্রদর্শন কৰিব৷ প্রথমতে, কাগজে–কলমে দুয়ো দেশৰ মাজত সীমা নির্ধাৰিত কৰা হ’ব৷ দ্বিতীয় পর্যায়ত দুয়োখন দেশৰ বিশেষজ্ঞই সংশ্লিষ্ট এলেকা ভ্রমণ কৰি বাস্তৱ পৰিস্থিতিৰ বুজ ল’ব আৰু তাৰ পিছত আনুষ্ঠানিকভাৱে সীমা হস্তান্তৰ বা সীমান্ত পুনৰ নির্ধাৰণ কৰা হ’ব৷ স্মর্তব্য যে চীন–ভাৰতৰ দৰেই চীন–ভূটান সীমান্তও কাহানিও আনুষ্ঠানিকভাৱে নির্ধাৰণ কৰা হোৱা নাছিল৷

You might also like