অসম চুক্তিৰ ৬নং দফা ৰূপায়ণঃ ভিত্তি বর্ষ ১৯৫১ৰ বিৰোধিতা তৃণমূল কংগ্রেছৰ
নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে গঠিত উচ্চস্তৰীয় কমিটীয়ে সাংবিধানিক ৰক্ষাকৱচৰ ভিত্তিবর্ষ ১৯৭১ চনৰ ২৪ মার্চৰ পৰিৱর্তে ১৯৫১ চন কৰাৰ পৰিকল্পনাৰ তীব্র বিৰোধিতা কৰিছে অসম প্রদেশ তৃণমূল কংগ্রেছে৷
দিছপুৰ প্রেছ ক্লাবত বুধবাৰে আয়োজিত এক সংবাদ মেলত দলৰ সাধাৰণ সম্পাদক আন্তোষ চৌধুৰীয়ে কয় যে যদি ভিত্তিবর্ষ ১৯৭১ চন মানি লোৱা নহয়, তেতিয়াহ’লে ভিত্তিবর্ষ ১৮২৬ চনৰ ২৪ ফেব্রুৱাৰী কৰক৷ কাৰণ উক্ত দিনটোত ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা অসমক ভাৰতবর্ষৰ অংশ হিচাপে সংযুক্ত কৰা হৈছিল৷ অসম চুক্তিৰ ৬নং দফাটো কার্যকৰী কৰিলে কমসংখ্যক জনগোষ্ঠীয়েহে উপকৃত হোৱাৰ উল্লেখ কৰি কয় যে ইয়াৰ দ্বাৰা বৃহৎসংখ্যক জনগোষ্ঠীক অসন্তুষ্ট কৰাৰ দৰে হ’ব৷ এই অসন্তুষ্টিয়ে ভৱিষ্যতে আন্দোলনৰহে জন্ম দিব৷ যদি সামাজিক বা ৰাজনৈতিক স্বার্থৰ বাবেই ৬নং দফাটো কার্যকৰী কৰা হয়, তেতিয়াহ’লে ইয়াৰ এক নির্দিষ্ট সময়সীমা থকা উচিত৷ এই দফাটো প্রয়োজন সাপেক্ষে ১০ বা ২০ বছৰৰ বাবে বলৱৎ কৰা উচিত৷