ৰোগীৰ পত্নীক অশ্লীল ইংগিত : ধাবালৈ যোৱাৰ প্ৰস্তাৱ Rehabৰ মালিকৰ
বিশেষ বাৰ্তা, ২৪ জুনঃ ৰাজ্যৰ একাংশ নিচামুক্তি কেন্দ্ৰত সংঘটিত হৈ থকা কেতবোৰ অনিয়মে সময়ে সময়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে। নিচামুক্তি কেন্দ্ৰত ভৰ্ত্তি ৰোগীক উপযুক্ত চিকিৎসা প্ৰদান নকৰা,উপযুক্ত খাদ্য নিদিয়া আদি বিভিন্ন অভিযোগ আছে।
শেহতীয়াকৈ নগাঁৱৰ এটা নিচামুক্তি কেন্দ্ৰৰ দায়িত্বত থকা ব্যক্তিৰ বিৰুদ্ধে নিচামুক্তি কেন্দ্ৰত থকা ৰোগীৰ পত্নীক অশালীন প্ৰস্তাৱ দিয়াৰ অভিযোগ উঠিছে।
জানিব পৰামতে নগাঁৱৰ পানীখাইটিত থকা প্ৰভিডেন্স কেয়াৰ ৱেলনেচ ছচাইটী নামৰ নিচামুক্তি কেন্দ্ৰটোৰ মালিকজনে নিচামুক্তি কেন্দ্ৰটোত ভৰ্তি হৈ থকা এজন ৰোগীৰ পত্নীক অশালীন প্ৰস্তাৱ দিয়াৰ অভিযোগ উঠিছে।
জনৈক আখতাৰ উপাধিৰ মালিকজনে আনকি মহিলাগৰাকীক এখন ধাবালৈ অসৎ উদ্দেশ্য চৰিতাৰ্থৰ বাবে যাবলৈ লগ ধৰাৰো অভিযোগ উঠিছে।
ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীক এনে প্ৰস্তাৱ দিয়াৰ মবাইল ফোনৰ ৰেকৰ্ডিং ভাইৰেল হৈছে। ঘটনা সংক্ৰান্তত নগাঁও সদৰ আৰক্ষী থানাত মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰাৰ লগত লোকজনে অশ্লীল প্ৰস্তাৱ দি কৰা ফোন ৰেকৰ্ডিং কৰি আৰক্ষীক জমা দিছে।