লাম্পীত গড়কাপ্টানীৰ কার্যালয় স্থাপনত বাধা মেঘালয়ৰ
বকো ৰাজহ চক্রৰ সীমাৰ মানচিত্র অগ্রাহ্য চুবুৰীয়া ৰাজ্যৰ বিষয়াৰ
নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ অসমৰ চুবুৰীয়া ৰাজ্যসমূহে নিজৰ ভৌগোলিক সীমা পাৰ হৈ অসমৰ ওপৰত চলাই অহা আগ্রাসনে সম্প্রতি ৰাজ্যৰ আভ্যন্তৰীণ ক্ষেত্রত এক স্পর্শকাতৰ বিষয় হৈ পৰিছে৷ বিশেষকৈ মেঘালয় ৰাজ্যই অসমভূমিৰ ওপৰত শেনচকু নিক্ষেপ কৰি দীর্ঘদিনৰ পৰা আগ্রাসন চলাই অহাত সীমান্ত এলেকাত উত্তেজনা বিৰাজ কৰি অহা মুহূর্ততে বুধবাৰে কামৰূপ জিলাৰ বকো থানাৰ অন্তর্গত অসম আৰু মেঘালয় চৰকাৰৰ প্রশাসন আৰু আৰক্ষীৰ মাজত এক অপ্রীতিকৰ ঘটনা সংঘটিত হয়৷ এই ঘটনা সংঘটিত হয় অসম–মেঘালয় সীমান্তৰ বকো ৰাজহ চক্র এলেকাৰ উমালি গাঁৱত৷ উল্লেখ্য, বকোৰ পৰা ৩৫ কিলোমিটাৰ দক্ষিণে তথা অসম–মেঘালয় সীমান্তৰ লৱাৰ লাম্পীৰ উমালিত অসম চৰকাৰৰ গডকাপ্ঢানী বিভাগৰ কার্যালয় নির্মাণৰ বাবে আবণ্টিত মাটিত জৰীপ চলাবলৈ যায় কামৰূপ জিলা প্রশাসন আৰু গড়কাপ্টানী বিভাগৰ দলে৷ দলটো লাম্পীত উপস্থিত হৈ তীব্র প্রত্যাহ্বানৰ সন্মুখীন হয় পূর্বৰে পৰা খাপ পিটি থকা মেঘালয় প্রশাসন আৰু আৰক্ষী বাহিনীৰ লগতে মেঘালয়ৰ একাংশ লোকৰ৷ কামৰূপ জিলাৰ উন্নয়ন আয়ুক্ত টংকেশ্বৰ দাস, কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া, অসম চৰকাৰৰ গড়কাপ্টানী বিভাগৰ অভিযন্তা প্রণৱ ডেকা আৰু বকো থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া যোগেন্দ্র বর্মনে আৰক্ষী আৰু চি আৰ পি এফ বাহিনী আৰু কমাণ্ডো বাহিনীৰ বৃহৎ দল লগত লৈ লাম্পীত উপস্থিত হয় যদিও অসম চৰকাৰৰ এই বিষয়াৰ দলৰ যাত্রাৰ আগতীয়া খবৰ পাই কালিৰ পৰাই মেঘালয় প্রশাসন আৰু মেঘালয় আৰক্ষীৰ দল এটাই বাহৰ পাতি আছিল বুলি অসমৰ চৰকাৰী দলটো অৱগত হয়৷ কামৰূপ জিলা প্রশাসনৰ বিষয়া–কর্মচাৰী আৰু আৰক্ষীৰ দল অসমৰ কার্যালয় নির্মাণ কৰিবলৈ লোৱা উমালিত উপস্থিত হোৱাৰ সময়ত অসমৰ উক্ত ভূমি বেদখল কৰা স্থানত মেঘালয় ৰাজ্যৰ নষ্টাইন জিলাৰ অতিৰিক্ত উপায়ুক্ত এ ডি চাংমা, উপ–আৰক্ষী অধীক্ষক আই খংকৰগোৰৰ নেতৃত্বত মেঘালয় আৰক্ষীৰ বৃহৎ দল তথা মেঘালয় এছ এফ টেন কমাণ্ডো বাহিনীৰ প্রায় ডেৰ শতাধিক জোৱান আৰু প্রায় শতাধিক মেঘালয়ৰ নাগৰিক খাপপিটি থাকে৷ উল্লেখ্য, বেদখলস্থলীত অসৎ লক্ষ্যৰে দুখন এম পি বি বাহনসহ বাহৰ পাতিছিল মেঘালয় প্রশাসন আৰু মেঘালয় আৰক্ষীৰ দল৷ ইপিনে, মেঘালয় প্রশাসনৰ ছত্রছায়াত মেঘালয়ৰ দুগৰাকী মহিলাই বেদখল চলাইছিল অসম চৰকাৰৰ কার্যালয় স্থাপনৰ প্রস্তাৱিত ভূমিত৷ পিছে অসমৰ চৰকাৰী ভূমিখিনি বেদখলমুক্ত কৰিবৰ বাবে মেঘালয় প্রশাসনৰ বিষয়াৰ সৈতে মত বিনিময় কৰে কামৰূপ প্রশাসনৰ বিষয়াৰ দলে৷ মেঘালয়ৰ বহু দূৰ–দূৰণিৰ ঠাইৰ পৰা এচাম মেঘালয়ৰ বাসিন্ধাক লগত লৈ অসমৰ উক্ত ভূমি টুকুৰা মেঘালয়ৰ বুলি মেঘালয়ে দাবী কৰে যদিও কোনো নথি দেখুৱাবলৈ সক্ষম নহয়৷ ইয়াৰ বিপৰীতে কামৰূপ প্রশাসনৰ দলে ছার্ভে অৱ ইণ্ডিয়াৰ নথিকে ধৰি বকো ৰাজহ চক্রৰ সীমাৰ মানচিত্র মেঘালয় প্রশাসনৰ আগত প্রদর্শন কৰে যদিও সেয়া অগ্রাহ্য কৰি আত্মপক্ষৰ সমর্থনত অটল হৈ থাকে৷ মন কৰিবলগীয়া, অসম আৰু মেঘালয়ৰ বিষয়াৰ দলৰ মাজত প্রায় চাৰি ঘণ্টাজুৰি চলা তীব্র বাক–বিতণ্ডাত পৰিস্থিতি তীব্র উত্তেজনাময় হৈ পৰে৷ জৰীপ কৰিবলৈ যোৱা কামৰূপ জিলা আৰু আৰক্ষী প্রশাসনক মেঘালয় প্রশাসন আৰু আৰক্ষী বিভাগে তীব্র বাধা প্রদান কৰাত অসম চৰকাৰৰ জৰীপ কার্য সম্ভৱ হৈ নুঠিল৷ ইয়াকে লৈ লয়াৰ লাম্পীৰ উমালিত সৃষ্টি হয় তীব্র উত্তেজনাময় পৰিস্থিতি৷ লাম্পী অঞ্চলত মেঘালয়ৰ একাংশ লোকে মেঘালয় চৰকাৰৰ প্রত্যক্ষ ছত্রছায়াত দীর্ঘদিনৰ পৰা অপ্রতিৰোধ্যভাৱে অগ্রাসন চলাই আহিবলৈ সক্ষম হোৱা বাবেই আজি অসমৰ মাটিতে অসম চৰকাৰ অস্তিত্বহীন হৈ পৰিছে৷ ইফালে, বকো আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া যোগেন্দ্র বর্মনে সম্প্রতি নিয়ন্ত্রণত থকা অসম–মেঘালয় সীমান্তৰ লাম্পীৰ উমালিত পৰৱর্তী সময়ত সৃষ্টি হ’ব পৰা যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ লগতে লাম্পীৰ জনগণক সুৰক্ষিত কৰি ৰাখিবলৈ কামৰূপ আৰক্ষী সষ্টম হৈ আছে বুলি সাংবাদিকৰ আগত প্রকাশ কৰে৷