নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’বিৰোধী আন্দোলনৰ মাজতে বিজেপিত উঠিছে যোগদানৰ জোৱাৰ

নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ বর্তমানৰ চৰকাৰে অসমৰ ৰাইজৰ বাবে গ্রহণ কৰা জনকল্যাণমূলক আঁচনিৰ বাবেই পুনৰ ৰাজ্যত ক্ষমতালৈ আহিব বিজেপি মিত্রজোঁটৰ চৰকাৰ৷ আগৰ চৰকাৰসমূহে অসমত ৰাইজৰ কল্যাণৰ বাবে ইমান আঁচনি গ্রহণ কৰি ৰূপায়ণ কৰা দেখা নাছিলোঁ৷ বুধবাৰে জাগীৰোডত সমাজ কল্যাণ বিভাগৰ পৰিয়াল অর্থকৰী যোজনাৰ অধীনত ১০০খন পাৱাৰটিলাৰ বিতৰণ কার্যসূচীত অংশ লৈ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্রী পীয়ূষ হাজৰিকাই এনেদৰে কয়৷ জাগীৰোডৰ গড়কাপ্ঢানী ডাক বঙলা চৌহদত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে অংশ লৈ মন্ত্রী হাজৰিকাই জাগীৰোড সমষ্টিৰ এশগৰাকী কৃষকৰ মাজত সাহায্যযুক্ত পাৱাৰটিলাৰ বিতৰণ কৰে৷ তেওঁ ভাষণ প্রসংগত কয় যে বর্তমানৰ চৰকাৰে গ্রহণ কৰা আঁচনিসমূহৰ পৰা অসমৰ গ্রাম্য অঞ্চলৰ ৰাইজ উপকৃত হৈছে৷ সেয়ে ‘কা’বিৰোধী আন্দোলনৰ সময়তো বিজেপি দলৰ সভাত হাজাৰ হাজাৰ লোকৰ সমাগম হৈছে৷ কা আন্দোলনৰ মাজতে বিজেপি দলত যোগদান কৰিছে অসমৰ বিভিন্ন দল–সংগঠনৰ নেতা–কর্মীয়ে৷ মন্ত্রী হাজৰিকাৰ তাৎপর্যপূর্ণ মন্তব্য– ‘কা’ আন্দোলনৰ পিছত অসমৰ ৰাইজৰ বিজেপিৰ প্রতি আকর্ষণ বৃদ্ধিহে পাইছে৷ সমগ্র অসমত এতিয়া বিজেপিত যোগদানৰ জোৱাৰ উঠিছে৷ ‘কা’বিৰোধী আন্দোলনৰ নামত একাংশ দল–সংগঠনে ৰাইজক পথভ্রষ্ট কৰিছিল যদিও অসমৰ ৰাইজে এতিয়া কথাবোৰ বুজি উঠিছে৷ অকল জাগীৰোড সমষ্টিতে বিভিন্ন দল–সংগঠনৰ শতাধিক নেতা–কর্মীয়ে বিজেপি দলত যোগদান কৰিছে আৰু অসমৰ অন্য সমষ্টিতো বিজেপিত যোগদানৰ পর্ব চলি আছে৷ উল্লেখ্য যে বুধবাৰে অনুসূচিত জাতি আৰু জনজাতি লোকসকলৰ মাজত পাৱাৰটিলাৰ বিতৰণী সভাত মন্ত্রীগৰাকীয়ে অসম চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ লগতে জাগীৰোড সমষ্টিত ৰূপায়ণ কৰা উন্নয়নমূলক আঁচনিসমূহৰ খতিয়ান দাঙি ধৰে৷ নয়নমণি বৰুৱাই আঁত ধৰা আৰু মৰিগাঁও জিলা বিজেপিৰ সভাপতি প্রবীণ মেধি, জিলা সম্পাদক ৰামপ্রসাদ সৰকাৰ, জাগীৰোড উন্নয়ন প্রাধিকৰণৰ সভাপতি দিব্যজিৎ নেওগ, বিজেপি নেতা প্রবীণ কুমাৰ ডেকা, মনোৰঞ্জন তামুলী প্রমুখ্যে বহুসংখ্যক লোক উপস্থিত থকা সভাত কংগ্রেছ দলৰ একাংশ নেতা–কর্মীয়ে বিজেপি দলত যোগদান কৰে৷

You might also like