১৮ জুলাইত বেংগালুৰুত একুৰিৰো অধিক বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্ব সমৱেত হৈ ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্টেল ইনক্লিডছিভ এলায়েঞ্চ চমুকৈ ‘ইণ্ডিয়া’ নামৰ ঐক্যমঞ্চ গঠন কৰে৷ মোদী চৰকাৰৰ বিদায় নিশ্চিত কৰ্বিলৈ এখন মঞ্চত সমৱেত হোৱা দলকেইটাৰ কিন্তু মাজত নাই জাবুজি, আস্থাৰ পৰিৱেশ৷ তেওঁলোকে একত্র হৈ বিজেপিৰ বিৰুদ্ধে থিয় দিয়াৰ মনস্থ কৰিলেও দলকেইটাৰ লেং মৰাৰ পুৰণি প্র্বৃত্তিটোৱে একত্র হৈ যুঁজাৰ াট লাহে লাহে ন্ধ কৰিবলৈ ধৰিছে৷ ইয়াৰ প্রধান কাৰণ হৈছে কংগ্রেছ৷ ভৰিৰ তলত মাটি নাথাকিলেও দলটোৰ নেতৃত্বৰ ক্ষমতাৰ খঁক ভাবিব নোৱৰা বিধৰ৷ সাংগঠনিক শক্তি, জনপ্রিয়তাৰ জোখেৰে আজিও নিজকে বিজেপিৰ সমান লি কাল্পনিক জগত এখনত বিচৰণ কৰি থকা দলটোৰ নেতৃত্বৰ এই কল্পনাবিলাস আসন জাবুজিৰ ক্ষেত্রত ওলাই পৰে৷ আসনৰ ক্ষেত্রত সকলোতে প্রথম স্থান দাবী কৰা কংগ্রেছৰ অহেতুক জ্যেষ্ঠ ভাতৃসদৃশ আগ্রাসন বিৰোধী ঐক্যৰ সন্মুখত হেঙাৰ হৈ পৰিছে৷ অসমতে ইয়াৰ প্রতিফলন ঘটিছে৷ ৰাজ্যখনতো ইণ্ডিয়াৰ আর্হিত কংগ্রেছৰ নেতৃত্বত কেইবাটাও বিৰোধী ৰাজনৈতিক দল একত্র হৈছে৷ দলকেইটা লোকসভা নির্বাচনৰ াবে লাহে লাহে সাজু হ’লৈও ধৰিছে৷ কিন্তু একেই সেই অহেতুক জ্যেষ্ঠ ভাতৃসদৃশ আগ্রাসন৷ সেয়ে আসন জাবুজিৰ ক্ষেত্রত প্রদেশ কংগ্রেছ নেতৃত্বৰ ভাষ্য সততে সলনি হৈ থাকে৷ আনকি প্রদেশ কংগ্রেছৰ সভাপতিৰ মুখেৰে অসমত কেডখন আসন অর্থাৎ ১৪খন আসনতে কংগ্রেছে প্রতিদ্বন্দ্বিতা কৰিব লি ওলায়৷ ইয়াৰ সৰল অর্থটো হৈছে কংগ্রেছৰ াহিৰে আন দলে প্রতিদ্বন্দ্বিতা কৰ্বি নালাগে৷ মিত্র দলকেইটাই জয়ৰ াবে কংগ্রেছক ভোট গোটাই দিলেই হ’ব৷ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন ৰাই মিত্র দলক এখনো আসন এৰি দিয়া নহ’ব লি প্রকাৰান্তৰে কৰা ঘোষণাৰ মূল কথাটোৱেই হৈছে ক্ষমতাৰ খঁক৷ দলটোৰ নেতৃত্বই আন আন ৰাজ্যৰ ক্ষেত্রতো একেই কামটোকেই কৰে অথবা কৰাৰ চেষ্টা কৰে৷ যাৰ বাবে শক্তি নথকা ৰাজ্যতো কংগ্রছে মিত্রদলৰ পৰাসময়ে দাবী কৰাতকৈ অধিক আসন দাবী কৰি বহি থাকে৷ পশ্চিমবংগত মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছ প্রধান দল৷ ৰাজ্যখনত কংগ্রেছ তেনেই শক্তিহীন৷ পঞ্জাব, দিল্লী আদি ৰাজ্যত বিৰোধীৰ আচল শক্তি আপৰ হাতত আছে৷ উত্তৰ প্রদেশত কংগ্রেছক আজিকালি শক্তি হিচাপে গণ্য কৰাই নহয়৷ বিহাৰতো কংগ্রেছৰ অৱস্থা শোচনীয়৷ দুই–এখন ৰাজ্যক বাদ দিলে দেশৰ বাকী অংশতো আজিৰ তাৰিখত কংগ্রেছ প্রধান শক্তি নহয়৷ কিন্তু আসন জাবুজিৰ বেলিকা ৰাজ্যকেইখনত কংগ্রেছে ইমানইে আসন দাবী কৰি বহি থাকে যে মূৰকত বিৰোধী ঐক্য হয় প্রহসনত পৰিণত হয়, নহয় বিৰোধীৰ পৰাজয়ৰ কাৰণ হৈ পৰে৷দেশৰ সাধাৰণ নির্বাচনৰ পূর্বে পাঁচখন ৰাজ্যত বিাধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ নির্বাচনী
প্রক্রিয়া ইতিমধ্যে আৰম্ভ হৈছে৷ ভোটগ্রহণ, ভোট গণনাৰ দিন ঘোষণা হৈছে৷ নির্বাচনী প্রচাৰো তুংগত ঊঠিছে৷ সাধাৰণ নির্বাচনৰ পূর্বে শাসক বিজেপি তথা এন ডি এৰ অংশীদাৰ দলসমূহলৈ এটা বার্তা প্রেৰণৰ ‘ইণ্ডিয়া’ তথা বিৰোধী ৰাজনৈতিক দলৰ সন্মুখত এটা সুযোগ আহি পৰিছে৷ কিন্তু কংগ্রেছৰ নেতৃত্বৰ ক্ষমতাৰ খঁকৰ বাবে সুযোগটো হাতৰ পৰা ওলাই যোৱাটো নিশ্চিতপ্রায় হৈ পৰিছে৷ বিধানসভা নির্বাচন অনুষ্ঠিত হ’বলগীয়া মিজোৰাম আৰু তেলেংগানাৰ শাসনত থকা দল দুটা বিৰোধী ঐক্য মঞ্চৰ অংশীদাৰ নহয়৷ দুয়োখন ৰাজ্যত ‘ইণ্ডিয়া’ অর্থহীন৷ কিন্তু ছত্তিশগড আৰু মধ্যপ্রদেশত কংগ্রেছৰ আগ্রাসনে বিৰোধী ঐক্যৰ সম্ভাৱনা দুর্বল কৰি তুলিছে৷ কংগ্রেছ নেতৃত্ব অহংকাৰৰ শিখৰত ডঠি থকাৰ কাৰণ হৈছে চলিত ষত অনুষ্ঠিত হিমাচল প্রদেশ আৰু কর্ণাটক বিধানসভা নির্বাচনত বিজেপিক ক্ষমতাৰ পৰা অপসাৰণ কৰিবলৈ সক্ষম হৈছিল৷ তেওঁলোকৰ মতে দেশৰ জনসাধাৰণৰ ‘মুড’ এতিয়া কংগ্রেছৰ সপক্ষে৷ গতিকে মিত্রদলৰ তুলনাত তেওঁলোকৰ অধিক আসন প্রাপ্য৷ মূল অংকটো চৰকাৰ গঠনত নির্ণায়কৰ ভূমিকা লোৱা আৰু লোকসভা নির্বাচনত অধিক আসন দাবী কৰা৷ কংগ্রেছৰ এই মানসিকতাৰ াবে ‘ইণ্ডিয়া’ৰ অংশীদাৰ দলসমূহ শংকা, সংশয় আৰু দোমোজাত আছে৷ ‘আপ’–এ অপেক্ষা নকৰি ছত্তিশগড আৰু মধ্যপ্রদেশত নিজাববীয়াকৈ প্রার্থী ঘোষণা কৰি দিয়ে৷ দলটোৱে কংগ্রছ বিধায়ক থকা সমষ্টিতো প্রার্থীৰ নাম ঘোষণা কৰিছে৷ আনহাতে, মধ্যপ্রদেশত আসন জাবুজিৰ ক্ষেত্রত কংগ্রেছে প্রৱঞ্চনা কৰা বুলি সমাজবাদী পার্টীৰ প্রধান অখিলেশ যাদৱে অভিযোগ কৰিছে৷ দলটোক প্রথমে ছখন আসন এৰি দিয়াৰ কথা আছিল যদিও মূৰকত এখনো আসন দিয়া নহ’ল৷ কংগ্রেছৰ এনে ক্ষমতাৰ খঁকৰ বাবে দেুয়াখন ৰাজ্যত বিৰোধীৰ সম্ভাৱনা ক্রমশঃ হ্রাস পাবলৈ ধৰিছে৷ অথচ ‘ইণ্ডিয়া’ গঠনৰ সময়ত আসন বুজাবুজিত সকলো অংশীদাৰ দলক প্রাপ্য মর্যাদা আৰু সন্মান দিয়াটোক অগ্রাধিকাৰ দিয়াত সহমত পোষণ কৰা হৈছিল কিন্তু নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কংগ্রেছৰ আচল চৰিত্র পোহৰলৈ আহিবলৈ ধৰে৷ লোকসভা নির্বাচনতো কংগ্রেছৰ এই মানসিকতা সলনি হোৱাৰ যে অকণো সম্ভাৱনা নাই, সেয়া ইতিমধ্যে অসম, মধ্যপ্রদেশ, ছত্তিশগড় আদিত প্রতিফলিত হৈছে৷