ছীল–মোহৰ মাৰি অসম চুক্তি বিভাগৰ জিম্মাত ৰখা হৈছে প্ৰতিবেদনঃ বিপ্লৱ শৰ্মা
নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ লক্ষ্যৰে গঠন কৰা উচ্চস্তৰীয় কমিটীয়ে প্ৰস্তুত কৰা চূড়ান্ত প্ৰতিবেদন দাখিলক লৈ শেহতীয়াকৈ সৃষ্টি হৈছে ব্যাপক চৰ্চা । উল্লেখ্য যে নিৰ্দিষ্ট সময়সীমাৰ পূৰ্বে যোৱা ১০ ফেব্ৰুৱাৰীতে কমিটীয়ে প্ৰস্তুত কৰা প্ৰতিবেদনখন এতিয়াও কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নাই । কাৰ্যতঃ ইয়াকে লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে কমিটীয়ে প্ৰতিবেদনখন ৰাজ্যৰ মুখ্য সচিবক ই-মেইলযোগে প্ৰেৰণ কৰা বুলি বিশেষভাৱে চর্চা সৃষ্টি হয়৷ অৱশ্যে সমগ্র বিষয়টোক নস্যাৎ কৰি কমিটীৰ অধ্যক্ষ বিপ্লৱ কুমাৰ শর্মাই স্পষ্ট কৰি দিছে যে চূড়ান্ত প্রতিবেদন ছীল–মোহৰ মাৰি ৰাজ্য চৰকাৰৰ অসম চুক্তি বিভাগৰ জিম্মাত ৰাখি থোৱা হৈছে৷
অধ্যক্ষজনে লগতে উল্লেখ কৰে যে কেন্দ্রীয় চৰকাৰে নির্ধাৰণ কৰি দিয়া নির্দিষ্ট সময়ৰ ভিতৰত প্রতিবেদন প্রস্তুত কৰাৰ পাছত পত্রযোগে এই কথা গৃহ মন্ত্রালয়ক অৱগত কৰা হৈছে৷ পত্রত স্পষ্ট কৰা হৈছে যে গৃহ মন্ত্রালয়ে যিদৰে প্রতিবেদনখন গ্রহণ কৰে, তেনেদৰে দাখিল কৰা হ’ব৷ কিন্তু গৃহ মন্ত্রালয়ে এতিয়ালৈকে কমিটীক সময় নির্ধাৰণ কৰি দিয়া নাই৷ অৱশ্যে মন্ত্রালয়ৰ যুটীয়া সচিবে অচিৰেই গৃহমন্ত্রীয়ে কমিটীক সাক্ষাৎ কৰি এই প্রতিবেদন গ্রহণ কৰিব বুলি জানিবলৈ দিছে৷ মন কৰিবলগীয়া যে ৬নং দফাক কার্যকৰী ৰূপ দিয়াৰ বাবে প্রস্তুত কৰা প্রতিবেদনত অসমীয়াৰ সংজ্ঞাক লৈ একাংশ দল–সংগঠনে আপত্তি তথা অসন্তুষ্টি ব্যক্ত কৰি আহিছে৷ সমান্তৰালভাৱে কমিটীয়ে চাকৰি তথা বিধানসভা আৰু লোকসভাত আসন সংৰক্ষণৰ বাবে দিয়া প্রস্তাৱক লৈও সন্তুষ্ট নহয় কেন্দ্রীয় চৰকাৰ৷ কেন্দ্রীয় চৰকাৰে এনে আপত্তিৰ কথা কমিটীক উল্লেখ কৰি ইয়াক সংশোধনৰ বাবেও পৰামর্শ দিয়া বুলি এক সূত্রই প্রকাশ কৰিছে৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ অসন্তুষ্টি তথা প্রতিবেদন গ্রহণক লৈ কৰা হোঁহকা–পিছলাৰ বাবেই আজি কমিটীয়ে মুখ্য সচিবক প্রতিবেদন দাখিল কৰি দায়িত্ব সামৰা বুলি ব্যাপক চর্চা চলে৷ অৱশ্যে চূড়ান্ত প্রতিবেদনক লৈ চলি থকা বিতর্ক আৰু চর্চাৰ বিপৰীতে আজি অধ্যক্ষ বিপ্লৱ কুমাৰ শর্মাৰ নেতৃত্বতে কমিটীৰ এক বৈঠক অনুষ্ঠিত হৈ যায়৷ এই বৈঠকৰ পাছতে কমিটীৰ অন্যতম সদস্য তথা সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই সংবাদ মাধ্যমৰ আগত কয়– কমিটীয়ে নির্দিষ্ট সময়ৰ ভিতৰত দায়িত্ব সম্পূর্ণ কৰিলে৷ কমিটীৰ অধ্যক্ষই তিনিখন পত্রৰে এই কথা কেন্দ্রীয় চৰকাৰক জনাই দিছে৷ এতিয়া বাকী কাম কেন্দ্রীয় চৰকাৰৰ৷ অসমীয়া খিলঞ্জীয়া ৰাইজৰ বিভিন্ন পৰামর্শ লৈ তথা আলোচনা কৰি প্রতিবেদন প্রস্তুত কৰা হৈছে৷ গতিকে এতিয়া ইয়াৰ দায়িত্ব ল’ব কেন্দ্রীয় চৰকাৰে৷ আনহাতে, সমগ্র বিষয়টো সন্দর্ভত বিপ্লৱ কুমাৰ শর্মাই কয়– কেন্দ্রীয় চৰকাৰে আমাৰ ওপৰত অর্পণ কৰা দায়িত্ব আমি সম্পূর্ণ কৰিছোঁ৷ প্রতিবেদন এতিয়া সম্পূর্ণ সুৰক্ষিতভাৱে অসম চুক্তি বিভাগৰ জিম্মাত ৰাখি থোৱা আছে৷ কেন্দ্রীয় চৰকাৰে যেতিয়াই বিচাৰে আমি দিবলৈ প্রস্তুত৷ ৬নং দফাৰ চূড়ান্ত প্রতিবেদনক লৈ সৃষ্টি হৈ থকা বিতর্কৰ মাজতে ৰাজ্য চৰকাৰৰ এক শীর্ষ সূত্রই প্রকাশ কৰা মতে, উচ্চস্তৰীয় কমিটীয়ে কেন্দ্রীয় গৃহমন্ত্রীৰ সাক্ষাতৰ সময় নোপোৱা হেতু আজি মুখ্য সচিবৰ ওচৰত এই প্রতিবেদন দাখিল কৰিব বিচাৰিছিল যদিও মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই বিষয়টো কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ সচিব এ কে ভাল্লাৰ সৈতে যোগাযোগ কৰি কেন্দ্রীয় গৃহমন্ত্রীৰ দৃষ্টি আকর্ষণ কৰে৷ সেইমর্মে কেন্দ্রীয় গৃহমন্ত্রীয়ে অচিৰেই কমিটীক সাক্ষাৎ দিব বুলি মুখ্য সচিবৰ জৰিয়তে অৱগত কৰে৷ আনকি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ উপস্থিতিত অমিত শ্বাহে এই প্রতিবেদন গ্রহণ কৰিব বুলিও কমিটীক অৱগত কৰা হয়৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ পৰা পোৱা নিশ্চয়তাৰ পাছতেই কমিটীয়ে আজি ততাতৈয়াকৈ এক অনানুষ্ঠানিক বৈঠক অনুষ্ঠিত কৰি সমগ্র বিষয়টো পর্যালোচনা কৰে আৰু প্রতিবেদনখন সুৰক্ষিত কৰি ৰখাৰ সিদ্ধান্ত লয়৷ সেইমর্মে চূড়ান্ত প্রতিবেদন অসম চুক্তি বিভাগৰ জিম্মাত ছীল–মোহৰ মাৰি ৰাখি থোৱা হৈছে৷ লক্ষণীয় যে অসম চুক্তিৰ ৬নং দফা অচিৰেই কার্যকৰী হ’ব বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰি অহাৰ বিপৰীতে কেন্দ্রীয় চৰকাৰে চূড়ান্ত প্রতিবেদন গ্রহণক লৈ কৰা হোঁহকা–পিছলাই কমিটীৰ একাংশ সদস্যক অসন্তুষ্ট কৰি তুলিছে৷ যাৰ বাবে প্রতিবেদনখন ৰাজ্য চৰকাৰৰ ওচৰত দাখিল কৰি বিষয়টোৰ দায়িত্ব সামৰিব বিচাৰিছিল৷ বিশেষকৈ কেন্দ্রীয় চৰকাৰলৈ এই সন্দর্ভত তিনিখনকৈ পত্র প্রেৰণৰ পাছতো কোনো সঁহাৰি নিদিয়া বাবে কমিটীৰ কেইবাজনো সদস্য ক্ষুব্ধ হৈ ই–মেইলযোগে মুখ্যমন্ত্রী আৰু মুখ্য সচিবক দিবলৈ আজি অধ্যক্ষক পৰামর্শ দিয়ে৷ এনে অৱস্থাত বিষয়টো অধিক জটিলতালৈ যোৱাৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ সৈতে যোগাযোগ কৰে৷ আনকি এইক্ষেত্রত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতেও মুখ্য সচিবে আলোচনা কৰা বুলি জানিব পৰা গৈছে৷