নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনা যুদ্ধৰ জীয়া সাক্ষী মহেন্দ্র হাজৰিকাৰ দেহাৱসান

🔹 দেশপ্রেমিকক হেৰুৱাই শোকস্তব্ধ তেজপুৰ

বার্তা ব্যুৰ’, ৪ নৱেম্বৰ : প্রচণ্ড সাহস আৰু দেশপ্রেম, অসম প্রেমৰ প্রোজ্জ্বল দৃষ্টান্তৰে নজিৰ সৃষ্টি কৰি ১৯৬২ চনৰ চীন–ভাৰত যুদ্ধ তথা অসমৰ তেজপুৰলৈ বুলি চীনা আগ্রাসনৰ সময়ত অৰুণাচল প্রদেশত প্রচুৰ বুদ্ধিমত্তাৰ পৰিচয় দি অসমীয়া লোকক সুৰক্ষা প্রদান কৰা তথা সেই বিভীষিকাময় সময়ছোৱাৰ প্রত্যক্ষ সাক্ষী তেজপুৰ মাজগাঁও তামুলী চুবুৰিৰ জ্যোতিপ্রসাদ আগৰৱালা পথ নিৱাসী মহেন্দ্র হাজৰিকাৰ কালি পুৱা নিজ বাসগৃহতে বার্ধক্যজনিত ৰোগত ৯২ বছৰ বয়সত দেহাৱসান ঘটাত যেন ইতিহাসৰ সাক্ষীৰ অৱসান ঘটিল৷ ১৯৬২ চনৰ ২২ অক্টোবৰত অৰুণাচল প্রদেশ চৰকাৰৰ কর্মচাৰী হিচাপে টাৱাঙত থকাৰ সময়ছোৱাতে হঠাৎ সীমাৰ সিপাৰৰ পৰা অহা প্রচণ্ড গোলা–বাৰুদৰ শব্দই সকলোকে আতংকিত কৰাৰ মুহূর্তৰ পৰাই অতি সাহসিকতাৰে অৰুণাচলবাসীৰ লগতে অৰুণাচলত কর্মৰত অসমীয়া লোকক কোনোধৰণৰ সমস্যা নোহোৱাকৈ শেষ পর্যায়লৈকে প্রচেষ্টা চলোৱা সমাজকর্মী তথা অৰুণাচল কর্মচাৰী সন্থাৰ উপদেষ্টাগৰাকীয়ে ৯০ বছৰ বয়সলৈকে অতি কর্মক্ষম হৈ থকাই নহয়, ৮৮ বছৰ বয়সলৈকে তেজপুৰত চাইকেল চলাই গছপুলি ৰোপণকে ধৰি আন সামাজিক অনুষ্ঠানসমূহৰ সৈতেও জড়িত হৈ আছিল৷ এইগৰাকী প্রত্যক্ষদর্শীৰ সাক্ষাৎকাৰ সম্বলিত এখন তথ্যচিত্রও ইতিমধ্যে নির্মাণ হোৱাই নহয়, ৰাজ্যখনৰ জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে এইগৰাকী মহেন্দ্র হাজৰিকাৰ সাক্ষাৎকাৰৰ ভিত্তিতেই ১৯৬২ শীর্ষক বহু চর্চিত গ্রন্থখন ৰচনা কৰে৷ শেহতীয়াকৈ তেজপুৰৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাই তেওঁৰ প্রবন্ধসমূহ একত্রিত কৰি ‘এৰি অহা দিনৰ সোণালী স্মৃতি’ শীর্ষক এখন গ্রন্থও প্রকাশ কৰি উন্মোচন কৰিছিল৷ প্রখৰ স্মৃতিশক্তিৰ অধিকাৰী এইগৰাকী ব্যক্তিৰ সান্নিধ্য লাভ কৰি বিশিষ্ট লেখক তপন দত্তই গুৱাহাটী অনাতাঁৰ কেন্দ্রৰ বাবে The Untold Story’ প্রচাৰ কৰাৰ উপৰি অৰুণাচল প্রদেশ চৰকাৰী পেন্সনাৰ সন্থাৰ মজিয়াত থাকি এইগৰাকী ব্যক্তিয়ে সেই সময়ৰ ইতিহাসসমূহ সণ্ঢালনিকৈ প্রচাৰ কৰাৰ ক্ষেত্রত বিশেষ পদক্ষেপ গ্রহণ কৰিছিল৷ উল্লেখ্য যে ১৯৫৫ চনত তেজপুৰ জিলা কৃষি বিষয়াৰ কার্যালয়ত কর্ম জীৱন আৰম্ভ কৰাৰ পিছত পর্বত–পাহাৰৰ প্রেমত ১৯৫৫ চনৰ ৫ মার্চত অৰুণাচল প্রদেশ চৰকাৰৰ বমডিলা পলিটিকেল অফিচত যোগদান কৰে৷ হাজৰিকাই তেতিয়াৰ বমডিলাৰ স্মৃতিৰে লিখা তেওঁৰ ‘নেফাত চাকৰিত যোগ দিয়াৰ দিনটো’ত বৰ উপভোগ্য কাহিনী এৰি থৈ গৈছে৷ চীনৰ আক্রমণৰ সমস্ত নিজ চকুৰে দেখা ঘটনাৰ জীয়া সাক্ষী প্রয়াত হাজৰিকাই ’৬২ ৰ কিছু স্মৃতিৰে’ শীর্ষক সেই লেখা এৰি নোযোৱা হ’লে সেই সময়ৰ বহু কথাৰেই সূত্র বিচাৰি পোৱা অসম্ভৱ হৈ পৰিলহেঁতেন৷  কালি পুৱা ৪ বজাত বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰাৰ পিছত তেজপুৰৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ লগতে অৰুণাচল প্রদেশ চৰকাৰী পেন্সনাৰ সন্থাৰ বিষয়ববীয়াৰ উপৰি বাসগৃহতে বিভিন্ন ক্ষেত্রৰ বিশিষ্ট ব্যক্তি উপস্থিত হৈ নশ্বৰদেহত শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত পত্নীৰ লগতে দুগৰাকী পুত্র, বোৱাৰী আৰু নাতি–নাতিনীৰ উপৰি অসংখ্য আত্মীয় আৰু গুণমুগ্ধক এৰি যোৱা হাজৰিকাৰ শেষকৃত্য স্থানীয় দৌলগুৰি ৰাজহুৱা শ্মশানত সম্পন্ন হয়৷ বিশেষ ইতিহাসৰ সাক্ষী এইগৰাকী সমাজকর্মী, প্রকৃতিপ্রেমী আৰু অসমপ্রেমী সাহসী ব্যক্তিৰ মৃত্যুত তেজপুৰৰ লগতে জিলাখনৰ বিভিন্ন ব্যক্তি–অনুষ্ঠানে শোক প্রকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷

প্ৰেৰক পুলক ডেকা

You might also like