নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইচিচি ৰেংকিঙৰ বেটিং-বলিঙৰ শীর্ষত গিল-ছিৰাজ

বিশেষ বাৰ্তা, ৮ নৱেম্বৰঃ এদিনীয়া বিশ্বকাপত ভাৰতীয় দলৰ অদমনীয় প্রদর্শন অব্যাহত থকাৰ মাজতেই আইচিচিয়ে প্রকাশ কৰিছে এদিনীয়া ক্রিকেটৰ ৰেংকিং৷ এই ৰেংকিঙতো দপদপনি ভাৰতীয় ক্রিকেটাৰৰ৷ টীম ইণ্ডিয়াই এদিনীয়া ৰেংকিঙৰ শীর্ষস্থান দখল কৰি থকাৰ সময়তে দলটোৰ দুই তাৰকা খেলুৱৈ শুভমন গিল আৰু মহম্মদ ছিৰাজে ৰেংকিঙৰ বেটিং আৰু বলিং শাখাৰ শীর্ষস্থান দখল কৰি এক অভিলেখো ৰছিবলৈ সক্ষম হয়৷ আইচিচিয়ে আজি প্রকাশ কৰা ৰেংকিঙৰ বেটিং শাখাত পাকিস্তান দলটোৰ অধিনায়ক বাবৰ আজমক আঁতৰাই গিলে শীর্ষস্থানটো দখল কৰে৷ চলিত বিশ্বকাপত দাঙি ধৰা দুর্দান্ত প্রদর্শনৰ সুবাদতেই গিলে শীর্ষস্থানলৈ উন্নীত হয়৷ বর্তমান গিলৰ ৰেটিং পইণ্ট হ’ল ৮৩০৷ বিপৰীতে বাবৰৰ ৰেটিং পইণ্ট হ’ল ৮২৪৷ ইফালে এদিনীয়া ৰেংকিঙৰ শীর্ষস্থান দখল কৰা গিল হ’ল ভাৰতৰ চতুর্থগৰাকী বেটাৰ৷ গিলৰ পূর্বে এই গৌৰৱ অর্জন কৰা ভাৰতীয় ক্রিকেটাৰকেইগৰাকী হ’ল শচীন তেণ্ডুলকাৰ, মহেন্দ্র সিং ধোনী আৰু বিৰাট কোহলি৷ ইফালে গিলে আজি বেটিঙৰ শীর্ষস্থান দখল কৰি ভাৰতৰ কনিষ্ঠতম বেটাৰ হিচাপে গৌৰৱ অর্জন কৰে৷ এইক্ষেত্রত গিলে ভাৰতৰ কিংবদন্তি খেলুৱৈ শচীন তেণ্ডুলকাৰক অতিক্রম কৰে৷ শচীনে ২৫ বছৰ বয়সত এদিনীয়া ৰেংকিঙৰ বেটিং শাখাৰ শীর্ষস্থান দখল কৰাৰ বিপৰীতে গিলে ২৪ বছৰ বয়সত এই কৃতিত্বৰ অধিকাৰী হয়৷ মন কৰিবলগীয়া বেটিং শাখাৰ শীর্ষ ১০ত থকা আন দুগৰাকী ভাৰতীয় ক্রিকেটাৰ হ’ল বিৰাট কোহলি আৰু ৰোহিত শর্মা৷ কোহলিয়ে চতুর্থ স্থান দখল কৰাৰ বিপৰীতে অধিনায়ক ৰোহিতে ষষ্ঠ স্থানত আছে৷ ইফালে চলিত বিশ্বকাপত দাঙি ধৰা দুর্দান্ত বলিঙৰ সুবাদত টীম ইণ্ডিয়াৰ পেচ বলাৰ মহম্মদ ছিৰাজে বলিং শাখাৰ শীর্ষস্থানটো দখল কৰিবলৈ সক্ষম হৈছে৷ তৃতীয় স্থানৰ পৰা ছিৰাজে শীর্ষস্থানলৈ উন্নীত হয়৷ যোৱা সপ্তাহত শীর্ষস্থানত থকা পাকিস্তানৰ শ্বাহিনশ্বাহ আফ্রিদীক আঁতৰাই ছিৰাজে শীর্ষ স্থানটো পুনৰ নিজৰ দখললৈ আনে৷ আফ্রিদীয়ে পঞ্চম স্থানলৈ অৱনমিত হৈছে৷ মন কৰিবলগীয়া যে বলিং শাখাৰ শীর্ষ ১০ত চাৰিগৰাকী ভাৰতীয় বলাৰে স্থান লাভ কৰিছে৷ শীর্ষস্থানত ছিৰাজে থকাৰ উপৰি চতুর্থ স্থানত কুলদীপ যাদৱ, অষ্টম স্থানত যশপ্রীত বুমৰাহ আৰু দশম স্থানত মহম্মদ ছামি আছে৷

#বাৰ্তা ডেস্ক

You might also like