২০২১ত কংগ্ৰেছৰে চৰকাৰ হ’বঃ ৰিপুণ বৰা
নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ ২০২১ৰ নিৰ্বাচনত কংগ্ৰেছৰে চৰকাৰ হ’ব। এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ। অসমৰ সংকটৰ সময়ত সকলো বিজেপি বিৰোধী শক্তি একত্ৰিত হোৱাৰ লগতে অসমীয়াৰ আৱেগ থকা জনতাই আৰু অসমীয়াৰ জাতিৰ স্বাৰ্থত যিসকলে ভাবিছে সকলোকে কংগ্ৰেছলৈ অহাৰো আহ্বান ৰিপুণ বৰাৰ। সকলোবোৰ CAA বিৰোধী আৰু বিজেপি বিৰোধী শক্তি একত্ৰিত হোৱাৰো আহ্বান ৰিপুণ বৰাৰ। লোকসভা নিৰ্বাচনৰ পিছতেই আমি কংগ্ৰেছে মিছন-৮০ ঘোষণা কৰিছো অহা নিৰ্বাচনত আমি একক সংখ্যা গৰিষ্ঠতা পাম আৰু চৰকাৰ গঠন কৰিম বুলিও মন্তব্য ৰিপুণ বৰাৰ।
আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে বিজেপিয়ে অসম বিৰোধী স্থিতি গ্ৰহণ কৰিছে সেইবাবে সকলো বিৰোধী শক্তি একত্ৰিত হৈ বিজেপিক অসমৰ পৰা উৎখাত কৰিবলৈ লাগে। ৰাজনীতিত সকলো সম্ভৱ আৰু মহাৰাষ্ট্ৰই ইয়াৰ এক উদাহৰণ বুলিও মন্তব্য কৰে ৰিপুণ বৰাই।