অভাৰ দ্য টপ (অ’টিটি) প্লেটফর্মসমূহৰ উত্থান এটা শেহতীয়া পৰিঘটনা আৰু ই সমগ্র বিশ্বৰ বিনোদন জগতৰ বাবে এক অভাৱনীয় উপহাৰ৷ এই প্লেটফর্মবোৰে বিনোদন জগতৰ বিশেষকৈ দৃশ্য–শ্রাব্য মাধ্যমসমূহৰ দেহ আৰু আত্মা উভয়কে অতি কম সময়ৰ ভিতৰতে পৰিৱর্তনৰ পথলৈ লৈ গৈছে৷ দ্রুতবেগী ইণ্টাৰনেট সর্বত্র বিয়পি পৰাৰ লগে লগে দর্শকে অন ডিমাণ্ড ষ্ট্রিমিং সেৱাৰ প্রতি আগ্রহী হৈ পৰিছে আৰু একে সময়তে পৰম্পৰাগত কেবল সংযোগবোৰ পৰিত্যাগ কৰিছে৷ অতি সহজে প্রৱেশ কৰিব পৰা এই অ’টিটি প্লেটফর্মবোৰত প্রৱেশ কৰা পদ্ধতি সহজ, তাত জমা কৰি ৰখা বিনোদন সামগ্রীৰ বিশাল ভাণ্ডাৰ, সহজ প্রৱেশ আৰু এইবোৰ সকলো চাব পাৰি নিজৰ ইচ্ছা আৰু সময় অনুযায়ী৷ এক কথাত পৰম্পৰাগত টেলিভিছন আৰু সমগোত্রীয় জগতখনত বিনোদন সামগ্রী নির্বাচনত দর্শক বা উপভোক্তাই মূল উৎসৰ ইচ্ছামতেই চলিব লাগিছিল, কিন্তু অ’টিটিবোৰে দর্শকক সেই সীমাবদ্ধতাৰ পৰা মুকলি কৰি নি এক বিৰল স্বাধীনতা প্রদান কৰিছিল৷ এই স্বাধীনতাই দর্শকক অ’টিটিৰ প্রতি অধিক আগ্রহী কৰি তুলিছিল৷ এই ক্রমবর্ধমান জনপ্রিয়তা আৰু অ’টিটিৰ ওপৰত কোনো ধৰণৰ চেন্সৰ বোর্ড নথকা ব্যৱস্থাই অ’টিটিৰ অনুষ্ঠান প্রস্তুতকর্তাসকলক্ দিছিল স্বাধীনতাৰ আনন্দ৷ এই অ’টিটি প্লেটফর্মসমূহ একো একোটা ব্যৱসায়িক প্রতিষ্ঠান, যাৰ প্রধান উদ্দেশ্যই হ’ল মুনাফা অর্জন৷ এই কথাটো মনত ৰাখিয়েই অ’টিটিৰ কাহিনীভিত্তিক ধাৰাবাহিকবোৰত উভৈনদী কৰি দিয়া হ‘ল নগ্ণতা, ক্রুডতা, অশালীন সংলাপ আৰু বিকৃত আনন্দ পাব পৰা অলেখ উপাদান৷ নেটফ্লিক্স, এমাজনৰ দৰে ডাঙৰ ব্যৱসায়ীয়েই নহয়, বিভিন্ন সৰু আকৃতিৰ প্রযোজকেও অ’টিটি প্লেটফর্মৰ ব্যৱসায়ত নামি পৰিছে আৰু দর্শকক টানি অনা নিজস্ব কৌশল ব্যৱহাৰ কৰিছে৷ অ’টিটিৰ লগে লগে জনপ্রিয় হোৱা এটি নাম হ’ল ৱেব ছিৰিজ৷ ৱেব ছিৰিজ মানেই যেন ‘বোল্ড ছিন’ এনেকুৱা পৰিৱেশ এটা লাহে লাহে প্রকট হৈ আহিছে৷
হিন্দী চিনেমা আৰু ভাৰতীয় চলচ্চিত্র উদ্যোগৰ গেম চেঞ্জাৰ হিচাপে আত্মপ্রকাশ কৰিছে অ’টিটি প্লেটফর্মবোৰে৷ নেটফ্লিক্স, এমাজন প্রাহম ভিডি’ আৰু ডিজনী হটষ্টাৰৰ দৰে ষ্ট্রিমিং সেৱাহ বলীউডকে ধৰি বিভিন্ন ঠাইৰ চলচ্চিত্র পৰিচালক, কলা–কুশলীক আমন্ত্রণ কৰি দি ছবি নির্মাণৰ দায়িত্ব অর্পণকৰিছে৷ চিত্রগৃহৰ বাবে ছবি নির্মাণ কৰা সময়ত নির্মাতা–পৰিচালকে নিজৰ মত আৰু কথনৰীতি অনুসৰি চিত্র নির্মাণ কৰি যাব পাৰে৷ কিন্তু অ’টিটিৰ দর্শকৰ মাজত এই দিশবোৰ চোৱা মানুহো থাকে আৰু তেওঁলোকে সহজেই অনুমান কৰিব পাৰে যে ছবি অথবা ৱেব ছিৰিজবোৰে বক্তব্যৰ দিশৰ পৰা আন এটা শক্তিৰ ওচৰত দায়বদ্ধ হৈ পৰিছে৷ এহ পৰিৱর্তনে স্বতন্ত্র চিনেমাৰ উত্থানৰ অনুমতি দিছে, সতেজ প্রতিভাক প্লেটফর্ম দিছে আৰু গল্প কোৱাৰ নতুন পদ্ধতিৰ পোষকতা কৰিছে৷ আৰু এটা উল্লেখযোগ্য কথা হ’ল অ’টিটি প্লেটফর্মসমূহে ভাৰতীয় ছবিক ঘৰুৱা সীমাৰ পৰা বাহিৰলৈ লৈ গৈ বিশ্বব্যাপী মঞ্চ প্রদান কৰে৷ কিন্তু অ’টিটি প্লেটফর্মসমূহে সীমাবদ্ধতাৰ মাজত থাকিও যৌনতা, হিংসা আৰু অশ্লীল শব্দৰ দৰে স্পষ্ট বিষয়বস্তু এনেদৰে অন্তর্ভুক্ত কৰিছে, যিটো পৰম্পৰাগত সংবাদ মাধ্যমে প্রায়ে এৰাহ চলিছে৷ এহ মত প্রকাশৰ স্বাধীনতাহ কলাত্মক প্রকাশ বনাম দায়িত্বশীল বিষয়বস্তু সৃষ্টিৰ ওপৰত বিতর্কৰ সূচনা কৰিছে৷ সেইবাবেই চৰকাৰে অ’টিটি প্লেটফর্মৰ কণ্টেণ্টৰ মান নিয়ন্ত্রণ কৰিবলৈ চেন্সৰশ্বিপৰ প্রয়োজন নেকি বুলি প্রশ্ণ উত্থাপন কৰিছে৷ এহ উদ্বেগসমূহৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো প্রত্যাহ্বানজনক আৰু বিভিন্ন দেশৰ দৃষ্টিভংগী বেলেগ বেলেগ৷ ভাৰত চৰকাৰে অ’টিটিৰ পৰিচালকসকলক অনুৰোধ কৰিছিল যে চেন্সৰ বোর্ড এখন গঠন কৰাৰ পৰিৱর্তে প্রযোজকসকলে যাতে নিজৰ নিজৰ ধৰণে কণ্টেণ্টৰ পৰীক্ষা–নীৰিক্ষা কৰি চাই ৰাইজে অভিযোগ কৰিবনলগীয়া পৰিৱেশ এটাৰ সৃষ্টি কৰিব পাৰে৷