🔹 দ্রৱীভূত অক্সিজেনৰ পৰিমাণ বৃদ্ধি
ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ নৱেম্বৰ : পৰিৱেশ প্রদূষণৰ ফলত সৃষ্ট জলবায়ু পৰিৱর্তনে বিশ্বৰ বিভিন্ন প্রান্তৰ লগতে ভাৰতবর্ষৰো ঠায়ে ঠায়ে সমস্যাৰ সৃষ্টি কৰি আহিছে৷ পূর্বে বান নোহোৱা অঞ্চলত বানৰ সৃষ্টি হোৱাৰ লগতে পানীৰ সমস্যা নোহোৱা অঞ্চলো খৰাংপীড়িত হোৱা দেখা গৈছে৷ শেহতীয়াকৈ বায়ু প্রদূষণে দেশৰ বিভিন্ন প্রান্তত সমস্যাৰ সৃষ্টি কৰাৰ সময়তে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে জল প্রদূষণো৷ অসমৰ অন্যতম প্রধান নদী ব্রহ্মপুত্রৰ কেইবাটাও পাৰঘাটৰ পানীত শেহতীয়াকৈ বৃদ্ধি হোৱা প্রদূষণৰ পৰিমাণে সম্প্রতি চিন্তিত কৰি তুলিছে৷ ৰাজ্যৰ বিশেষকৈ গুৱাহাটী মহানগৰীৰ অন্তর্গত ব্রহ্মপুত্র নদীৰ কেইবাটাও পাৰঘাটত দুর্গাপূজাৰ প্রতিমা বিসর্জন পর্বৰ সামৰণি পৰাৰ পিছতেই জল প্রদূষণৰ কেইবাটাও কাৰক বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ বিশেষজ্ঞৰ দলে দুটা পর্যায়ত ব্রহ্মপুত্রৰ ৮টা পাৰঘাটৰ পৰা সংগ্রহ কৰা পানীৰ নমুনা পৰীক্ষাৰ অন্তত পোহৰলৈ আহিল এই চাঞ্চল্যকৰ তথ্য৷ উল্লেখ্য যে এইবাৰ মহানগৰীৰ ৮টা পাৰঘাট ক্রমে চূণচালি, ডিগাৰু, চন্দ্রপুৰ, বশিষ্ঠ, সাওকুছি, মাজৰবাথ, ধাৰাপুৰ, পাণ্ডু, সোণাপুৰ আৰু কাছমাৰী ঘাটত দুর্গাপূজাৰ প্রতিমা বিসর্জন দিয়া হৈছিল৷ অকল গুৱাহাটী মহানগৰীতে এইবাৰ প্রায় ৫০০ দুর্গাপূজা অনুষ্ঠিত হৈছিল৷ সেই মতে উক্ত ঘাটসমূহত পানীৰ মানৰ গুণাগুণৰ পার্থক্য উলিয়াবলৈ প্রথম পর্যায়ত ১০ অক্টোবৰত পানীৰ নমুনা প্রদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ বিশেষজ্ঞই সংগ্রহ কৰিছিল৷ তাৰ পিছতেই দুর্গাপূজাৰ সামৰণিৰ দিনাখন অর্থাৎ ২৪ অক্টোবৰ আৰু ২৬, ২৮, ৩০ অক্টোবৰ আৰু ২ নৱেম্বৰত পৰিষদে পানীৰ নমুনা সংগ্রহ কৰিছিল৷ দুয়োটা পর্যায়ত সংগ্রহ কৰা নমুনাবোৰ পৰীক্ষাৰ পিছতেই প্রদূষণৰ তথ্য পোহৰলৈ আহিছে৷ প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ এটা সূত্রই জনোৱা মতে, চলিত বর্ষৰ বিভিন্ন সময়ত উক্ত ৮টা পাৰঘাটৰ পানীৰ নমুনা সংগ্রহ কৰি পৰীক্ষা চলোৱা হৈছিল৷ ১০ অক্টোবৰত সংগ্রহ কৰা পানীৰ নমুনাৰ সৈতে বছৰটোৰ বিভিন্ন সময়ত সংগ্রহ কৰা পানীৰ নমুনাৰ ফলাফল একে আছিল৷ অর্থাৎ পানীৰ গুণগত মান উন্নত আছিল৷ কিন্তু দুর্গাপূজাৰ সামৰণিৰ পিছৰে পৰাই উক্ত ৮টা ঘাটত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে জৈৱ ৰাসায়নিক অক্সিজেনৰ চাহিদাৰ পৰিমাণ৷ স্মর্তব্য যে প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ নিয়ম মতে ব্রহ্মপুত্রৰ পাৰঘাটকেইটাৰ পানীত জৈৱ ৰাসায়নিক অক্সিজেনৰ চাহিদাৰ পৰিমাণ ৩ মিলিগ্রাম/লিটাৰ থাকিব লাগে৷ কিন্তু দুর্গাপূজাৰ পিছতেই এই পৰিমাণৰ তাৰতম্য ঘটিছে৷ সূত্রটোৰ মতে নির্ধাৰিত পৰিমাণৰ তুলনাত এয়া সাধাৰণ বাঢ়িছে৷ কিন্তু বঢ়াটোৱে পানীয়ে প্রদূষিত হৈছে, সেয়া প্রতিফলিত কৰিছে৷ উল্লেখ্য যে BOD বা জৈৱ ৰাসায়নিক অক্সিজেনৰ চাহিদাৰ পৰিমাণ যিকোনো পানীত বাঢ়িলে প্রদূষণৰ পৰিমাপ বৃদ্ধি হয়৷ অর্থাৎ পানীখিনিত থকা জৈৱ পদার্থ যেনে বেক্টেৰিয়া আদি অধিক সক্রিয় হৈ পৰে জৈৱ ৰাসায়নিক অক্সিজেনৰ চাহিদা বঢ়াৰ লগে লগেই৷ যাৰ ফলত প্রদূষণৰ গতি অধিক ত্বৰান্বিত হয়৷ সূত্রটোৰ মতে, চৰকাৰ তথা প্রশাসনৰ তৎপৰতাৰ বাবেই এইবাৰ অধিক বৃদ্ধি হোৱা নাই বি অ’ ডিৰ পৰিমাণ৷ অৱশ্যে পৰৱর্তী সময়ত এই পৰিমাণ নিজে নিজেই নিয়ন্ত্রিত হোৱাৰো অৱকাশ নথকা নহয় বুলিও সূত্রটোৱে লগতে সদৰী কৰিছে৷