হাটশিঙিমাৰীত ভয়ংকৰ অগ্নিকাণ্ড; ১৪ লক্ষাধিক টকাৰ সা–সামগ্রী ভস্মীভূত
নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ দক্ষিণ শালামাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানাৰ অধীনস্থ খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ মানুল্লাপাৰা তিনিআলি বজাৰত কালি দিনৰ ১ বজাত হঠাৎ বিদ্যুৎ বিজুতি ঘটি অগ্ণিকাণ্ডৰ ঘটনা সংঘটিত হৈ প্রায় ১৪ লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি হয়৷
উল্লেখ্য যে ফৰিদুল ইছলাম ওৰফে ফকীৰ চান্দ নামৰ ব্যৱসায়ীজনৰ হার্ডৱেৰ দোকানৰ পৰা এই অগ্ণিকাণ্ডৰ সূত্রপাত ঘটে৷ ফলত নিমিষতে দোকানখন সম্পূর্ণৰূপে ভস্মীভূত হোৱাৰ লগতে প্রায় ১৪ লক্ষাধিক টকাৰ দোকানৰ বিক্রী কৰিবলগীয়া সামগ্রী ভস্মীভূত হয়৷ ইফালে, ঘটনাস্থলীৰ পৰা মাত্র প্রায় তিনি কিলোমিটাৰ নিলগত থকা জিলা সদৰ হাটশিঙিমাৰীস্থ অগ্ণিনির্বাপক বাহিনীক খবৰ দিয়া হয় যদিও অগ্ণিনির্বাপক বাহিনী আধা ঘণ্টা পলমকৈ অহাৰ বাবে দোকানখনৰ বৃহৎ ক্ষতি হোৱাত অগ্ণিনির্বাপক বাহিনীৰ ওপৰত ৰাইজে ক্ষুব্ধ হৈ অগ্ণিনির্বাপক বাহিনীৰ লোকৰ লগত তর্কত লিপ্ত হয়৷