নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেজেৰাত অত্যাধুনিক শক্তি বিতৰণ কেন্দ্র মুকলি

মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক প্রশংসা শক্তি বিভাগৰ বিষয়াৰ

নিয়মীয়া বাৰ্তা ২১ ফেব্ৰুৱাৰীঃ ২০০৮ চনত অসম শক্তি বিতৰণ কোম্পানীৰ বাইহাটা চাৰিআলি উপ–সংমণ্ডলৰ অধীনত জালুকবাৰী সমষ্টিৰ বিধায়ক পুঁজিৰ আনটাইড ফাণ্ডৰ জৰিয়তে বেজেৰাত নির্মাণ কৰা অত্যাধুনিক শক্তি বিতৰণ কেন্দ্রটো বৃহস্পতিবাৰে ৰাইজৰ সেৱাত মুকলি কৰে শক্তি বিভাগে৷ এই উপলক্ষে বেজেৰা আঞ্চলিক হাইস্কুলৰ গাতে লাগি থকা শক্তি বিতৰণ কেন্দ্র চৌহদত আয়োজিত অনুষ্ঠানত অসম শক্তি বিতৰণ কোম্পানীৰ কেইবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে৷ ৰাইজৰ সেৱাত বেজেৰা শক্তি বিতৰণ কেন্দ্র মুকলি কৰি অসম শক্তি বিতৰণ কোম্পানীৰ পৰিচালন সঞ্চালক ৰাকেশ আগৰৱালাই প্রথমে শলাগ লয় জালুকবাৰী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ জালুকবাৰী সমষ্টিৰ বিধায়ক পুঁজিৰ আনটাইড ফাণ্ডৰ ধনেৰে নির্মাণ কৰি বেজেৰা শক্তি বিতৰণ কেন্দ্রটো পূর্ণ পর্যায়ৰ শক্তি বিতৰণ কেন্দ্র হিচাপে গঢ়ি তোলাৰ ক্ষেত্রত কৃতিত্ব প্রদান কৰে জালুকবাৰীৰ বিধায়ক ড০ হিমন্ত বিশ্ব শর্মাক৷ আনহাতে, অসম শক্তি বিতৰণ কোম্পানীৰ মুখ্য প্রবন্ধক দীপক শর্মাই কয় যে বেজেৰা শক্তি বিতৰণ কেন্দ্রৰ ৩৩১১ কেভি বিদ্যুৎ যোগানৰ ক্ষমতা থাকিব৷ ২০১৯ জুলাই মাহত ইয়াক ক্ষমতাসম্পন্ন কৰি তোলাৰ কাম আৰম্ভ কৰি ৰাইজক সুৰক্ষিতভাৱে বিদ্যুত যোগানৰ নিমিত্তে ৰাইজৰ সেৱাত উৎসর্গা কৰা হয়৷ মুখ্য প্রবন্ধক দীপক শর্মাই আৰু কয় যে এতিয়াৰ পৰা অঞ্চলটোত ৰাইজে নিয়মীয়াকৈ বিদ্যুৎ লাভ কৰিব৷ পূর্বৰ তুলনাত উন্নত মানৰ ভ’ল্টেজ লাভ কৰিব বিদ্যুৎ গ্রাহকে৷ বিদ্যুৎ সেৱাৰ লগত জড়িত প্রতিষ্ঠানসমূহৰো অসুবিধাসমূহ দূৰ হ’ব৷ বেজেৰা শক্তি বিতৰণ কেন্দ্রৰ জৰিয়তে বেজেৰাৰ লগতে মান্দাকাটা,বৰপলহা,বালিকুছি, শিঙাৰপাৰা,বনগাঁও, তুলামাটিৰ উপৰি কামৰূপ–দৰং সীমাৰ ৰাইজৰ বিদ্যুতৰ চাহিদা এতিয়াৰ পৰা দূৰ কৰিব৷ অসম শক্তি বিতৰণ কোম্পানীৰ সহকাৰী মহাপ্রবন্ধক দিগন্ত ডেকাই আঁত ধৰা মুকলি অনুষ্ঠানত মুখ্য মহাপ্রবন্ধক নির্মলজিৎ দাস, ৰঙিয়াৰ বৈদ্যুতিক চক্রৰ মুখ্য কার্যবাহী বিষয়া ৰাতুল দেৱ গোস্বামী, ৰঙিয়া সংমণ্ডলৰ মহাপ্রবন্ধক নাফিজা হুছেইন বৰবৰা আৰু বাইহাটা চাৰিআলি বিদ্যুৎ উপ–সংমণ্ডল বিষয়া যোগেন দাস উপস্থিত থাকে৷ তদুপৰি ৰাইজৰ ফালৰ পৰা বেজেৰাৰ গাঁও প্রধান দণ্ডধৰ ভূঞা, বেজেৰা জিলা পৰিষদৰ প্রাক্তন সদস্য ৰমনীমোহন ডেকা, বেজেৰা আঞ্চলিক পঞ্চায়তৰ সদস্যা জোতি কুমাৰ, বেজেৰা মণ্ডল বিজেপিৰ সভাপতি দিলীপ ডেকাৰ উপৰি বেজেৰা অঞ্চলৰ কেইবাজনো বিশিষ্ট নাগৰিকে ভাষণ দি জালুকবাৰী সমষ্টিৰ বিধায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে অসম শক্তি বিতৰণ কোম্পানীৰ পদক্ষেপক শলাগ লয়।

You might also like