উত্তৰকাশীৰ সুৰংগ বিপর্যয়
উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ছিল্কিৱাৰাত সুৰংগ পথত সংঘটিত বিপর্যয়ে ৪১জন শ্রমিকৰ জীৱনলৈ আশংকা কঢ়িয়াই আনিছে৷ সুৰংগৰ এটা প্রান্ত খহি ইয়াৰ মুখ বন্ধ হৈ পৰাৰ লগে লগে আবদ্ধ হৈ পৰে ৪১জন শ্রমিক৷ দুসপ্তাহ ধৰি অত্যাধুনিক মার্কিন প্রযুক্তি আৰু দেশীয় প্রযুক্তিৰ ব্যৱহাৰেৰে শ্রমিকসকলক উদ্ধাৰ কৰাৰ বাবে চেষ্টা চলোৱা হ’ল৷ কিন্তু এই চেষ্টা ব্যর্থ হৈছে৷ চূড়ান্ত পর্যায়ত আমেৰিকাৰ পৰা অনা ড্রিলিং মেচিনৰ ব্লেড ভাগি যোৱাৰ পিছত কেতিয়া শ্রমিকসকলক উদ্ধাৰ কৰা সম্ভৱ হ’ব, তাক লৈ সৃষ্টি হৈছে অনিশ্চয়তা৷ দুর্যোগ ব্যৱস্থাপনা বাহিনীৰ লগতে এইবাৰ সেনাক মোতায়েন কৰা হৈছে উদ্ধাৰ কার্যত৷ চিন্তা কৰা হৈছে মেনুৱেল ড্রিলিঙৰ কথা৷ অর্থাৎ এইবাৰ হাতেৰে খনন আৰম্ভ কৰিব সুৰংগ পথৰ উপৰ ভাগত৷ উপৰ ভাগেৰে শ্রমিকসকলৰ ওচৰলৈ উদ্ধাৰকাৰী গৈ পাবলৈ কমপক্ষেও ১০ মিটাৰ খনন কৰিব লাগিব৷ কিন্তু এই খনন কার্যত যথেষ্ট সময় লাগিব বুলি ধাৰণা কৰা হৈছে৷ হয়তো এমাহো লাগিব পাৰে৷ তেতিয়ালৈকে শ্রমিকসকল সুস্থিৰ অৱস্থাত থাকিব নে নাই, তাক লৈ আশংকা বৃদ্ধি পাইছে৷ আমেৰিকান ড্রিলিং মেচিন বন্ধ হৈ পৰাৰ লগে লগে মেনুৱেল ড্রিলিঙৰ কামৰ প্রস্তুতি ইতিমধ্যে চলোৱা হৈছে৷ ইফালে, কামৰ গতি বৃদ্ধি কৰিবলৈ হায়দৰাবাদৰ পৰা অনা হৈছে মেগ্মা প্লাজমা কাটাৰ৷ ৪১ দুর্গত শ্রমিকক সুৰংগৰ পৰা উদ্ধাৰৰ আশা যোগায়ো বিকল হৈ পৰিছে ‘অগাৰ’ মেচিন৷ এতিয়া সেই মেচিনক কাটি বাহিৰ কৰিব লাগিব সুৰংগ পথৰ পৰা৷ নহ’লে সুৰংগৰ বাকী অংশ মুকলি কৰাটো সম্ভৱ নহ’ব৷ আন্তর্জাতিক সুৰংগ বিশেষজ্ঞ আর্নল্ড ডিস্কে উল্লেখ কৰিছে যে অগাৰ মেচিন শীঘ্রে বাহিৰ কৰিব লাগিব৷ মেচিনৰ ভঙা অংশ মেগ্মা প্লাজা কাটাৰেৰে কাটি কাটি বাহিৰলৈ আনিব লাগিব৷ ইতিমধ্যে পাইপৰ জৰিয়তে এই কাটাৰ ভিতৰলৈ পঠিয়াই অগাৰ মেচিনৰ ভাগি পৰা অংশৰ কিছু অংশ কাটি অনা হৈছে৷ এই কাম শেষ হ’লেই মেনুৱেল ড্রিলিং আৰম্ভ কৰিব উদ্ধাৰকাৰী দলে৷ ইফালে, মেনুৱেল ড্রিলিঙত এইবাৰ ভাৰতীয় সেনা জোৱানসকলক ব্যৱহাৰ কৰা হৈছে৷ এই পর্যায়ত সুৰংগৰ ওপৰেৰে যাতে নতুনকৈ ভূমিস্খলনৰ সৃষ্টি নহয় সেই বিষয়টোত গুৰুত্ব প্রদান কৰিবলগীয়াও হৈছে৷ বিশেষজ্ঞসকলৰ এটাই আশংকা সুৰংগত আবদ্ধ হৈ থকা শ্রমিকসকলক উদ্ধাৰ কৰিবলৈ ওপৰেৰে সুৰংগ খান্দি থকাৰ সময়ত নতুনকৈ ভূমিস্খলনৰ সৃষ্টি হ’ব পাৰে৷ নতুনকৈ ভূমিস্খলন সৃষ্টি হ’লে দুর্গত শ্রমিকসকলৰ জীৱনলৈ আশংকা বৃদ্ধি পাব৷ ইফালে, আবদ্ধ শ্রমিকসকলক পৰিয়ালৰ লোকসকলৰ সৈতে বার্তালাপ কৰিবলৈ পাইপেৰে বিএছএনএলৰ লেণ্ডলাইন ফোনৰ ব্যৱস্থা কৰি দিয়া হৈছে৷ ইয়াৰ জৰিয়তে শ্রমিকসকল উৎসাহী হৈ পৰাৰ উপৰি দুর্গম সুৰংগত সুস্থিৰে থকাৰ মানসিক সাহস লাভ কৰিব বুলি ধাৰণা কৰা হৈছে৷ তথাপি দুর্গত শ্রমিকসকলৰ ওচৰত কেতিয়া উদ্ধাৰকাৰী উপস্থিত হ’বলৈ সক্ষম হ’ব, সেয়া অনিশ্চিত হৈ আছে৷ অর্থাৎ শ্রমিকসকলে কেতিয়া বাহিৰৰ পোহৰ দেখিবলৈ পাব সেয়া এতিয়াও থিৰাংকৈ ক’ব নোৱাৰি৷ গতিকে সুৰংগ বিপর্যয়ৰ পিছত শ্রমিকসকলৰ জীৱনৰ প্রতি আশংকা অব্যাহত আছে৷
এতিয়া প্রশ্ণটো হৈছে এই সুৰংগ পথত উদ্ধাৰকাৰীয়ে খননৰ ক্ষেত্রত ইমান সতর্কতা অৱলম্বন কৰিবলগীয়া হৈছে কিয়? পূর্বৰে পৰা উত্তৰাখণ্ডৰ ভূ–তত্ত্বক লৈ বিশেষজ্ঞসকলে বিভিন্ন মতামত আগবঢ়াই আহিছে৷ উত্তৰাখণ্ডত অবৈজ্ঞানিক নির্মাণ আৰু খননে পৰিস্থিতি জটিল কৰি তুলিছে৷ ইয়াৰ পূর্বে যোশীমঠকে ধৰি বিভিন্ন স্থানত ভূ–স্তৰ বহি যোৱা ঘটনাই সৃষ্টি কৰিছিল আতংকৰ৷ বহু স্থানত প্রাসাদসমূহ খালী কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছিল বাসিন্দাসকলক৷ উত্তৰকাশীৰ এই অঞ্চলটোও অতি স্পর্শকাতৰ বুলি ধাৰণা কৰা হৈছে৷ উদ্ধাৰকাৰী বিশেষজ্ঞসকলে সেইবাবে প্রতি মুহূর্ততে সুৰংগ খান্দিবলৈ গৈ কাচঘৰৰ ওপৰত বহি থকা বুলি মন্তব্য কৰিছে৷ যিকোনো মুহূর্ততে দুর্গম সুৰংগৰ অন্য স্থান বহি যাব পাৰে৷ যাৰ ফলত অভাৱনীয় বিপর্যয়ৰ সৃষ্টি হ’ব৷ এনে পৰিস্থিতিত ৪১জন শ্রমিকক উদ্ধাৰ কৰিবলৈ বহু উন্নত প্রযুক্তি ব্যৱহাৰ কৰিও ব্যর্থতাক আঁকোৱালি ল’বলগীয়া হৈছে বিশেষজ্ঞসকলে৷ আমেৰিকান সুৰংগ বিশেষজ্ঞ আর্নল্ড ডিস্কে হিমালয়ান ভূ–তত্ত্বৰ কথা বাৰে বাৰে উল্লেখ কৰিবলগীয়া হৈছে সংবাদ মাধ্যমৰ আগত৷ গতিকে মেনুৱেল ড্রিলিং অতি সাৱধানতাৰে আগবঢ়াব লাগিব৷ অন্যথা সুৰংগ পথৰ ওপৰৰ পৰা উলম্বভাৱে খনন কৰাৰ সময়ত নতুনকৈ সৃষ্টি হ’ব পাৰে ভূমিস্খলন৷ আনকি শ্রমিকসকল আবদ্ধ হৈ থকা স্থানতো এনে ভূমিস্খলনে বিপর্যয় কঢ়িয়াই আনিব পাৰে৷ দুর্গত শ্রমিকসকলৰ জীৱন ৰক্ষা কৰিবলৈ চৰকাৰে সর্বতো প্রকাৰৰ ব্যৱস্থা গ্রহণ কৰিছে৷ শ্রমিকসকলক পাইপেৰে সকলো সময়তে খাদ্য, পানী, অক্সিজেন তথা যাৱতীয় সামগ্রী যোগান ধৰি অহা হৈছে৷ কিন্তু ইয়াৰ মাজতো শ্রমিকসকলৰ মনোবল কেতিয়ালৈকে অটুট থাকিব তাক লৈ আশংকা হৈছে বিভিন্ন মহলত৷ দেশবাসীৰ প্রার্থনা এয়েই যে দুসপ্তাহ ধৰি সুৰংগত আবদ্ধ হৈ থকা শ্রমিকসকলক উদ্ধাৰকাৰীয়ে জীৱন্তে উদ্ধাৰ কৰক৷ এতিয়া উদ্ধাৰ কার্য কিমান ক্ষিপ্রতৰ কৰি তুলিব পৰা যায় তাৰ ওপৰত নজৰ দিছে দেশৰ কোটি কোটি লোকে৷ সেনা মোতায়েনৰ পিছত বিভিন্ন মহলৰ আশা সজীৱ হৈছে যে মেনুৱেল ড্রিলিং ক্ষিপ্রতৰ হ’ব আৰু শীঘ্রে নিৰাপদে সুৰংগৰ পৰা শ্রমিকসকলক বাহিৰলৈ আনিব পৰা যাব৷