সেনাত সম–ধিকাৰ
লিংগবৈষম্য দূৰ কৰাৰ ক্ষেত্রত উচ্চতম ন্যায়ালয়ে এক সবল পদক্ষেপ গ্রহণ কৰিলে৷ যোৱা সপ্তাহত ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে সেনাবাহিনীত পুৰুষ আৰু মহিলা বিষয়াৰ সমান অধিকাৰৰ সপক্ষে ৰায় দিয়াৰ পিছত এক দীঘলীয়া বিতর্কৰ অন্ত পৰাৰ পথ মুকলি হ’ল৷ লিংগবৈষম্য দূৰ কৰাৰ বাবে বিগত কেইবাদশক ধৰি দল–সংগঠন–এনজি’ৰ নিৰৱচ্ছিন্ন হেঁচাৰ মাজতে পূর্বৰ চৰকাৰসমূহে বিভিন্ন পদক্ষেপ হাতত লৈ আহিছে৷ মহিলাক সম–ধিকাৰ প্রদানৰ ক্ষেত্রত এশ শতাংশ সন্তুষ্টিদায়ক নহ’লেও চৰকাৰসমূহে বৈষম্য বহু পৰিমাণে দূৰ কৰিবলৈ সক্ষম হৈছে৷ কিন্তু সেনাবাহিনীত মহিলাক বিষয়া হিচাপে নিযুক্তি দিয়াৰ পিছতো তেওঁলোকক গুৰুত্বপূর্ণ অধিকাৰৰ পৰা বঞ্চিত কৰি অহা হৈছে৷ মহিলা সেনা বিষয়াই আজিও কমাণ্ডো পজিচনত দায়িত্ব লাভ নকৰে৷ এই শ্বর্ট ছার্ভিচ কমিছনড্ (এছএছচি) মহিলা সেনা বিষয়াসকল নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে৷ লক্ষণীয় যে ২০০৩ চনতেই এক ৰাজহুৱা স্বার্থজড়িত আবেদনৰ জৰিয়তে মহিলা সেনা বিষয়াক সমান অধিকাৰ প্রদানৰ বাবে ন্যায়ালয়ত আর্জি পেছ কৰা হৈছিল৷ ইয়াৰ পিছত কেইবাখনো আবেদন ন্যায়ালয়ত দাখিল কৰা হয়৷ ২০১০ চনত দিল্লী উচ্চ ন্যায়ালয়ে মহিলা সেনা বিষয়াক সম–ধিকাৰ আৰু সম–মর্যাদা প্রদান কৰাৰ সপক্ষে ৰায় দিয়ে যদিও তদানীন্তন ইউপিএ চৰকাৰে ন্যায়ালয়ৰ এই নির্দেশ কার্যকৰী কৰিবলৈ অমান্তি হয়৷ বৰঞ্চ কেন্দ্রীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত দিল্লী উচ্চ ন্যায়ালয়ৰ এই ৰায়ক প্রত্যাহ্বান জনায়৷ ইয়াৰ প্রায় দহ বছৰৰ পিছত চৰকাৰৰ নেতিবাচক স্থিতিৰ বিপৰীতে ন্যায়ালয়ে মহিলা সেনা বিষয়াক পুৰুষৰ সমানেই অধিকাৰ প্রদান কৰাৰ সপক্ষে ৰায় দিয়ে৷ উচ্চতম ন্যায়ালয়ৰ এই ৰায় আদৰণীয়৷ কিয়নো, সংবিধানত সকলোকে সম–ধিকাৰ প্রদান কৰা হৈছে৷ লিংগভেদে সকলোৱে সমান অধিকাৰ পাবই লাগিব৷ উচ্চতম ন্যায়ালয়ে কাকো ভেদাভেদৰ দৃষ্টিৰে নোচোৱাৰ নীতিক সমর্থন কৰি এই ৰায় দিছে৷ লক্ষণীয় যে দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ বিৰোধিতা কৰি চৰকাৰী অধিবক্তাই বিভিন্ন যুক্তি প্রদর্শন কৰিছিল৷ এই যুক্তিসমূহৰ এটা প্রধান দিশ আছিল নাৰীৰ শাৰীৰিক গঠন আৰু ইয়াৰ বাবে আহি পৰা সীমাবদ্ধতা৷ কিন্তু, ন্যায়ালয়ৰ মতে শাৰীৰিক গঠনক লৈ কৰা এনে মন্তব্য কেৱল ভাৰতীয় মহিলাৰ বাবেই নহয়, ভাৰতীয় সেনাৰ বাবেও অপমানজনক৷ উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত এতিয়া মহিলা সেনা বিষয়াই নির্ণায়ক আৰু নীতি নির্ধাৰণকাৰী সিদ্ধান্ত গ্রহণ কৰাৰ অধিকাৰ লাভ কৰিব লাগে৷ কিন্তু চৰকাৰে উচ্চতম ন্যায়ালয়ৰ এই ৰায়দান কিদৰে কার্যকৰী কৰে সেয়া হ’ব লক্ষণীয়৷
উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তক লৈ ভাৰতীয় সেনাই এতিয়াও স্পষ্ট ৰূপত কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই৷ প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে এই ৰায়ক আদৰণি জনাইছে যদিও চৰকাৰে এই পর্যন্ত মহিলা সেনা বিষয়াক সমান অধিকাৰ প্রদানৰ প্রক্রিয়াটো কার্যকৰী কৰাৰ ক্ষেত্রত কোনো পদক্ষেপ লোৱা নাই৷ কেন্দ্রৰ স্থিতি হ’ল পুৰুষ সেনা বিষয়াক কমাণ্ডিঙৰ সম্পূর্ণ অধিকাৰ প্রদান কৰি মহিলা বিষয়াক সমান সা–সুবিধা প্রদানেৰে এনে গুৰুত্বপূর্ণ দায়িত্বৰ পৰা আঁতৰাই ৰখা৷ কিন্তু বহু সাহসী মহিলা সেনা বিষয়াই ইয়াক লৈ সন্তুষ্ট হ’ব পৰা নাই৷ যিসকল সেনা বিষয়াই কমেও ১৪ বছৰ সেনাবাহিনীত বিষয়া হিচাপে চাকৰি কৰিছে, তেওঁলোকক চৰকাৰে সম্পূর্ণ অৱসৰকালীন সা–সুবিধাৰ লগতে অন্যান্য সা–সুবিধা প্রদানৰ ব্যৱস্থা কৰি ৰাখিছে৷ কিন্তু উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে এনে সা–সুবিধাই মহিলাক পুৰুষৰ সমানে অধিকাৰ প্রদান কৰাটো নুবুজায