নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রামাঞ্চলৰ মানুহে ভাষা–সংস্কৃতি দেশপ্রেম জীয়াই ৰাখিছেঃ নৰেশ কলিতা

কৈঠালকুছিত আৰম্ভ ‘সুনাগ’ৰ ষষ্ঠ বার্ষিক পথাৰ নাট মেলা

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ গাঁৱত বাস কৰা মানুহে ভাষা–সংস্কৃতি, কলা–কৃষ্টিৰ লগতে দেশপ্রেম জীয়াই ৰাখিছে৷ গ্রামাঞ্চলৰ লোকসকলে অশেষ কষ্ট কৰি খেতিবাতি কৰি ৰাজ্যখনলৈ অনবদ্য বৰঙণি আগবঢ়াই অহাৰ লগতে গাঁৱত বাস কৰা মানুহ তথা গাঁৱৰ শিল্পীসকলে পুৰণিকলীয়া অসমীয়া লোক–সংস্কৃতিৰ চর্চা অব্যাহত ৰাখিছে৷ তেওঁলোকে অসমীয়া পুৰণিকলীয়া কলা–সংস্কৃতি জীয়াই ৰাখিছে৷ গ্রামাঞ্চলৰ লোকসকলে ৰাজহুৱাকৈ উৎসৱ–পার্বণ, পূজা–র্চনা, সভা মহোৎসৱ আদি অনুষ্ঠিত কৰি সমাজৰ সকলোকে একত্রিত কৰি একতাৰ এনাজৰিডাল সুদৃঢ় কৰি আহিছে৷’ এই মন্তব্য ‘নিয়মীয়া বার্তা’ কাকতৰ সম্পাদক, বিশিষ্ট সাংবাদিক নৰেশ কলিতাৰ৷ নলবাৰী জিলাৰ পৰা অসমৰ সীমা অতিক্রমী দলীয় অপেছাদাৰী নাট্য চর্চাক সর্বভাৰতীয় প্রেক্ষাপটলৈ আগবঢ়াই নিয়া সূর্যোদয় নাট্যগোষ্ঠী চমুকৈ সূনাগ কৈঠালকুছিৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সৌজন্যত শুকুৰবাৰৰ পৰা কৈঠালকুছিৰ বাসন্তী মন্দিৰৰ সমীপৰ মিশ্রপাৰা–কানাইতোলা সংযোগী পথাৰৰ মুনিন বৰুৱা সোঁৱৰণী ক্ষেত্রত আৰম্ভ হোৱা ষষ্ঠ বার্ষিক পথাৰ নাটমেলাত আজি স্মৃতিগ্রন্থ ‘আমাৰ পথাৰ’ উন্মোচন কৰি বিশিষ্ট সাংবাদিক কলিতাই পুনৰ কয়–‘বুদ্ধিৰ বিকাশৰ ক্ষেত্রত গ্রন্থৰ ভূমিকা অপৰিসীম৷ গ্রন্থ এখনক জ্ঞানৰ অক্ষয় ভাণ্ডাৰ বুলি কোৱা হয়৷ গ্রন্থ অধ্যয়নে এজন মানুহক মনৰ আন্ধাৰৰ পৰা আঁতৰাই জ্ঞানৰ আলোকেৰে আলোকিত কৰি তোলে৷ কিন্তু বর্তমান সময়ত আমাৰ সমাজত গ্রন্থ অর্থাৎ কিতাপ পঢ়া মানুহৰ সংখ্যা কমিছে৷ অধ্যয়ন অবিহনে আমি কেতিয়াও সুস্থ–সবল অসমীয়া জাতি গঠন কৰিব নোৱাৰিম৷ বর্তমান সময়ত নৱপ্রজন্মক অধ্যয়নৰ প্রতি আগ্রহ বঢ়াবৰ বাবে সমাজৰ সচেতন লোকসকলক গ্রামাঞ্চলত গ্রাম্য পুথিভঁৰাল স্থাপন কৰি কিতাপ পঢ়াৰ বাতাৱৰণ গঢ় দিবলৈ আহ্বান জনায়৷ লগতে তেওঁ স্মৃতিগ্রন্থ একোখন একোটা অনুষ্ঠানৰ দলিল স্বৰূপ বুলি উল্লেখ কৰি একোখন স্মৃতিগ্রন্থৰ জৰিয়তে অনুষ্ঠান এটিৰ গুণৰাজি যুগ– যুগান্তৰলৈ সজীৱ হৈ থাকে বুলি মন্তব্য কৰে৷ চামতাৰ কামৰূপ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড০ সঞ্জীৱ কুমাৰ গোস্বামীৰ সভাপতিত্বত আৰু কবি, সাংবাদিক নৱজ্যোতি পাঠকে আঁত ধৰা গ্রন্থ উন্মোচনী সভাখনত নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি নলবাৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড০ অমৰ নায়ক আৰু নলবাৰীৰ শংকৰদেৱ একাডেমীৰ সমন্বয়ক ড০ শৈলেন্দ্র প্রসাদ শর্মাই সূনাগৰ প্রচেষ্টাৰ শলাগ লয়৷ সভাখনত মাখিবাহাৰ বিশিষ্ট ওজাপালি শিল্পী ৰত্নেশ্বৰ শীলক সূনাগৰ তৰফৰ পৰা বিশেষভাৱে সম্বর্ধনাও জনোৱা হয়৷ ধাননি পথাৰৰ শুকান নৰা আৰু সৰিয়হ খেতিৰ হালধীয়া সৰিয়হ ফুলৰ মাজৰ মুকলি ঠাইত সম্পূর্ণ গ্রাম্য পৰিৱেশত দিনৰ পোহৰত আয়োজিত পথাৰ নাটমেলা আজি পুৱা আয়তীৰ নামেৰে শুভাৰম্ভ কৰাৰ পিছত গছপুলি ৰোপণ কৰে কৈঠালকুছিৰ অসম কেশৰী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ কনক পাঠকে৷ ইয়াৰ পিছত সূনাগৰ ২২ বছৰীয়া বর্ষপূর্তি উপলক্ষে বন্তি প্রজ্বলন কৰে বিশিষ্ট ব্যক্তি, শিক্ষক, সাংবাদিক ক্রমে ভূপাল মিশ্র, যামিনী কুমাৰ শর্মা, হৰেন্দ্র নাৰায়ণ দেৱ গোস্বামী,পয়োধৰ মিশ্র, ফণীভূষণ শর্মা, দীননাথ দেৱ শর্মা, যজ্ঞেশ্বৰ হালৈ, বিকাশ বেজবৰুৱা, ধীৰেণ শর্মা, লোহিত পাঠক, ৰামমোহন বেজবৰুৱা, কমল বৰুৱা আৰু শৈলেন বর্মনে৷ বিয়লি বিশিষ্ট ব্যক্তি, কবি, সাহিত্যক, শিল্পী ক্রমে প্রয়াত ৰত্ন ওজা, শশী শর্মা, অৰুণ শর্মা, যোগেন দাস, অনুপম কুমাৰৰ লগতে ‘কা’বিৰোধী আন্দোলনত শ্বহীদ হোৱা দীপাঞ্জল দাস, ছেম ষ্টেফর্ড, দীজেন্দ্র পাংগিং, ঈশ্বৰ নায়ক, আব্দুল আলিম, গজেন বৰুৱাৰ প্রতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্বলন কৰি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে নাট্যকর্মী পৱিত্র ৰাজখোৱা, কবি ৰসিতা নায়ক শর্মা আৰু ছাত্রনেতা চন্দন বেজবৰুৱাই৷ ইয়াৰ পিছত মুনিন বৰুৱা সোঁৱৰণী ক্ষেত্র উন্মোচন কৰে বিশিষ্ট চলচ্চিত্র অভিনেতা যতীন বৰাই৷ পিছত মুনিন বৰুৱাৰ প্রতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্বলন কৰে তেওঁৰ সহধর্মিনী মঞ্জুলা বৰুৱাই, লগতে পৰাগ শর্মাৰ প্রতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্বলন কৰে যামিনী শর্মাই৷ ইয়াৰ পিছত গুৱাহাটী দূৰদর্শন কেন্দ্রৰ সবিতা ৰাণী দেৱীয়ে নাট উদ্বোধন কৰে৷ আজি নাট্যগোষ্ঠী ক্রমে সূর্য গুৱাহাটীয়ে নয়ন প্রসাদ পৰিচালিত নাট ‘মুখামুখি’ আৰু ‘বা’ গুৱাহাটীয়ে পাকিজা বেগম পৰিচালিত নাট ‘পদ্মপ্রিয়া’ নিবেদন কৰে৷ আজিৰ এই নাট্য আবেলিত নলবাৰীৰ বিধায়ক অশোক শর্মা আৰু বিশিষ্ট অভিনেত্রী পূর্ণিমা পাঠক শইকীয়া অতিথি হিচাপে উপস্থিত থাকে৷পথাৰ নাট মেলাত উপস্থিত হোৱা বিশিষ্ট ব্যক্তিসকলক সূনাগৰ তৰফৰ পৰা গ্রামাঞ্চলত উৎপাদিত হোৱা বিভিন্ন শাক–পাচলি, লগতে ৰঙালাউ,পানীলাউ, আলু, কবি আদিৰে আদৰণি জনায়।

You might also like