নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আর্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ গ্রন্থমেলাত মাতৃভাষা দিৱস উদযাপন

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ আগশাৰীৰ শিক্ষানুষ্ঠান আর্য বিদ্যাপীঠ মহাবিদ্যালয়ত প্রথমবাৰৰ বাবে সপ্তাহজোৰা কার্যসূচীৰে অনুষ্ঠিত গ্রন্থমেলাত শুকুৰবাৰে মাতৃভাষা দিৱস উদ্যাপন কৰা হয়৷ মাতৃভাষা দিৱসৰ লগত সংগতি ৰাখি গ্রন্থমেলাত আয়োজন কৰা আলোচনা–চক্রত বিশিষ্ট ঔপন্যাসিক অনুৰাধা শর্মা পূজাৰীয়ে উপস্থিত থাকি মাতৃভাষাৰ ওপৰত আলোচনা আগবঢ়ায়৷ উল্লেখ্য যে যোৱা ১৭ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হোৱা আর্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ গ্রন্থমেলা উদ্বোধন কৰে ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ অমৰজ্যোতি চৌধুৰী, অৰূপা পটংগীয়া কলিতা আৰু কে কে এইচ ইউৰ উপাচার্য ড০ হিতেশ ডেকাই৷ গ্রন্থমেলাৰ লগত সংগতি ৰাখি প্রতিদিনে মহাবিদ্যালয়ৰ চৌহদত চিত্রাংকন, কবিতা আবৃত্তি, কুইজ আদি প্রতিযোগিতাৰ লগতে আলোচনা–চক্রও অনুষ্ঠিত কৰা হৈছে৷ প্রতিদিনে সন্ধিয়া বিভিন্ন মহাবিদ্যালয়ৰ ছাত্র–ছাত্রীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হৈছে৷ শুকুৰবাৰে সাংস্কৃতিক অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্র–ছাত্রীসকলে ‘লভিতা’ নাটখন মঞ্চস্থ কৰে৷ কাইলৈ ‘সৰাপাতৰ কবিতা’ শীর্ষক এখন কবি সন্মিলন অনুষ্ঠিত হ’ব৷ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত লোকসংস্কৃতিৰ গৱেষক ড০ অনিল শইকীয়াই অসমৰ কাহিনী–গীত বিষয়ক এক বিশেষ অনুষ্ঠান পৰিৱেশন কৰিব৷ প্রথমবাৰৰ বাবে আর্য বিদ্যাপীঠ মহাবিদ্যালয়ত অনুষ্ঠিত গ্রন্থমেলাত ছাত্র–ছাত্রী তথা গ্রন্থপ্রেমীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে৷ এই গ্রন্থমেলাত ৩৯খন বিপণীয়ে অংশগ্রহণ কৰিছে বুলি আহ্বায়ক ড০ পংকজজ্যোতি গগৈয়ে জানিবলৈ দিছে৷

You might also like