জনপ্ৰিয় কণ্ঠশিল্পী অৰুণ দাসৰ দেহাৱসান
বিশেষ বাৰ্তা, ৩ ডিচেম্বৰ : ৯০ দশকৰ বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰা দৰদী কণ্ঠশিল্পী অৰুণ দাস আৰু নাই । আজি পুৱা ৪:৩৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল শিল্পীগৰাকী। ৯০ দশকৰ বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰি অসমবাসীৰ হিয়াৰ আমঠু হৈ পৰিছিল শিল্পীগৰাকী। ক’ভিডত আক্ৰান্ত হোৱাৰ পিছৰে পৰা শিল্পীগৰাকী শাৰীৰিকভাৱে বহু দুৰ্বল হৈ পৰিছিল। আজি পুৱা সৰুমটৰীয়াৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে শিল্পী অৰুণ দাসে।