নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুদিনীয়া ভ্রমণসূচীৰে মাজুলীত সর্বানন্দ সোণোৱাল

জিলা উন্নয়ন সমন্বয়ৰক্ষী–নিৰীক্ষক সমিতিৰে গুৰুত্বপূর্ণ বৈঠক

নিয়মীয়া বাৰ্তা, ২২ ফেব্রুৱাৰীঃ মুখ্যমন্ত্রী তথা মাজুলী সমষ্টিৰ বিধায়ক সর্বানন্দ সোণোৱাল দুদিনীয়া চৰকাৰী ভ্রমণসূচী লৈ শুকুৰবাৰে দিনৰ ১.১৫ বজাত বিশেষ হেলিকপ্টাৰেৰে মাজুলীৰ গড়মূৰত উপস্থিত হয় ৷ প্রথমে গড়মূৰ কাছাৰী ময়দানৰ পৰা আৱর্ত ভৱনলৈ যায় তাৰ পিছতে জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত মাজুলী জিলা উন্নয়ন সমন্বয়ৰক্ষী আৰু নিৰীক্ষণ সমিতিৰ বৈঠকত অংশগ্রহণ কৰে । জিলা উপায়ুক্ত বিক্রম কৈৰীৰ লগতে জিলাখনৰ সকলো বিভাগৰ মুৰব্বী বিষয়া উপস্থিত থকা বৈঠকত বিভাগসমূহৰ জৰিয়তে মাজুলীত চলি থকা উন্নয়নমূলক কাম–কাজৰ খতিয়ান লয় মুখ্যমন্ত্রীয়ে ৷ আঁচনিসমূহৰ কাম–কাজ সঠিকভাৱে ৰূপায়ণ কৰিবলৈ বিষয়াসকলক নির্দেশ দিয়ে মুখ্যমন্ত্রীয়ে বর্তমান জিলাখনত সকলো বিভাগৰে বহু আঁচনিৰ কাম চলি আছে সকলো আঁচনিৰ কাম সঠিক সময়ত সঠিকভাৱে ৰূপায়ণত গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্রীয়ে৷ সকলো বিভাগীয় বিষয়াৰ পৰা চলি থকা কামসমূহৰ অগ্রগতিৰ খতিয়ান লয় বৈঠকত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী ৰিহণ দৈমাৰী৷ সাংসদ প্রদান বৰুৱা প্রমুখ্যে উচ্চস্তৰীয় বিষয়াসকল উপস্থিত থাকে৷ সন্ধিয়া মুখ্যমন্ত্রীয়ে গডমূৰ চাৰিআলিত থকা নীলকণ্ঠ মন্দিৰলৈ যায় আৰু শিৱৰাত্রি উপলক্ষে সেৱা লয় আজি মুখ্যমন্ত্রীগৰাকী আৱর্ত ভৱনত কটাই কাইলৈ পুৱা গডমূৰ শ্রীশ্রীপীতাম্বৰদেৱ গোস্বামী অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংক ৰাইজৰ সেৱাৰ বাবে উৎসর্গা কৰিব তাৰ পিছতে মুখ্যমন্ত্রীগৰাকী জেংৰাইমুখ ক্রীড়া প্রকল্পৰ খেলপথাৰত আয়োজিত ২৮খন বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ স্থাপনৰ ফলক একেলগে উন্মোচন কৰি নির্মাণ কার্যৰ শুভাৰম্ভ কৰিব তদুপৰি মুখ্যমন্ত্রীগৰাকীয়ে ২৫ কোটি টকা ব্যয়েৰে নির্মাণ হ’বলগীয়া মাজুলী জিলা বিজ্ঞান–প্রযুক্তি কেন্দ্র তথা তাৰকাগৃহ, গড়মূৰৰ সমীপত দুই কোটি টকা ব্যয়েৰে জিলা পৰিবহণ বিষয়াৰ কার্যালয় তথা আঞ্চলিক পৰিবহণ প্রাধিকাৰীৰ কার্যালয় ভৱন,বনগাঁৱত ১১ কোটি টকা ব্যয়েৰে নির্মাণ কৰিবলৈ লোৱা ব্রহ্মপুত্র ব’ডৰ মাজুলী সংমণ্ডল কার্যালয়ৰ চৌহদৰ আধাৰশিলা ফলক তথা প্রকল্প কেইটাৰ নির্মাণকার্য শুভাৰম্ভ কৰিব৷ লগতে জলসিঞ্চন বিভাগৰ বিশখন সৌৰশক্তি আৰু বিদ্যুৎ শক্তিচালিত আঁচনিও উদ্বোধন কৰিব মুখ্যমন্ত্রীয়ে অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী ৰিহণ দৈমাৰী আৰু সাংসদ প্রদান বৰুৱাই অংশগ্রহণ কৰিব ৷

You might also like