কলিয়াবৰত কেশৱ মহন্তক বিপুল আদৰণি
কলিয়াবৰত পঞ্চমবাৰৰ বাবে বিধায়ক হোৱা কেশৱ মহন্তক কলিয়াবৰৰ বিভিন্ন অনুষ্ঠানে বিপুল আদৰণি জনোৱাৰ লগতে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। গায়ন-বায়নৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ মাঙ্গলিক ধ্বনিৰে জখলাবন্ধা মিলন সংঘ প্ৰাংগনত অগপ-বিজেপি মিত্ৰজোঁট দলে আয়োজন কৰা ৰাজহুৱা সভাৰ প্ৰেক্ষাগৃহলৈ নৱ নিৰ্বাচিত বিধায়ক কেশৱ মহন্তক উষ্ম আদৰণি জনায়। ৰাইজক সেৱা জনায় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই কয় যে “কলিয়াবৰৰ নিবনুৱা সকলক পাৰ্যমানে সংস্থাপন কৰাৰ চিন্তা কৰাৰ লগতে ঘৰে ঘৰে সমস্যাৰ বুজলৈ সমাধানৰ চেষ্টা কৰা হ’ব ।”
উল্লেখ্য যে একেৰাহে তৃতীয়বাৰৰ বাবে অসম মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে স্থান লাভ কৰা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তক জনোৱা সম্বৰ্ধনা জনোৱা সভাত দুই সহস্রাধিক লোকে অংশগ্ৰহণ কৰে।
কলিয়াবৰৰ জখলাবন্ধা মিলন সংঘৰ প্ৰেক্ষাগৃত অনুষ্ঠিত জনসভাত নৱ নিৰ্বাচিত বিধায়ক কেশৱ মহন্তই ৰাজহুৱা সম্বৰ্ধনা গ্ৰহণ কৰা অনুষ্ঠানত উৎফুল্লিত ৰাইজে বিৰদি বাট নেপোৱাৰ অৱস্থা সৃষ্টি কৰা দেখা যায়। দিহানামেৰে আৰম্ভ হোৱা সম্বৰ্ধনা অনুষ্ঠানৰ আৰম্ভণিতেই ৰাইজক উদ্দেশ্যি সেৱা লয় মন্ত্ৰীগৰাকীয়ে।
পুষ্কৰজ্যোতি মহন্ত, সমীৰ ভূঞা, গৌতম খাউণ্ডে আঁতধৰা অনুষ্ঠানত কলিয়াবৰৰ শতাধিক দল সংগঠনৰ লগতে সাধাৰণ ৰাইজে, অগপ আৰু বিজেপিৰ কলিয়াবৰ সমষ্টি সমিতিৰ উদ্যোগত অনুষ্ঠিত এই ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত মন্ত্ৰীগৰাকীক দুয়ো দলৰ কৰ্মকৰ্তাসকলেও সম্বৰ্ধনা জ্ঞাপন কৰা সকলৰ ভিতৰত আছে একশৰণ ভাগৱতী সমাজ কলিয়াবৰ, কলিয়াবৰ জিলা সত্ৰ মহাসভা, শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ কলিয়াবৰ সমিতি, শ্ৰীমন্ত শংকৰদেৱ সংঘ কলিয়াবৰ সমিতি, বাথৌ মহাসভা, কলিয়াবৰ জিলা বৈদিক সমাজ, কলিয়াবৰ ব্ৰাহ্মণ সমাজ, বিশ্ব হিন্দু পৰিষদ, অসম যুৱ পৰিষদৰ কলিয়াবৰ বিধান সভা, যুৱ মৰ্চা, অসম মহিলা পৰিষদ কলিয়াবৰ বিধান সভা, মহিলা মৰ্চা, চাহ পৰিষদ, চাহ মৰ্চা, সংখ্যালঘু পৰিষদ, গোৰ্খা পৰিষদ, এছ চি মৰ্চা , কলিয়াবৰ শাখা সাহিত্য সভা, লেখিকা সমাৰোহ সমিতি, কলিয়াবৰ জিলা ক্রীড়া সন্থা, মাছটাৰ্ছ ‘এথলেটিক’, পেঞ্চনাৰ সন্থা, ক্ষুদ্ৰ চাহ খেতিয়ক, কলিয়াবৰ জিলা মইনা পাৰিজাত, কলিয়াবৰ মাৰোৱাৰী সন্মিলন, অসম নাট্য সন্মিলন, ছাত্র পৰিষদ, মৰিয়া ছাত্র সন্থা, জখলাবন্ধা মহিলা পৰিষদ, জখলাবন্ধা গাঁও পঞ্চায়ত, জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়, গাওঁ প্ৰধান সন্থা, হাটবৰ হাজাৰ, উত্তৰ কলিয়াবৰ হাজাৰ, গোৰ্খা সন্মিলন, জখলাবন্ধা মিলন সংঘ, কোচ ৰাজবংশী চচাইটি, হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ, কলিয়াবৰ অংগনবাড়ী, ভোজপুৰী সমাজ, কলিয়াবৰ আদি কৰি শতাধিক অনুষ্ঠানৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰে।
নিয়মীয়া বাৰ্তা, কলিয়াবৰ, ৮ জুন