নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজগড় ৰোডৰ এটিএমত ওলাল জালনোট অভিযোগ দিবলৈ যোৱা গ্রাহকক নির্যাতন বেংক বিষয়াৰ

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ আচল নহয়, এইবাৰ নকল টকা ওলাল ভাৰতীয় ষ্টেট বেংকৰ এ টি এমৰ পৰা৷ নকল নোট লাভ কৰা গ্রাহকজনে অভিযোগ দিবলৈ গৈ নির্যাতনৰ সন্মুখীন হ’ব লগা হয় বেংক কর্মচাৰীৰ৷ এই ঘটনাটো সংঘটিত হয় চানমাৰি থানা এলেকাৰ ৰাজগড ৰোডত৷ উল্লেখ্য যে পূব শৰণীয়াৰ শংকৰদেৱ পথৰ বাসিন্দা পল্লৱ দোলাকাষৰীয়াই ৰাজগড় ৰোডস্থিত ভাৰতীয় ষ্টেট বেংকৰ এ টি এমৰ পৰা এহাজাৰ টকা উলিয়ায়৷ ইয়াৰে এখন ৫০০ টকীয়া নোট নকল বুলি জানি ছাত্রজনে লগে লগে এ টি এম বুথত সংযোগ হৈ থকা চি চি কেমেৰাত প্রদর্শন কৰে৷ এই সন্দর্ভত ছাত্রজনে পাণবজাৰস্থিত ভাৰতীয় ষ্টেট বেংকত অভিযোগ দাখিল কৰিবলৈ যায়৷ অভিযোগ দাখিল কৰাৰ সময়তে ভট্টাচার্য নামৰ এজন বেংক বিষয়াই ছাত্রজনক দুর্ব্যৱহাৰ কৰে৷ লগে লগে ছাত্রজনে সমস্ত ঘটনা নিজৰ ম’বাইলৰ কেমেৰাৰে ৰেকর্ডিং কৰে যদিও বেংকৰ নিৰাপত্তাৰক্ষীয়ে ম’বাইলৰ ভিডি’ ডিলিট কৰি দিয়ে৷ ছাত্রজনক বেংকৰ পৰা গঁতিয়াই উলিয়াই দিয়ে৷ ঘটনা সন্দর্ভত ছাত্রজনে বেংক কর্তৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব বুলি জানিবলৈ দিছে৷ উল্লেখ্য যে এছ বি আইৰ এ টি এমৰ পৰা ওলোৱা ৫০০ টকীয়া নোটখনত বেংক কর্তৃপক্ষই জালনোট বুলি ষ্টাম্প মাৰি দিয়াৰ পিছতো এ টি এম মেচিনত জালনোট কেনেকৈ সোমাল বুলি ছাত্রজনে প্রশ্ন উত্থাপন কৰিছে৷

You might also like