🔴নগৰ পৰিকল্পনা সম্পর্কীয় উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সন্মিলনত অংশগ্রহণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
🔴গুৱাহাটীক দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তোলাৰ পদক্ষেপ ৰাজ্য চৰকাৰৰ
বিশেষ বাৰ্তা, ৮ ডিচেম্বৰঃ অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আজি ৰাজ্য চৰকাৰৰ গৃহ নির্মাণ আৰু নগৰ পৰিক্রমা বিভাগৰ উদ্যোগত কেন্দ্রীয় গৃহ নির্মাণ আৰু নগৰ পৰিক্রমা মন্ত্রালয়ৰ উচ্চ পর্যায়ৰ সমিতিৰ সহযোগত আয়োজিত নগৰ পৰিকল্পনা সম্পর্কীয় উত্তৰ–পূব ৰাজ্যসমূহৰ সন্মিলনত উদ্বোধনী ভাষণ প্রদান কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ভাষণ প্রসংগত মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে বর্তমানৰ ৰাজ্য চৰকাৰে উত্তৰ-পূব ভাৰতৰ সর্ববৃহৎ চহৰ গুৱাহাটীক বিশেষ গুৰুত্ব দি সমগ্র ৰাজ্যখনৰে নগৰাঞ্চলৰ বিকাশ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷গুৱাহাটীক স্বাভাৱিকতে উত্তৰ-পূৱৰ দুৱাৰমুখ স্বৰূপ বুলি অভিহিত কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে উত্তৰ-পূর্বাঞ্চলৰ সর্ববৃহৎ মহানগৰী গুৱাহাটীক দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে পৰিগণিত কৰাৰ সম্ভাৱনা আছে আৰু ইয়াক সেই দিশত বাস্তৱায়িত কৰাৰ বাবে যোৱা দুবছৰত বহু পৰিকল্পনা আৰু প্রয়োজনীয় কাম-কাজসমূহৰ পদক্ষেপ লোৱা হৈছে৷ কেন্দ্রীয় গৃহ নির্মাণ আৰু নগৰ পৰিক্রমা মন্ত্রালয়ে গুৱাহাটী মহানগৰীৰ দ্রুত উন্নয়ন আৰু আধুনিকীকৰণৰ দিশত ৰাজ্য চৰকাৰে গ্রহণ কৰা অভিলাষী প্রকল্পৰ বাবে সহায়ৰ হাত আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা প্রকাশ কৰি মুখ্যমন্ত্রীয়ে কয় যে গুৱাহাটী মহানগৰীৰ উন্নয়নমূলক পৰিকল্পনা ৰূপায়ণৰ দিশত বহু বাধা অতিক্রম কৰিবলগীয়া হয়৷ এই প্রসংগত মুখ্যমন্ত্রী ড০ শৰ্মাই নদী, পাহাৰ, সংৰক্ষিত বনাঞ্চল, জলাশয় আদিৰ দৰে পৰিৱেশগত দিশৰ বাবে ভৌগোলিকভাৱে মহানগৰীখনক সম্প্রসাৰণৰ দিশত অতি সীমিত সুবিধা আছে বুলিও কয়৷ বিগত দুবছৰত আৰম্ভ হোৱা বৃহৎ ৰাজহুৱা আন্তঃগাঁথনিৰ উন্নয়ন আৰু পুনৰ উন্নয়ন প্রকল্পৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীড০ শৰ্মাই আত্মবিশ্বাস প্রকাশ কৰি কয় যে এই পদক্ষেপসমূহ কার্যকৰী হলেই গুৱাহাটীয়ে বহু দিশত নতুন মাইলৰ খুঁটি অতিক্রম কৰিব৷ মুখ্যমন্ত্রী ড০ শৰ্মাই এই প্রসংগত ছিংগাপুৰৰ পৰামর্শদাতা প্রতিষ্ঠান সুৰবানা জুৰোঙৰ সৈতে অসম চৰকাৰৰ হোৱা বুজাবুজিৰ কথা উল্লেখ কৰে৷ মুখ্যমন্ত্রী ড০ শৰ্মাই লগতে কয় যে বর্তমান সময়ত প্রতিখন নগৰতে জনসংখ্যা বৃদ্ধি পাইছে৷ এনে প্রেক্ষাপটত সঠিক পৰিকল্পনাৰ প্রয়োজনীয়তা আছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রী ড০ শৰ্মাই নগৰ পৰিকল্পনা আৰু উন্নয়নৰ নীতি প্রণয়ন কৰাৰ সময়ত উত্তৰ-পূব ভাৰতৰ সুকীয়া ভূ-প্রকৃতি আৰু ভৌগোলিক বাধাৰ প্রতি লক্ষ্য ৰাখিবলৈ নীতি নির্দ্ধাৰকসকলক আহবান জনায়৷ তেওঁ লগতে কয় যে ৰাষ্ট্রৰ বাবে নীতি প্রণয়নৰ ক্ষেত্রত একপ্রকাৰ নীতি নির্দ্ধাৰণ কৰিব পৰা নাযায়৷ এনে কৰিলে এটা অঞ্চলৰ বাবে ফলপ্রসূ হোৱা নীতি আন এক অঞ্চলৰ ক্ষেত্রত কার্যকৰী নহবও পাৰে৷ তেওঁ ৰাষ্ট্রীয় নীতি প্রণয়নৰ সময়ত নীতি নির্দ্ধাৰকসকলক আঞ্চলিক আৰু উপ আঞ্চলিক নীতিৰ দিশটো বিবেচনা কৰিবলৈ আহবান জনায়৷ সন্মিলনত উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ প্রতিনিধিৰ উপৰি গৃহ নির্মাণ আৰু নগৰ পৰিক্রমা বিভাগৰ মন্ত্রী অশোক সিংহল, কেন্দ্রীয় গৃহ নির্মাণ আৰু নগৰ পৰিক্রমা মন্ত্রালয়ৰ উচ্চ পর্যায়ৰ সমিতিৰ অধ্যক্ষ কেশৱ বার্মা, নগৰ উন্নয়নৰ বিশেষজ্ঞ অধ্যাপক পিএছএন ৰাও, গৃহ নির্মাণ আৰু নগৰ উন্নয়ন বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন উপস্থিত থাকে৷
#বাৰ্তা ডেস্ক