নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৈৰাবাৰীত চুৰি গৰুসহ এজনক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰ : মৰিগাঁও জিলাৰ মৈৰাবাৰীত সংঘটিত হৈছে এক গৰু চুৰিৰ ঘটনা। মৈৰাবাৰী থানাৰ অন্তৰ্গত গুণাইবৰী গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সহযোগত আৰু মৈৰাবাৰী আৰক্ষীৰ নেতৃত্বত মৰিগাঁও জিলাৰ ডাঙৰীয়া গাঁৱৰ ১নং ৱাৰ্ডৰ ইমান আলীৰ পুত্ৰ ৰাজাউল হুছেইন (৩০) নামৰ গৰু চোৰটোক এখন এ এচ ০২ কিউ ৮৬১৮ নম্বৰৰ এখন বাহন আৰু এটা চুৰি গৰুসহ পুৱতিনিশা মৈৰাবাৰী আৰক্ষীৰ এটা অভিযানকাৰী থানাখনৰ এলেকাধীন গুণাইবৰী গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গৰু চোৰটোৰ ঘৰ মিকিৰভেটা থানাৰ অন্তৰ্গত ডাঙৰীয়া গাঁৱত বুলি জানিব পৰা গৈছে। মৈৰাবাৰী আৰক্ষীয়ে এক গোচৰ ৰুজু ক্ৰমে চোৰটোক জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

প্ৰেৰক তাৰিকুল ইছলাম

You might also like