নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰ : এতিয়া হিমসনা আঘোণৰ বতৰ। আঘোণৰ ভৰপক বতৰত চহা জীৱনৰ কৃষকসকলৰ ব্যস্ততাৰ যেন সীমা নাই। অসমৰ সোণোৱালী পথাৰত এতিয়া ধান কটাৰ দৃশ্য সুলভ। আঘোণৰ গা ভৰা পথাৰ এতিয়া সম্ভাৱনাৰ অন্য নাম। বৰ্তমান বহু পুৰণিকলীয়া ৰীতি-নীতি আৰু পৰম্পৰা বহু পৰিমাণে ম্লান পৰিছে আৰু বহুলভাৱে ব্যৱহৃত কৃষিৰ সাধনৰ বাবে এই পৰম্পৰাসমূহ ম্লান পৰিছে। ইজনে আনজনৰ সহায় হোৱাকৈ ধান কাটি দিয়া পৰম্পৰা বৰ্তমান সময়ত বিৰল। বহু স্থানত পূৰ্বতে কোনোধৰণৰ পাৰিশ্ৰমিক নোহোৱাকৈ এডৰা ধাননিতে গৃহস্থৰ সুবিধাৰ্থে গাঁওখনৰ বা চুবুৰিটোৰ দাৱনীয়ে একেলগে ধান কাটিছিল। একেলগে আওৰাই আঘোণৰ গান। সদ্যলুপ্ত এই পৰম্পৰা বৰ্তি আছে ঢকুৱাখনাৰ পথাৰত। যি সময়ত ৰাজ্যৰ গ্ৰামাঞ্চলত আঘোণৰ প্ৰাচুৰ্যৰে ভৰা এই আমোদজনক পৰম্পৰা আধুনিকতাৰ কৰাল গ্ৰাসত পৰি নোহোৱা হৈ পৰিছে সেই সময়তে ঢকুৱাখনাৰ পথাৰত দেখা গ’ল পুৰণিকলীয়া পৰম্পৰা। বিলুপ্তপ্ৰায় সাউৰি দিয়া প্ৰথাৰ দ্বাৰা ঢকুৱাখনাৰ মহিলাই দেখুৱাইছে সম্প্ৰীতিৰ নিদৰ্শন। বিনা পাৰিশ্ৰমিকে সমূহীয়াকৈ আনক সহায় কৰা বা আনৰ পৰা সহায় লোৱা কাৰ্যই হৈছে ‘সাউৰি দিয়া প্ৰথা’। সাউৰি দিয়া পৰম্পৰাৰ মাজেৰে সম্প্ৰীতিৰ নিৰ্ভেজাল প্ৰতিচ্ছবি প্ৰাণ পাই উঠে আঘোণৰ পথাৰত। বৰ্তমান আধুনিকতাৰ ধামখুমীয়াত কালৰ গতিত হেৰাই গৈছে অসমীয়া চহা জীৱনৰ সৈতে জড়িত বহু পৰম্পৰা। অসমৰ গাঁৱৰ পৰা লুপ্তপ্ৰায় সাউৰি দিয়া পৰম্পৰা আজিও বৰ্তি আছে ঢকুৱাখনাৰ পথাৰত। কৃষিসৰ্বস্ব ঢকুৱাখনাৰ পথাৰে পথাৰে দেখা পোৱা গৈছে এই লুপ্তপ্ৰায় পৰম্পৰা। সমন্বয়-সহযোগিতাৰ বাৰ্তাবাহক সাউৰি দিয়া প্ৰথাৰ জৰিয়তে ঢকুৱাখনাৰ মহিলাই দেখুৱাইছে সম্প্ৰীতিৰ নিদৰ্শন। একগোট হৈ ইজনে সিজনক সোণগুটি চপোৱাত সহায় কৰি দেখুৱাইছে একতাৰ নিদৰ্শন। পৰম্পৰা অনুসৰি পকা ধান দাই সহায় কৰিছে কৃষক পৰিয়ালক। এডৰা ধাননিতে কেইবাগৰাকী দাৱনীয়ে একেলগ হৈ কাটিছে কেইবাবিঘা মাটিৰ ধান। মুখত গীতৰ গুণগুণনিৰে ধান কাটিছে দাৱনীয়ে। নিশালৈ গৃহস্থই হাঁহে-মাহে আপ্যায়ন কৰিব দাৱনীসকলক। নিমখ-জলকীয়াৰে ৰবাব টেঙাৰ জুতিও লৈছে অক্লান্ত দাৱনীয়ে। জিভাৰ পানী পৰোঁ পৰোঁ সময়তো আওৰাইছে বনগীত অথবা বিহুনাম। মহিলাসকলৰ সমানে সমানে ব্যস্ত পুৰুষসকলো। কান্ধত ভাৰ কৰি দাঙি নিছে বছৰটোৰ সাহস পৰিয়ালটোৰ প্ৰত্যয়, ঘৰমুৱা বেলিটো মূৰতে লৈ। এনেদৰেই এতিয়া প্রান্তে প্রান্তে কালক্ৰমত হেৰাই যাবলৈ ধৰা পৰম্পৰা ধৰি ৰখাৰ চেষ্টা ঢকুৱাখনাৰ চহা কৃষকৰ। লখিমীক ঘৰলৈ কঢ়িয়াই নিয়াৰ উলাহ। চহা কৃষকৰ চোতালে-ভঁৰালে সমৃদ্ধ কৰাৰ আন্তৰিক অভিলাষ।
প্ৰেৰক পুলকজ্যোতি বৰা