নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছ সাংসদৰ গৃহত নগদ ১০০ কোটি টকা জব্দ

🔹 ঝাৰখণ্ড–ওড়িশাৰ বিভিন্ন স্থানত আয়কৰ বিভাগৰ তালাচী অভিযান

বিশেষ বাৰ্তা, ৯ ডিচেম্বৰ : ঝাৰখণ্ডৰ কংগ্রেছ নেতা ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ বাসগৃহকে ধৰি বিভিন্ন স্থানত অভিযান চলাই নগদ ১০০ কোটিতকৈ অধিক ধন জব্দ কৰিছে আয়কৰ বিভাগে৷ কংগ্রেছ সাংসদগৰাকীৰ বাসগৃহৰ পৰা জব্দ কৰা টকা গণি শেষ কৰিবলৈ লৈ সমস্যাত পৰে বিভাগ৷ আয়কৰ বিভাগে প্রকাশ কৰা মতে, কংগ্রেছ সাংসদগৰাকীৰ পৰা জব্দ কৰা নগদ ধন ১০০ কোটিতকৈও অধিক হ’ব ৷ মন কৰিবলগীয়া যে ওড়িশা আৰু ঝাৰখণ্ডত যোৱা ৬ ডিচেম্বৰৰ পৰা বিভিন্ন স্থানত সুৰা কোম্পানীকে ধৰি বিভিন্ন প্রতিষ্ঠানত আয়কৰ বিভাগে তালাচী অভিযান চলাই আছে৷ কংগ্রেছ নেতাগৰাকীৰ পৰা জব্দ কৰা ধন ৩০তকৈ অধিক বেংকৰ বিষয়াই যন্ত্রৰে হিচাপ কৰে ৷ ইপিনে, কংগ্রেছ নেতাৰ বাসগৃহত ১০০ কোটিতকৈ অধিক নগদ টকা উদ্ধাৰ কৰাত তীব্র প্রতিক্রিয়া ব্যক্ত কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কংগ্রেছ দলক কঠোৰ ভাষাৰে গৰিহণা জনাইছে৷ দেশৰ জনগণে কংগ্রেছ নেতাৰ ঘৰত বাণ্ডিলে বাণ্ডিলে টকা দেখা পাইছে৷ ৰাইজৰ পৰা লুণ্ঠন কৰা ধনৰ প্রতিটো টকা ওভতাই অনা হ’ব বুলিও কয় মোদীয়ে৷

You might also like