নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : প্রাক্-নির্বাচনী চমক

লোকসভা নির্বাচন সমাগত৷ দেশৰ ৰাজনৈতিক দৃশ্যপট বিজেপিৰ বাবে স্পষ্ট, বিৰোধীৰ বাবে হতাশজনক৷ এনে সময়তে তৃণমূল কংগ্রেছৰ সাংসদ মহুৱা মৈত্রৰ সাংসদ পদ খাৰিজ হৈ গ’ল৷ লোকসভাৰ পৰা হঠাতে এজন সাংসদ কমি যোৱাটো একো বিপজ্জনক কথা নহয়৷ কিন্তু যিটো কাৰণত মহুৱা মৈত্রক দোষী সাব্যস্ত কৰা হ’ল, সেইটোহে দেশৰ গণতন্ত্রৰ বাবে বিপজ্জনক৷ নির্বাচনী ৰাজনীতিৰ তলানলা জনা লোকে বুজি পায় যে তৃণমূল কংগ্রেছৰ এগৰাকী সাংসদৰ পদ খাৰিজ কৰাটোৱে নির্বাচনৰ ফলাফলক কোনো ধৰণে প্রভাৱিত নকৰে৷ কিন্তু এই কামে অকল তৃণমূল কংগ্রেছকে নহয়, সমগ্র বিৰোধী গোটটোকেই এক অস্বস্তিকৰ অৱস্থাৰ মুখামুখি কৰাই দিছে৷ বিজেপি সাংসদ নিশিকান্ত ডুবেহ মহুৱা মৈত্রৰ বিৰুদ্ধে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ওচৰত দাবী জনাইছিল যে এটা তদন্ত হ’ব লাগে আৰু মহুৱা মৈত্রক নিলম্বন কৰিব লাগে৷ তেওঁ মহুৱা মৈত্রৰ বিৰুদ্ধে দিয়া অভিযোগটো আছিল যে সংসদত আদানিৰ বিৰুদ্ধে প্রশ্ণ উত্থাপন কৰিবলৈ তেওঁ দর্শন হিৰণানন্দানী নামৰ এগৰাকী ব্যৱসায়ীৰ পৰা নগদ ধন আৰু উপহাৰ লৈছিল৷ ইয়াতকৈ গুৰুতৰ অভিযোগ আছিল যে লোকসভাৰ ৱেবছাইটত প্রৱেশ কৰিবলৈ তেওঁক দিয়া লগইন আই ডি তেওঁ আনক ব্যৱহাৰ কৰিবলৈ দিছিল৷ নিশিকান্ত ডুবেহ যোগাযোগ, ইলেক্ট্রনিকছ আৰু তথ্য–প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱলৈও চিঠিৰে মৈত্রৰ ‘লোকসভাৰ লগইন প্রমাণ–পত্র’ৰ ‘আই পি এড্রেছ’ৰ তদন্ত কৰিবলৈ অনুৰোধ জনায়৷ মহুৱা মৈত্রই প্রথমে এই অভিযোগ অস্বীকাৰ কৰিছিল যদিও তেওঁ লোকসভাৰ লগইন পাছৱর্ড হিৰণানন্দনীক দিয়া বুলি স্বীকাৰ কৰিছিল৷ হিৰণানন্দনীয়ে নিজা শপত নামাত কৈছিল যে মহুৱা মৈত্রই তেওঁক দিয়া লগইন আই ডিৰে তেওঁ মহুৱা মৈত্রৰ হৈ প্রশ্ণ পোষ্ট কৰিছিল৷ এই কথাৰ পৰা এটা কথা স্পষ্ট যে উপহাৰ আৰু ধনৰ বিনিময়ত তেওঁ নিজৰ সাংসদৰ অধিকাৰ এগৰাকী ব্যৱসায়ীৰ হাতত তুলি দিছিল৷

এনে এটা গুৰুতৰ আৰু জঘন্য অপৰাধৰ কাৰণে মহুৱা মৈত্রৰ সাংসদ পদ খাৰিজ কৰাটো স্বাভাৱিক কথা৷ অপৰাধৰ গুৰুত্বৰ পিনে চাই আৰু অধিক শাস্তিৰ প্রয়োজন আছিল বুলি অনুমান কৰিব পাৰি৷ মহুৱা মৈত্রৰ এই অপৰাধক সকলো সাংসদে একেমুখে গৰিহণা দিয়া উচিত আছিল৷ কিন্তু সকলো বিৰোধী এই প্রসংগত মৌন৷ বৰং বিৰোধী দলসমূহে মহুৱা মৈত্রক সমর্থনহে কৰিছে৷ যুক্তি থিয় কৰিছে যে গৌতম আদানিৰ বিৰুদ্ধে প্রশ্ণ কৰা কাৰণেই মহুৱা মৈত্রক এনেদৰে নিলম্বন কৰা হ’ল৷ বিৰোধী দলৰ কোনো সদস্যই নক’লে যে তেওঁ নিজৰ লগইন আই ডি বেলেগৰ হাতত দিয়াটো সাংসদৰ নৈতিক দায়িত্বৰ বাহিৰত৷ সদায় নিজকে নীতিনিষ্ঠ বুলি প্রচাৰ কৰি থকা বামপন্থী দলৰ ৰাজ্যসভাৰ সাংসদ বিজয় বিশ্বমে কৈছিল যে এয়া বিজেপি দলৰ প্রতিহিংসামূলক কামৰ উদাহৰণ৷ নিজৰ সংসদীয় লগহন আই ডি দর্শন হিৰণানন্দনীৰ সৈতে ভাগ–বাটোৱাৰা কৰাৰ কথা মহুৱা মৈত্রহ স্বীকাৰ কৰিছিল৷ লগতে তেওঁৰ পৰা ডপহাৰ পোৱাৰ কথাও স্বীকাৰ কৰিছিল৷ উপহাৰ হিচাপে এখন স্কার্ফ, কেইডালমান লিপষ্টিক আৰু আহ শ্বেড’কে ধৰি অন্যান্য মেকআপ সামগ্রীহে উপহাৰ হিচাপে লৈছিল বুলি ক’লেও সেই কথা উপহাৰৰ সামগ্রীবোৰ বিশ্বাসৰ বাহিৰত আছিল৷ মহুৱা মৈত্রই স্বীকাৰ কৰা কথা দুয়োটাই সংসদ আৰু সাংসদ উভয়ৰেই মর্যাদা হানিকৰ৷ তথাপিতো ইয়াৰ বিৰুদ্ধে ৰাজনৈতিক দলবোৰে এটাও শব্দ উচ্চাৰণ নকৰাৰ কাৰণ হ’ল– তেওঁলোকৰ কল্পিত বিৰোধী ঐক্যত লাগিব পৰা আউল৷ নিজ দলৰ সদস্যৰ বিৰুদ্ধে এটা শব্দও ক’লে মমতা বেনার্জী অগ্ণিকন্যা হৈ উঠিবলৈ অকণো সময় নালাগিব৷ ইফালে, তেওঁ মহুৱা মৈত্রক লোকসভা নির্বাচনত টিকট দিব বুলি ঘোষণা কৰিলেই৷ এনে অৱস্থাত তেওঁৰ অপৰাধক নিন্দা কৰিলে বিৰোধী ঐক্য থানবান হোৱাৰেই কথা৷ নির্বাচনী ৰাজনীতি বিষয়ত সামান্যতম জ্ঞান থকাজনেও কৈ দিব যে এতিয়া ভাৰতত ৰাজনৈতিক দল মাত্র দুটা৷ এটা বিজেপি, আনটো বিৰোধী৷ ৰাজনৈতিক দলবোৰৰ নিজস্ব একোটা আদর্শ থাকে আৰু সেই আদর্শই দলটোৰ চিনাকি৷ এতিয়া ভাৰতৰ বিৰোধী দলবোৰে নিজৰ সকলো আদর্শ বাদ দি এটা লক্ষ্যৰেই একগোট হৈছে–সেয়া হ’ল বিজেপিৰ বিৰোধিতা৷ দলবোৰে পূর্বৰ আদর্শ বাদ দি নতুন আদর্শৰে একগোট হৈছে৷ এয়া বিজেপিৰ কৃতিত্ব হ’ব পাৰে, কিন্তু সংসদীয় ৰাজনীতিৰ বাবে ই শুভলক্ষণ নহয়৷ এটা দলৰ বিৰোধিতা কোনো ৰাজনৈতিক আদর্শ হ’ব নোৱাৰে, কিন্তু ভাৰতত সেয়াই হৈছে৷

You might also like