মাজুলীত অত্যাধুনিক ব্লাড বেংক মুকলি কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে
নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ মাজুলীৰ স্বাস্থ্যখণ্ডত নতুন সংযোজন। দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হ’ল মাজুলীবাসীৰ। মাজুলীৰ গড়মূৰ অসামৰিক চিকিৎসালয়ত এটা অত্যাধুনিক ব্লাড বেংক মুকলি কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে। মুখ্যমন্ত্ৰী সংগ দিয়ে সাংসদ প্ৰদান বৰুৱা আৰু তপন গগৈয়ে।
চিকিৎসালয়খনত এটা ব্লাড বেংক নথকাৰ বাবে ৰোগীসমূহ বহুতো অসুবিধাৰ সন্মুখীন হৈছিল। সংকটজনক অৱস্থাত ৰোগীসমূহক যোৰহাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিব লগীয়া হৈছিল। এই সমস্যাৰ ওৰ পৰাত উৎফুল্লিত হৈ পৰিছে মাজুলীবাসী।