নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সভা অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰ : শোণিতপুৰৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত বালিপৰাৰ ঘোঁৰামাৰীত আজি ঘোঁৰামাৰী গাঁও পঞ্চায়তত আজি “বিকশিত অসম সংকল্প যাত্ৰা” বিষয়ক এক বিশাল সভা অনুষ্ঠিত হয়। সভাখনত চৰকাৰৰ জনহিতকৰ সুবিধা যেনে আয়ুষ্মান কাৰ্ড বিতৰণ আৰু নতুন কাৰ্ড তৈয়াৰ কৰা, আধাৰ কাৰ্ড, অৰুণোদয় আঁচনি আৰু বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰি এখন সুস্থ,সৱল অসম তৈয়াৰ কৰাত ৰাইজৰ অংশীদাৰীত্বৰ বিষয়ত আলোচনা কৰা হয়। সভাখনত মুখ্য অতিথি হিচাপে শোণিতপুৰ জিলা অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী, শোণিতপুৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, ঘোঁৰামাৰী গাঁও পঞ্চায়তত সভানেত্ৰী, জিলা স্বাস্থ্য যুটীয়া সঞ্চালক, জিলা মুখ্য কাৰ্যবাহী বিষয়াৰ লগতে সহস্ৰাধিক লোক, দলীয় বিষয়ববীয়া উপস্থিত থাকে।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like