নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজি লোকনিৰ্মাণৰ কাৰ্যবাহী অভিযন্তা সুনীল দলেক আটক আৰক্ষীৰ

বিশেষ বাৰ্তা, ১৫ ডিচেম্বৰঃ অসম মালা আঁচনিৰ অধীনত ধেমাজি তেলিজানৰ পৰা ঢকুৱাখনালৈ নিৰ্মাণ হৈ থকা পথৰ ভূমি অধিগ্ৰহণৰ ক্ষতিপূৰণক লৈ ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত আটক কৰা হৈছে সহকাৰী কাৰ্যবাহী অভিযন্তা সুনীল দলেক। ক্ষতিপূৰণ দিয়াৰ নামত ভুৱা সম্পত্তি দেখুৱাই প্ৰায় ২৪ কোটি টকাৰ বিয়াগোম কেলেংকাৰি সংঘটিত কৰা বুলি দলেৰ উত্থাপন হৈছিল অভিযোগ। মাছখোৱাৰ দুই সচেতন যুৱকে আৰ টি আই জৰিয়তে সমগ্ৰ তথ্য ফাদিল কৰি ৰাজ্যৰ সকলো বিভাগলৈ তদন্তৰ বাবে দিছিল পত্ৰ। সেই অনুসৰি অৱশেষত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিংঙৰ নেতৃত্বত আৰক্ষীয়ে তদন্ত কৰি আটক কৰিছে সুনীল দলেক। কালি মাজনিশা ধেমাজি আৰক্ষীয়ে ধেমাজিৰ বাসগৃহৰ পৰা আটক কৰিছে লোকনিৰ্মাণ (বিল্ডিং)ৰ সহকাৰী কাৰ্যবাহী অভিযন্তা সুনীল দলেক। দলেক কিছুদিন পূৰ্বে শাস্তিমূলক বদলি কৰা হৈছিল কৰিমগঞ্জলৈ। বতৰ্মান অভিযন্তাগৰাকীক ধেমাজি সদৰ থানাত আৰক্ষীয়ে সোধাপোছা অব্যাহত ৰাখিছে বুলি জানিবলৈ পোৱা গৈছে। পৰবৰ্তী সময় আৰু কেইবাগৰাকীও বিষয়া -কৰ্মচাৰী আটক হোৱা সম্ভাৱনা দেখা গৈছে।

প্ৰেৰক অতুল কুমাৰ চমুৱা

You might also like