নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভুল চিকিৎসাত যুৱতীৰ মৃত্যুক লৈ উত্তৰ গুৱাহাটী জিএনআৰচিত উত্তেজনা

🔹 মটৰচাইকেলত অহা জোনালীক এনাস্থেছিয়া দিয়াৰ পিছত ঘূৰি নাহিল সংজ্ঞা

নিয়মীয়া বার্তা, ১৬ ডিচেম্বৰ : উত্তৰ গুৱাহাটী জি এন আৰ চি হাস্পতালত ভুল চিকিৎসাত এগৰাকী যুৱতীৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ এনাস্থেছিয়া বিভাগৰ চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে যুৱতীগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ তুলি হাস্পতালখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আত্মীয়ই৷ উল্লেখ্য যে বাইহাটা চাৰিআলিৰ ননৰা গাঁৱৰ সুৰেন কলিতাৰ ২২ বছৰীয়া কন্যা জোনালী কলিতাৰ আজি দুবছৰ আগতে ভৰিৰ হাড় ভাগে ৷ অস্ত্রোপচৰ কৰি ভৰিৰ হাড় ভগা ঠাইত প্লেট লগাই দিয়ে ৷ জোনালী কলিতা সুস্থ হৈ উঠাত ভৰিত লগাই থোৱা প্লেট উলিয়াবলৈ ছয় দিন আগতে উত্তৰ গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত ভর্তি কৰায় ৷ হাস্পতালখনত কর্মৰত চিকিৎসক ডাঃ সিদ্ধার্থ বৰুৱাৰ তত্ত্বাৱধানত চলিছিল জোনালীৰ চিকিৎসা৷ হাস্পতাললৈ অহাৰ সময়ত সুস্থ শৰীৰে মটৰচাইকেলত উঠি অহা জোনালী শল্য ছার্জাৰীৰ পাছতে গুৰুতৰভাৱে অসুস্থ হৈ পৰে৷ শেষত তেওঁৰ স্বাস্থ্যৰ দ্রুত অৱনতি ঘটে৷ যুৱতীগৰাকীক ভেণ্টিলেটৰত ৰাখিবলগীয়া হয়৷ এনাস্থেছিয়া দিয়াৰ পাছত তেওঁৰ আৰু সংজ্ঞা ঘূৰি নাহিল৷ পিছত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে৷ জোনালীক মৃত ঘোষণা কৰাৰ লগে লগে হাস্পতালত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়৷ কালি বহুসংখ্যক আত্মীয়, গাঁৱৰ লোক আহি হাস্পতাল কর্তৃপক্ষক জবাবদিহি কৰি অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে৷ পৰিয়ালৰ লোকৰ স্পষ্ট অভিযোগ যে জোনালীৰ চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে মৃত্যু হৈছে৷ তেওঁলোকে এনাস্থেছিয়া বিভাগৰ চিকিৎসক ৰাহলৰ বিৰুদ্ধে অভিযোগৰ আঙুলি টোঁৱাইছে৷ কাৰণ এনাস্থেছিয়া দিয়াৰ পাছত আৰু জোনালীয়ে সংজ্ঞা ঘূৰাই নাপালে৷ এই অভিযোগৰ বিপৰীতে এনাস্থেছিয়া বিভাগৰ চিকিৎসকে গা এৰা দি ফুৰা পৰিলক্ষিত হৈছে৷ আনকি বাতৰি সংগ্রহ কৰিবলৈ যোৱা সাংবাদিকৰ পৰাও আঁতৰি থাকে জনসম্পর্কৰক্ষী বিষয়াকে ধৰি চিকিৎসক আৰু হাস্পতালখনৰ ঊর্ধ্বতন কর্তৃপক্ষ৷

প্ৰেৰক মুনীন ডেকা

You might also like