👉কৰ্মচাৰীৰ ভৱিষ্যত সুৰক্ষিত কৰাটো চৰকাৰৰ দায়িত্ব
👉পেন্সন বৃদ্ধাৱস্থাৰ লাখুটি
👉নাৰেংগী ক্রীড়া সন্থাৰ খেলপথাৰত বিশাল প্ৰতিবাদী সভা
বিশেষ বাৰ্তা, ১৬ ডিচেম্বৰঃ সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বানত ৰাজ্যখনৰ দুশৰো অধিক শিক্ষক-বিষয়া-কৰ্মচাৰী-শ্রমিক সংগঠন লগতে পৰিষদৰ জিলাসমূহৰ পৰা অহা প্ৰায় তিনি হাজাৰ প্ৰতিনিধিৰ উপস্থিতিত গুৱাহাটীস্থিত নাৰেঙ্গী ক্রীড়া সন্থাৰ খেলপথাৰত নতুন পেন্সন ব্যৱস্থা বাতিল কৰি পুৰণি পেন্সন ব্যৱস্থা পুনৰ বাহালৰ দাবীত প্রতিবাদী সভা অনুষ্ঠিত হয়। প্রতিবাদী সভাত বিভিন্ন শ্রমিক-কর্মচাৰী, শিক্ষক-বিষয়া সংগঠনৰ সভাপতি-সাধাৰণ সম্পাদকসকলে নতুন পেন্সন ব্যৱস্থাৰ ভয়াৱহতাৰ বিষয়ে বক্তব্য প্রদান কৰে বুলি এক প্ৰেছ বিবৃতিত পৰিষদৰ সভাপতি দ্বীপেন শৰ্মা আৰু সম্পাদক প্রধান দিলীপ কলিতাই জানিবলৈ দিয়ে। প্রেছ বিবৃতিটোত নেতাদ্বয়ে কয় যে প্রতিবাদী সভাত বিভিন্ন বক্তাই নতুন পেন্সন ব্যৱস্থা বাতিল কৰি পুৰণি পেন্সন ব্যৱস্থা পুনৰ বাহালৰ দাবী জনায়। তেওঁলোকে কয় যে কৰ্মচাৰীৰ দৰমহা আৰু পেন্সন ৰাজ্য চৰকাৰৰ নিজা বিষয়। কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাটো চৰকাৰৰ দায়িত্ব। পেন্সন কৰ্মচাৰীৰ অধিকাৰ, ই অনুগ্রহ নহয়, পেঞ্চন বৃদ্ধাৱস্থাৰ লাখুটি। নতুন পেন্সন ব্যৱস্থাই কৰ্মচাৰীসকলক আশ্বস্ত কৰিব পৰা নাই। বৰ্তমান এই আঁচনিখনৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবৰ্ষত বিৰোধিতা হৈছে। বহু ৰাজ্যই নতুন পেন্সন ব্যৱস্থা বাতিল কৰি পুৰণি পেন্সন ব্যৱস্থা পুনৰ বাহাল কৰিছে। ৰাজ্যখনৰ শ্ৰমিক-কৰ্মচাৰী, শিক্ষক-বিষয়াসকলৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অসমতো “পুৰণি পেন্সন ব্যৱস্থা” পুনৰ প্ৰৱৰ্তন কৰিব লাগে। আজিৰ প্ৰতিবাদী সভাত সকলো সন্থা-সংঘৰ প্ৰতিনিধিয়ে নতুন পেন্সন ব্যৱস্থা বাতিল কৰি পুৰণি পেন্সন ব্যৱস্থা পুনৰ বাহাল নকৰা পর্যন্ত সংগ্রাম অব্যাহত ৰখাৰ সপক্ষে মতামত প্রকাশ কৰে। আনহাতে নতুন পেন্সন ব্যৱস্থা বাতিলৰ বাবে এক ঐক্যবদ্ধ সংগ্ৰামৰ পোষকতা কৰে। বিবৃতিটোত পৰিষদৰ নেতাদ্বয়ে আজিৰ প্রতিনিধিত্বমূলক প্রতিবাদী সভাত অংশগ্ৰহণ কৰা প্ৰতিটো সন্থা-সংঘৰ প্ৰতিনিধিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে।
#বাৰ্তা ডেস্ক