বাৰ্তা ব্যুৰ, গোৱালপাৰা, ১৬ ডিচেম্বৰঃ এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ বুলি খ্যাতি থকা গোৱালপাৰা জিলাৰ দৰংগিৰি কলৰ বজাৰ চৌহদত উত্তৰ পূৱ পৰিষদৰ এশ শতাংশ অৰ্থ সাহাৰ্যৰে অসম ৰাজ্যিক কৃষি-সামগ্ৰী বিপণন পৰিষদে নিৰ্মাণ কৰিবলগীয়া “দৰংগিৰি কলৰ বজাৰ উন্নয়ন প্ৰকল্প”ৰ আজি শিলান্যাস স্থাপন কৰা হয়৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ (খানাপাৰা) পৰা কৃষিমন্ত্ৰী অতুল বৰাৰ উপস্থিতিত ভাৰ্চুৱেলী “দৰংগিৰি কলৰ বজাৰ উন্নয়ন প্ৰকল্প”ৰ শিলান্যাস স্থাপন কৰে। দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিয়ে কলৰ বজাৰ চৌহদত আয়োজন কৰা এই শিলান্যাসৰ মাংগলিক অনুষ্ঠানত গোৱালপাৰাৰ জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰী, আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী, দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি দিগন্ত ৰাভা, গোৱালপাৰা জিলা বিজেপিৰ সভাপতি ভৃগুৰঞ্জন ৰাভা আদি গন্যমান্য ব্যক্তিসকলৰ লগতে স্থানীয় কলৰ খেতিয়ক আৰু ৰাইজ উপস্থিত থাকে। এই প্ৰকল্পৰ বাবে উত্তৰ পূৱ পৰিষদে ১৪৭৯.১০ লাখ টকা মঞ্জুৰ কৰি Sort আৰু এই প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য অহা ২০২৫ চনৰ প্ৰথম ভাগতে সম্পুৰ্ণ হ’ব। গোৱালপাৰা-গুৱাহাটী ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংলগ্ন দৰংগিৰি কলৰ বজাৰখনৰ এই প্ৰকল্পৰ শিলান্যাস অনুষ্ঠানত উপস্থিত থাকি গোৱালপাৰাৰ জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰী কয় যে আজি গোৱালপাৰা জিলাবাসীৰ লগতে সমগ্ৰ ৰাজ্যখনৰ বাবেই এটা ভাল দিন, কাৰণ এই প্ৰকল্পটোৰ নিৰ্মাণ সম্পুৰ্ণ হ’লে গোৱালপাৰা জিলাৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া জিলা আৰু মেঘালয়ৰ কল খেতিয়কসকলৰ লগতে এই বজাৰ খনলৈ কল ক্ৰয় কৰিবলৈ অহা বিভিন্ন জিলা বা বহিঃৰাজ্যৰ ব্যৱসায়ী সকলৰো বাবেও যথেষ্ট সুবিধা হ’ব। এই প্ৰকল্পটোৱে দৰংগিৰি কলৰ বজাৰখনক আধুনিক সা সুবিধাযুক্ত এখন উন্নতমানৰ বজাৰলৈ ৰূপান্তৰ কৰিব। এই প্ৰকল্পটোৰ বাবে দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিৰ বিষয়ববীয়া, কলৰ খেতিয়ক, ব্যৱসায়ী তথা স্থানীয় ৰাইজে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। দৰংগিৰি কলৰ বজাৰ উন্নয়ন প্ৰকল্পত সামায়িকভাৱে কল জমা কৰি ৰখা, কলৰ লগতে সুমথিৰা, আদা আৰু আনাৰসৰ বাবেও নিলাম গৃহ, প্ৰশাসনিক ভৱন, কেন্টিন, কৃষক, ব্যৱসায়ী আৰু দৰ্শনাৰ্থীৰ বাবে জিৰণি কোঠা, সভাগৃহ, বোৰ্ড ৰুম, বৈদ্যুতিক সংযোগৰ লগতে জেনেৰেটৰৰ ব্যৱস্থা আদি সুবিধা উপলব্ধ হ’ব। উল্লেখনীয় যে কলৰ বজাৰ খনৰ পৰা ওলোৱা আৱৰ্জনাসমুহৰ পৰা পচন সাৰ প্ৰস্তুতকৰণৰ ব্যৱস্থাও এই প্ৰকল্পটোত সংলগ্ন কৰা আছে।
প্ৰেৰক উদিত নাৰায়ণ কলিতা