শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে অতি শ্ৰদ্ধাৰ, ধৰ্মপ্ৰাণ ব্যক্তি মন্দিয়াৰ নিকটৱৰ্তী ভাতকুছি গাঁৱৰ হাজী আব্দুৰ ৰহমান (ফটিক মুন্সী)-এ আজি দিনৰ ১২:৪৫ বজাত নিজ বাসভৱনত বাৰ্ধক্যজনিত কাৰণত ১১৫ বছৰ বয়সত পৰলোকগমন কৰে।
মন্দিয়াৰ দৰে বৃহত্তৰ অঞ্চলটোৰ প্ৰতিটো পৰিয়ালৰ কুশল মংগল চিন্তা কৰা, অঞ্চলটোৰ বিভিন্ন মছজিদ-মাদ্ৰাছা, সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত ধৰ্মপ্ৰাণ ব্যক্তিজনৰ মৃত্যুত বৃহত্তৰ অঞ্চলটোত এক শোকাকুল পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ২০০১ চনত পৱিত্ৰ মক্কা শ্বৰীফ গৈ অহা, ফটিক মুন্সী ৰূপে জনাজাত বয়োজেষ্ঠ ব্যক্তিগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তেখেতৰ নশ্বৰ দেহ শেষবাৰৰ বাবে দৰ্শন কৰাৰ বাবে ভাতকুছিস্থিত তেওঁৰ বাসভৱনত মানুহে ভিৰ কৰা পৰিলক্ষিত হৈছে।
আজি নিশা ৯ বজাত কপোহা আঞ্চলিক কবৰস্থানত তেওঁৰ জানাজা নামাজ সম্পন্ন কৰা হব বুলি পৰিয়ালৰ সূত্ৰে জানিবলৈ দিছে। মৃত্যুৰ সময়ত চাৰিগৰাকী পুত্ৰ, তিনিগৰাকী কন্যা, জোঁৱাই, বোৱাৰী, নাতি-নাতিনীসহ অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰি যায়। তেওঁৰ মৃত্যুত মন্দিয়া প্ৰেছ ক্লাব, মন্দিয়া টাউন প্ৰেছ ক্লাব, নতুন সাহিত্য পৰিষদ, মন্দিয়া শাখা, কপোহা নৱজ্যোতি সংঘ, ভেলেঙী সাহিত্য-সাংস্কৃতিক গোষ্ঠী, মন্দিয়া আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।
নিয়মীয়া বাৰ্তা, বাঘবৰ, ২৬ জুলাই :