নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱশেষত সন্ধান ওলাল বন বিভাগৰ ২৬জনীয়া দলৰ

ডিজিটেল ডেস্ক, ২৬ জুলাই : ডিমা হাছাও, কাৰ্বি আংলং আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী অটব্য অৰণ্যত টহলদাৰী অভিযান চলাবলৈ গৈ সন্ধানহীন হৈ পৰা অসম বন বিভাগৰ ২৬ জনীয়া দলটোক অৱশেষত সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে। উদ্ধাৰৰ পিছত দলটোৰ সকলো সদস্য কুশলে আছে বুলি সামাজিক মাধ্যম ‘এক্স’ৰ (X) জৰিয়তে নিশ্চিত কৰে ৰাজ্যৰ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

জানিব পৰা মতে, প্ৰকৃতি আৰু জীৱ-জন্তুৰ নিৰাপত্তা নিশ্চিত কৰাৰ উদ্দেশ্যৰে লাংটিং, মান্দাৰডিছা, হাতীখোলা আৰু মাইবং বন পৰিসৰৰ ২৩ গৰাকী বন বিষয়া আৰু তিনিগৰাকী সংগী কৰ্মীৰে গঠিত দলটোৱে সীমান্তৱৰ্তী ঘন বনাঞ্চলত এক জটিল টহলদাৰী অভিযান চলাইছিল। কিন্তু অত্যন্ত দুৰ্গম ভৌগোলিক পৰিৱেশ আৰু ম’বাইল নেটৱৰ্কৰ অনুপস্থিতিৰ বাবে দলটোৰ সৈতে সকলো যোগাযোগ বিচ্ছিন্ন হৈ পৰে।

প্ৰায় দুদিন ধৰি বনকৰ্মীসকলৰ কোনো সম্ভেদ নোপোৱাত বন বিভাগ, অসম আৰক্ষী আৰু জিলা প্ৰশাসনে যৌথভাৱে এক ব্যাপক উদ্ধাৰ অভিযান আৰম্ভ কৰে। এই অভিযানত ড্ৰোন নিৰীক্ষণৰ লগতে ভাৰতীয় বন সেৱা (IFS)-ৰ এজন জ্যেষ্ঠ বিষয়াৰ নেতৃত্বত আন এটা দলে সহায় আগবঢ়ায়। অৱশেষত নিখুঁত অভিযানৰ অন্তত সমগ্ৰ দলটোক বিচাৰি উলিয়াবলৈ সক্ষম হয় উদ্ধাৰকাৰী দলটোৱে।

এই সফলতাৰ পিছত বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে এই ঘটনাই ৰাজ্যখনৰ বনাঞ্চল, জৈৱ-বৈচিত্ৰ্য আৰু প্ৰাকৃতিক ঐতিহ্য ৰক্ষাৰ বাবে অতি দুৰ্গম অঞ্চলত কাম কৰি থকা বনকৰ্মীসকলৰ ত্যাগ আৰু অপাৰ প্ৰত্যাহ্বানৰ কথা পুনৰবাৰ প্ৰমাণ কৰিলে। সফল উদ্ধাৰ অভিযানত জড়িত প্ৰতিটো সংস্থাক ধন্যবাদ জনোৱাৰ লগতে ৰাজ্যৰ বনকৰ্মীসকলৰ এনে সাহসিকতা, নিষ্ঠা আৰু অবিচল প্ৰতিশ্ৰুতিক মন্ত্ৰীগৰাকীয়ে উচ্চ প্ৰশংসা কৰে।

You might also like