সম্পাদকীয় : গোবৰ ইন্ধন
শেহতীয়াভাৱে বিজ্ঞানৰ অত্যাধুনিক গৱেষণাত গোবৰ ব্যৱহাৰ কৰাত চর্চা আৰম্ভ হৈছে৷ গোবৰৰ ইন্ধনৰ জৰিয়তে জাপানে মহাকাশ গৱেষণাত নতুন শক্তি পৰীক্ষণেৰে সফলতা লাভ কৰাৰ পিছতে গোবৰ ইন্ধনৰ প্রাসংগিকতা চর্চাৰ বিষয় হৈছে৷ জীৱাশ্ম ইন্ধনৰ পৰা প্রধানতঃ মানৱ জাতি পৰিচালিত হৈ আহিছে যদিও জীৱাশ্ম ইন্ধনৰ ভঁৰাল হ্রাস পাই অহাৰ সমান্তৰালকৈ এই ইন্ধনৰ পৰা বায়ুমণ্ডল বিকশিত হৈ থকাৰ পৰিপ্রেক্ষিতত জীৱাশ্ম ইন্ধনৰ বিকল্পক লৈ বিভিন্ন গৱেষণা চলি আছে৷ ইতিমধ্যে জীৱাশ্ম ইন্ধনৰ জৰিয়তে বতাহৰ শক্তিকে ধৰি সৌৰশক্তি আৰু জৈৱ ইন্ধনৰ ব্যৱহাৰ দ্রুতগতিত বৃদ্ধি কৰাৰ পৰিকল্পনা চলাই আছে৷ বিশ্বৰ বিভিন্ন দেশে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ কিছু পৰিমাণে হ্রাস কৰি পৰিচ্ছন্ন শক্তি, বিশেষকৈ বতাহৰ পৰা উৎপাদিত বিদ্যুৎ, সৌৰশক্তি আৰু জৈৱ ইন্ধনক প্রাধান্য দিছে৷ বিজ্ঞানৰ অত্যাধুনিক গৱেষণাত ব্যৱহাৰ কৰা হৈছে গৰুৰ বিষ্ঠা অর্থাৎ গোবৰ৷ জাপানৰ এদল অভিযন্তাই গৰুৰ বিষ্ঠাৰ পৰা জুলীয়া মিথেন প্রস্তুত কৰি সাজি উলিয়াইছে এটা ৰকেট ইঞ্জিন৷ এই নতুন ৰকেট ইঞ্জিনৰ ইতিমধ্যে পৰীক্ষা চলোৱা হৈছে৷ ‘দ্য ইণ্ডিপেণ্ডেণ্ট কাকত’ত প্রকাশ পোৱা অনুসৰি জাপানৰ অভিযন্তাসকলৰ এনে পৰীক্ষাই বিজ্ঞানত নতুন মাত্রাৰ সংযোজন ঘটাব৷ উল্লেখনীয় যে বিশ্বত প্রথমবাৰলৈ জুলীয়া বায়’মিথেন (এলবিএম) ৰকেট ইঞ্জিনত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হৈছে৷ জাপানৰ হোকাইডো মহাকাশ বন্দৰত ১০ ছেকেণ্ডৰ বাবে পৰীক্ষামূলক ৰকেট উৎক্ষেপণ কৰা হৈছিল৷ ইণ্টাৰষ্টেলাৰ টেকন’লজিছ ইনক (আইএছটি)ৰ এক বিবৃতিত এই তথ্য সদৰী কৰা হৈছে৷ উল্লেখনীয় যে ক্ষুদ্র কৃত্রিম উপগ্রহ উৎক্ষেপণ বাহনত এল বি এম ব্যৱহাৰ কৰা হৈছে৷ হোকাইডোৰ গো–পালন কেন্দ্রৰ পৰা গোবৰ সংগ্রহ কৰি এল বি এম প্রস্তুত কৰিছে গৱেষকসকলে৷ এই এল বি এমকে অভিযন্তাসকলে ইন্ধন হিচাপে ব্যৱহাৰ কৰে ৰকেট ইঞ্জিনটোত৷ আই এছ টিৰ তৰফৰ পৰা ৰকেট পৰীক্ষণৰ এক ভিডি’ ছ’চিয়েল মিডিয়া প্লেটফর্ম এক্সত মুকলি কৰি দিছে৷ উল্লেখনীয় যে জলবায়ু পৰিৱর্তনৰ বিষয়টোলৈ নজৰ ৰাখি ভৱিষ্যতে গোবৰৰ পৰা সংগ্রহ কৰা জুলীয়া বায়’মিথেন ব্যৱহাৰ কৰি এনেদৰে ৰকেট উৎক্ষেপণ কৰাৰ চিন্তা–চর্চা চলোৱা হৈছে৷
মহাকাশ বিজ্ঞানৰ গোবৰৰ ব্যৱহাৰে মানৱ জাতিৰ বাবে নতুন বিকল্প ইন্ধনৰ সম্ভাৱনা বৃদ্ধি কৰিছে৷ অৱশ্যে বিশ্বৰ প্রান্তেপ্রান্তে প্রাচীন কালৰে পৰাই গৰুৰ গোবৰক ইন্ধন হিচাপে ব্যৱহাৰ কৰি আহিছে৷ গোবৰক ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ উপৰি কৃষি ক্ষেত্রত সাৰ হিচাপে ব্যৱহাৰ কৰি আহিছে৷ তদুপৰি গোবৰ ধর্মীয় কাম–কাজতো ব্যৱহাৰ কৰা হয়৷ তেনেদৰে ঘৰৰ নির্মাণৰ ক্ষেত্রতো গোবৰ ব্যৱহাৰ কৰাৰ উদাহৰণ আছে৷ গোবৰত অধিক খনিজ পদার্থ থকাৰ বাবে সাৰ হিচাপে ই অতি উন্নত৷ সেয়েহে সাৰ হিচাপে গৰুৰ গোবৰ ব্যৱহৰ কৰা হয়৷ গোবৰক ইন্ধন হিচাপে ইউৰোপৰ পাহাৰীয়া অঞ্চলত অতীতৰ পৰা ব্যৱহাৰ কৰি আহিছে৷ গৰুৰ গোবৰ শুকাই ইয়াক ইন্ধন হিচাপে ব্যৱহাৰ কৰি ৰন্ধা–বঢ়া কৰে৷ ভাৰতৰো বিভিন্ন স্থানত গৰুৰ গোবৰ শুকাই লৈ ইয়াৰ জৰিয়তে ৰন্ধন কার্য চলায়৷ লক্ষণীয় যে গৰুৰ গোবৰ সংগ্রহ কৰি ইয়াৰ পৰা জৈৱ গেছ উৎপাদন কৰি বিদ্যুৎ আৰু তাপ উৎপাদন কৰি আহিছে৷ মিথেন গেছ উৎপাদন কৰি ভাৰতকে ধৰি পাকিস্তানত ব্যৱহাৰ কৰা হয়৷ বিদ্যুতৰ নবীকৰণ আৰু বহনক্ষম উৎস হৈছে এই গোবৰ৷ কৃষি খণ্ডত গোবৰক সাৰ হিচাপে ব্যৱহাৰ কৰাৰ উপৰি গোবৰ কিছুসংখ্যক কীট–পতংগৰ খাদ্য হিচাপেও ব্যৱহূত হয়৷ সম্প্রতি ফুল আৰু গছৰ পুলি টাবত ৰোপণ কৰোঁতে গোবৰ সর্বাধিক উন্নত সাৰ হিচাপে ব্যৱহাৰ হৈ আহিছে৷ পৰিৱেশ বন্ধুত্বমূলক গোবৰৰ হিন্দু ধর্মৰ যজ্ঞত ব্যৱহূত উপাদানৰ অন্যতম গুৰুত্বপূর্ণ৷ বৌদ্ধ ধর্মৰ কাম–কাজতো গোবৰ পৱিত্র হিচাপে মানি চলি আহিছে৷ ইপিনে, ভাৰতৰ বিভিন্ন প্রান্তকে ধৰি আফ্রিকাৰ গ্রাম্য অঞ্চলত ঘৰ নির্মাণৰ বাবে গৰুৰ গোবৰ ব্যৱহাৰ হৈ আছে৷ ২০২১ চনত ভাৰত চৰকাৰৰ খাদী আৰু গ্রামোদ্যোগ আয়োগে খাদী প্রাকৃতিক ৰং হিচাপে বহু খনিজৰে সমৃদ্ধ গোবৰ ব্যৱহাৰ আৰম্ভ কৰিছে৷ মধ্য আফ্রিকাৰ গাঁওবোৰত মহ খেদিবলৈ গোবৰ জ্বলোৱা হয়৷ আনকি গোবৰৰ প্রলেপেৰে ঘৰৰ বেৰ সাজি শীত–তাপ নিয়ন্ত্রণৰ ব্যৱস্থাও কৰাৰ উদাহৰণ আছে মধ্য আফ্রিকাৰ গাঁওবোৰত৷ মন কৰিবলগীয়া যে প্রাচীন কালত গাঁওবোৰত গোবৰ ইন্ধন ব্যৱহাৰৰ অধ্যয়ন চলাই খনিজ পদার্থৰে গোবৰক মহাকাশ গৱেষণাতো ব্যৱহাৰ কৰিবলৈ লৈছে৷ জাপানে এই গোবৰ ইন্ধনে বিশ্বৰ ইন্ধনৰ ক্ষেত্রত নতুন গতি দিয়াৰ ইংগিত দিছে৷ অর্থাৎ প্রাচীন কালত ব্যৱহূত গোবৰ ইন্ধনে আধুনিক মানৱ জীৱনত নতুনত্বৰ সন্ধান দিয়াটো নিশ্চিত৷