বিশেষ বাৰ্তা, ৩০ ডিচেম্বৰ : মহানগৰীৰ ভূমি কেলেংকাৰি সন্দৰ্ভত দুগৰাকী জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। জ্যেষ্ঠ উপ-পঞ্জীয়ক নীহাৰেন্দ্ৰ থাওছেন আৰু উপ-পঞ্জীয়ক ৰঞ্জিত চৌধুৰীক ভূমি পঞ্জীয়ন কেলেংকাৰিৰে জড়িতৰ গোচৰত গ্রেপ্তাৰ কৰা হয়। ভূমি পঞ্জীয়ন কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড ৰঞ্জিত চৌধুৰীক গুৱাহাটীৰ ৰাজগড়ৰ ঘৰৰ পৰা গ্রেপ্তাৰ কৰে। ৰঞ্জিত চৌধুৰীয়ে অগ্ৰিম জামিন বিচাৰি দ্বাৰস্থ হৈছে আদালতৰ। তদুপৰি জ্যেষ্ঠ উপ-পঞ্জীয়ক নীহাৰেন্দ্র থাওচেনক কলকাতাৰ পৰা গ্রেপ্তাৰ কৰে আৰক্ষীয়ে। নীহাৰেন্দ্র থাওচেনৰ ঘৰ গুৱাহাটীৰ হাতীগাঁৱত। পত্নীৰ চিকিৎসাৰ বাবে কলকাতাত বাহৰ পাতি আছিল থাওচেনে। দুয়োৰে বিৰুদ্ধে গীতানগৰ আৰু গড়চুক থানাত ৰুজু হৈ আছে গোচৰ।
Next Post
You might also like