নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চানমাৰিত চলি থকা অসম গ্ৰন্থমেলাত পুথিপ্ৰেমীৰ বিপুল সমাৱেশ

বাৰ্তা ডিজিটেল ডেস্ক, ১ জানুৱাৰীঃ নৱবৰ্ষৰ আজি পহিলা দিনটোত উৎসাহী পুথিপ্ৰেমীৰ বিপুল সমাৱেশ হয় অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা গুৱাহাটীত ৷ পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰাৰ পৰা আৰম্ভ হোৱা জনস্ৰোতে সন্ধিয়ালৈ বিৰ দি বাট নপোৱা অৱস্থাৰ সৃষ্টি কৰে চানমাৰি বাকৰিত ৷ নতুন বছৰৰ প্ৰথম দিনটো গ্ৰন্থৰ সান্নিধ্যৰে আদৰিবলৈ পুথিপ্ৰেমী বিদ্বৎ সমাজ, জ্ঞানান্বেষী শিক্ষাৰ্থী আৰু লেখক-সাহিত্যিকৰ বিশাল সমাৱেশে অসম গ্ৰন্থমেলা, গুৱাহাটীত উছৱৰ লহৰ সৃষ্টি কৰে৷ বিপণীত হেঁপাহৰ গ্ৰন্থ ক্ৰয় কৰি নৱবৰ্ষ ২০২৪ক স্বাগত জনায় পঢ়ুৱৈ সমাজে ৷ আজি কিতাপ বিক্ৰীও আশাব্যঞ্জক বুলি সদৰী কৰিছে অসম প্ৰকাশন পৰিষদৰ লগতে আন আন প্ৰকাশন গোষ্ঠীসমূহে ৷ যোৱা ২৯ ডিচেম্বৰৰ পৰা আজি ১ জানুৱাৰী পৰ্যন্ত প্ৰায় ৮৫ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি জনাইছে উদ্যোক্তাসকলে৷ ইপিনে আজি বিয়লি অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাৰ অস্থায়ী প্ৰেক্ষাগৃহত আয়োজন কৰে আকৰ্ষণীয় অনুষ্ঠান “লেখক-পাঠক সমাৰোহ”৷ এই অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট ইতিহাসবিদ, অধ্যাপক ড° গজেন্দ্ৰ অধিকাৰীয়ে ৷ তেওঁ বিষয় প্ৰসংগত কয়—“লেখক হিচাপে মই কিমান সফল সেই লৈ নিজৰে সংশয় আছে ৷ কিন্তু পাঠক হিচাপে মোৰ আত্মবিশ্বাস গভীৰ৷ সেই দিশৰ পৰা এই কথা ক’ব পাৰোঁ যে দুজন পৰস্পৰ অচিনাকি ব্যক্তিৰ মাজত যোগসূত্ৰ স্থাপন হোৱাটো হ’ল লেখক আৰু পাঠকৰ প্ৰথম সম্পৰ্ক৷ আধুনিক সমাজতাত্বিক আৰু সাহিত্য সমালোচকসকলৰ মতেও এখন পুথি পাঠক আৰু লেখক উভয়ে নিজৰ অজ্ঞাতেই যুটীয়াকৈ ৰচনা কৰে ৷ এই সম্পৰ্ক যে সদায়েই ভালপোৱা বা শ্ৰদ্ধাৰেই গঢ়ি উঠে তেনে নহয়৷ অনৈক্য, মতান্তৰ, মনান্তৰৰ দৰে সম্পৰ্কও হ’ব পাৰে ৷ তেতিয়াও কিন্তু এগৰাকী সফল লেখক আৰু এগৰাকী সফল পাঠকে ধৰ্য্য, সহ্য, পাৰস্পৰিক সহনশীলতা, দেশ-দস্তুৰৰ পৰা আঁতৰি নাযায়৷ লেখক অবিহনে পাঠকৰো একো অস্তিত্ব নাই আৰু পাঠক নাথাকিলে লেখকো অস্তিত্বহীন৷ অসম গ্ৰন্থমেলাত লেখক-পাঠক সমাৰোহ অনুষ্ঠিত কৰাটো অতি গুৰুত্বপূৰ্ণ আৰু আদৰণীয়৷” অনুষ্ঠানটি সঞ্চালনা কৰে বিশিষ্ট সাংবাদিক, গ্ৰন্থকাৰ, নগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° সমুদ্ৰগুপ্ত কাশ্যপে ৷ তেওঁ কয় যে লেখক-পাঠকৰ সম্পৰ্কৰ আধাৰ হৈছে কিতাপ, আলোচনী, কাকত ৷ ইয়াত লেখকসকলে লিখে আৰু পাঠক সমাজে পঢ়ে৷ গতিকে সম্পৰ্কৰ মাধ্যম হৈছে পঠন কাৰ্য৷ সেয়ে এইক্ষেত্ৰত ইতিবাচক পৰিৱেশ ৰচনা হ’বলৈ হ’লে লেখকে শুদ্ধ ভাষাৰ প্ৰয়োগ, বাছকবনীয়া বিষয় নিৰ্বাচন আৰু সহজ সৰলভাৱে উপস্থাপন কৰিবলৈ যত্নপৰ হোৱা দৰকাৰ৷ তেওঁ প্ৰসংগক্ৰমে শশী ফুকনে সম্পাদনা কৰা বিস্ময়, ড° ভৱেন্দ্ৰনাথ শইকীয়া আৰু প্ৰদীপ বৰুৱাই সম্পাদনা কৰা প্ৰান্তিকৰ বিষয়ে উল্লেখ কৰে৷ একেদৰে ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অনিল বৰুৱাকে ধৰি কেবাগৰাকী প্ৰসিদ্ধ সম্পাদক-সাহিত্যিকৰ ভাষা শৈলীৰ বিষয়েও উল্লেখ কৰি ড° কাশ্যপে কয় যে অনুবাদ সাহিত্যই লেখক-পাঠকৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ইয়াত অংশগ্ৰহণ কৰি নিজৰ লেখক-পাঠকে সৃষ্টি আৰু পঠনৰ অভিজ্ঞতা, উপলব্ধিৰ বিষয়ে বক্তব্য আগবঢ়ায় ৷ তেওঁলোকৰ ভিতৰত আছে পদুমী গগৈ, পূৰৱী বৰুৱা,ৰুমী লস্কৰ বৰা, ড° স্মৃতিৰেখা ভূঞা, ড° ৰাজীৱ কুমাৰ সাহা, বংকিম ভাগৱতী, ডাঃ বিজুলী গোস্বামী, দীপশিখা ভাগৱতী,পম্পী হাজং, দিতিমণি গগৈ, ধ্ৰুৱজ্যোতি শৰ্মা, প্ৰীতিৰেখা ভূঞা, নিভাৰাণী ৰয়, মনীষা শৰ্মা, অলকা মহন্ত, মন্দিৰা গগৈ, নৱজ্যোতি নাথ, ডাঃ শুভ্ৰকিংকৰ গোস্বামী, মৃণালিনী শইকীয়া, দুলাল নাথ আদি৷ সন্ধিয়া এলানি মনপৰশা সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ প্ৰবোধ দাসৰ পৰিচালনাত অনুষ্ঠিত সাংস্কৃতিক প্ৰতিযোগিতাত যোগদান কৰে অম্বিকাগিৰী নগৰস্থিত শংকৰদেৱ শিশু কুঞ্জ, কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয় আৰু পাণ্ডু মহাবিদ্যালয়ে ৷

You might also like