সম্পাদকীয় : খিলঞ্জীয়াৰ সুৰক্ষাকৱচৰ চুক্তি
স্বাধীন অসমৰ সপোন পূৰণ নহ’লেও অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ বিষয়টোক অগ্রাধিকাৰ প্রদানেৰে ২৯ ডিচেম্বৰত আলোচনাপন্থী আলফাৰ নেতৃত্বই কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিলে৷ ১৯৭৯ৰ ৭ এপ্রিলত শিৱসাগৰৰ ৰংঘৰ বাকৰিত এখন স্বাধীন অসমৰ বাবে সশস্ত্র সংগ্রামৰ পথ গ্রহণ কৰা আলফাৰ নেতৃত্বৰ সৈতে চৰকাৰৰ স্বাক্ষৰিত চুক্তিখনক লৈ বিতর্ক হৈছে৷ নিষিদ্ধ আলফাক দমনৰ নামত কেন্দ্রীয় চৰকাৰে দুটা বিশেষ সামৰিক অভিযান চলোৱাৰ উপৰি প্রায় চাৰি দশকজোৰা এক অঘোষিত যুঁজখনত ১০ হাজাৰৰো অধিক লোক নিহত হৈছে৷ ইয়াৰ ভিতৰত সর্বাধিক নিহত হৈছিল নিৰপৰাধী লোক৷ নিৰাপত্তা বাহিনী আৰু আলফাৰ মাজত চলা যুঁজখনত উভয় পক্ষৰ ৫ হাজাৰৰো অধিক লোক নিহত হোৱাৰ লগতে হাৰাশাস্তিৰ সন্মুখীন হৈছিল ৰাজ্যখনৰ সর্বশ্রেণীৰ লোক৷ হত্যা–হিংসা, অপহৰণ, বলপূর্বক ধন দাবীয়ে ’৯০ৰ দশকৰ পৰা তিনিটা দশক ধৰি অস্থিৰ কৰি তুলিছিল৷ এনে বিভীষিকাময় পৰিস্থিতিৰ অৱসানৰ লগতে এক শান্তিপূর্ণ সমাধান বিচাৰিছিল অসমৰ প্রতিজন বিবেকৱান লোকে৷ অৱশেষত প্রায় ১৩ বছৰীয়া আলোচনা প্রক্রিয়াৰ শেষত ২৯ ডিচেম্বৰত আলফাই স্বাক্ষৰ কৰা চুক্তিখনৰ জৰিয়তে সমাধানৰ পথ প্রশস্ত হৈছে৷ চৰকাৰ আৰু আলফাৰ মাজত স্বাক্ষৰিত চুক্তিখনৰ প্রধান দিশটো হৈছে ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ সুৰক্ষাৰ দিশটো৷ চুবুৰীয়া বাংলাদেশৰ পৰা অবাধ হাৰত চলি থকা অনুপ্রৱেশৰ সমস্যাই অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ ভৱিষ্যৎ বিপন্ন কৰি তুলিছে৷ এনে বিপদৰ আশংকাৰ বাবেই অসমবাসীয়ে অবৈধ বিদেশীসকলক খেদি পঠিওৱাৰ বাবে ছবছৰীয়া অসম আন্দোলন কৰিছিল৷ উক্ত আন্দোলনৰ পৰিসমাপ্তি ১৯৮৫ত স্বাক্ষৰিত অসম চুক্তিৰ জৰিয়তে মূল সমস্যাটোৰ সমাধান নকৰিলে৷ ইয়াৰ লগে লগে আৰম্ভ হোৱা আলফাৰ সশস্ত্র সংগ্রামে নির্ণায়ক ভূমিকা গ্রহণ কৰিবলৈ সক্ষম হৈছিল যদিও সংগঠনটোৰ স্বাধীন অসমৰ দাবীক লৈ প্রতিজন সচেতন লোক সন্দিহান হৈ আছিল৷ কিয়নো দেশৰ পৰা বিচ্ছিন্ন হৈ এখন স্বাধীন অসম লাভ কৰাটো যে সহজসাধ্য নহয় সেয়া ৰাজ্যখনৰ প্রতিজন বিবেকৱান লোকে উপলব্ধি কৰিছিল৷ স্বাধীন অসমৰ দাবী পূৰণ নহ’লেও আলোচনাপন্থী আলফাই স্বাক্ষৰ কৰা চুক্তিখনত খিলঞ্জীয়াৰ ৰক্ষাকৱচৰ কেইবাটাও নির্ণায়ক সিদ্ধান্ত লোৱা হৈছে৷
শেহতীয়াকৈ ৰাজ্যখনৰ লোকসভা আৰু বিধানসভা সমষ্টিসমূহ পুনৰ গঠনত খিলঞ্জীয়া লোকসকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ পদক্ষেপ গ্রহণ কৰা হৈছে৷ বাংলাদেশী মূলৰ লোকে যাতে প্রশাসনত ৰাজনৈতিক প্রভূত্ব বিস্তাৰ কৰিব নোৱাৰে সেয়া সমষ্টি পুনৰ গঠনত গুৰুত্ব প্রদান কৰা হৈছে৷ ইংৰাজী নৱবর্ষৰ পহিলা দিনটোত সাংবাদিকৰ সৈতে বার্তালাপ অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছে যে সমষ্টি পুনৰ গঠনৰ ফলত ৰাজ্যখনৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত কমেও ১০৪টা সমষ্টিত খিলঞ্জীয়া লোকসকলৰ অধিকাৰ প্রতিষ্ঠা হ’ব৷ ইয়াৰে ব্রহ্মপুত্র উপত্যকাত ৯৬টা সমষ্টিৰ পৰা ৯৮টা সমষ্টি আৰু বৰাক উপত্যকাৰ ১২টা সমষ্টিৰ ভিতৰত ৮টা খিলঞ্জীয়া লোকসকলৰ বাবে সুৰক্ষিত হ’ব৷ ভৱিষ্যতে খিলঞ্জীয়াৰ সুৰক্ষাৰ দিশটো লক্ষ্য ৰাখি শেহতীয়া সমষ্টি পুনৰ গঠনপ্রক্রিয়া ভৱিষ্যতেও অব্যাহত ৰখাৰ সিদ্ধান্ত চুক্তিখনত ৰখা হৈছে৷ অনুপ্রৱেশকাৰীসকলে অন্য সমষ্টিৰ জনগাঁথনিৰ পৰিৱর্তনৰ জৰিয়তে যাতে ভৱিষ্যতে খিলঞ্জীয়া লোকসকলৰ অধিকাৰ খর্ব কৰিব নোৱাৰে তাৰ বাবেও চুক্তিখনত এলানি ব্যৱস্থা লোৱা হৈছে৷ এই বিষয়ত কেন্দ্রীয় চৰকাৰে প্রয়োজনীয় আইন সংশোধন কৰিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই সদৰী কৰিছে৷ বাংলাদেশী মূলৰ লোকসকলৰ আগ্রাসনত শংকিত হৈ ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ মাজত জনজাতিকৰণৰ দাবী দীর্ঘকাল ধৰি উত্থাপন হৈ আহিছে৷ আনকি অসমখনকে জনজাতীয় ৰাজ্যৰ স্বীকৃতি প্রদানৰ দাবীও উঠিছে৷ এনে দাবীৰ মূল কাৰক হ’ল যে অনুপ্রৱেশকাৰীৰ আগ্রাসনৰ বাবেই এতিয়া বিধানসভা আৰু লোকসভাৰ মজিয়াত কেইবাটাও খিলঞ্জীয়া জনগোষ্ঠীয়ে তেওঁলোকৰ অধিকাৰ হেৰুৱাইছে৷ একেদৰে স্থানীয় নির্বাচনসমূহতো খিলঞ্জীয়া জনগোষ্ঠীৰ প্রতিনিধিত্ব উদ্বেগজনকভাৱে হ্রাস পাইছে৷ নতুন দিল্লীত আলফাই স্বাক্ষৰ কৰা চুক্তিখনৰ পঞ্চায়ত আৰু পৌৰ নিকায় নির্বাচনত অ’বিচিৰ বাবে আসন সংৰক্ষণৰ গুৰুত্ব প্রদান কৰা হৈছে৷ এই বিষয়ত বিস্তৃত অধ্যয়ন কৰিবলৈ ৰাজ্য চৰকাৰে বিশেষজ্ঞ কমিটী গঠন কৰিব লাগিব৷ কমিটীৰ পৰামর্শৰ ভিত্তিত স্থানীয় নিকায় নির্বাচনত অ’বিচিৰ নতুন সংৰক্ষণ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ ইয়াৰ উপৰি শান্তি চুক্তিখনত স্বাক্ষৰৰ লগে লগে অসমৰ কোচ ৰাজবংশী, আদিবাসী, আহোম, মৰাণ, মটক আৰু চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টোৱেও নতুন মাত্রা লাভ কৰিবলৈ সক্ষম হৈছে৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক ক্ষিপ্র ৰূপায়ণতো গুৰুত্ব প্রদান কৰা হৈছে৷ বাংলাদেশী অনুপ্রৱেশ প্রতিৰোধৰ বাবে ‘ছেকেণ্ড লাইন অফ ডিফেঞ্চ’ৰ অধীনত সীমান্ত সুৰক্ষা বাহিনীক অধিক সক্রিয় কৰাত গুৰুত্ব দিয়া হৈছে৷ ইয়াৰ উপৰি ব্রহ্মপুত্রত নতুনকৈ সৃষ্টি হোৱা চৰসমূহত বাংলাদেশী মূলৰ লোকসকলে যাতে বসতি স্থাপন কৰিব নোৱাৰে তাৰ বাবে এনে অঞ্চলসমূহত নতুনকৈ বনাঞ্চল স্থাপনৰ ব্যৱস্থা লোৱা হ’ব৷ ৰাজ্যখনৰ ঐতিহ্যপূর্ণ স্থানসমূহত কেৱল খিলঞ্জীয়া লোকসকলেহে ভূমি ক্রয় কৰিব পাৰিব৷ ইয়াৰ উপৰি ৩ বছৰৰ ভিতৰত ৰাজ্যখনৰ ভূমিৰ তথ্য ডিজিটাইলেচন কৰি খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা হ’ব৷ এনেবোৰ ব্যৱস্থা সঁচা অর্থত কার্যকৰী হ’লে নিশ্চিতভাৱে খিলঞ্জীয়া লোকসকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ’ব৷ ইয়াৰ লগে লগে আলফাৰ সৈতে স্বাক্ষৰিত চুক্তিখন অসমৰ ইতিহাসত খিলঞ্জীয়াৰ অধিকাৰ প্রতিষ্ঠাৰ এক মাইলৰ খুঁটি হিচাপে পৰিণত হোৱাৰ সম্ভাৱনা আছে৷