নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ ৰাজ্যখনৰ আগশাৰীৰ সাহিত্য-সংস্কৃতি সাধনাৰ সংগঠন “পাগ্লাপেইৰা গুষ্ঠী, অসম”ৰ উদ্যোগত অইনবেলিৰ দৰে এইবেলিও ২৬ ডিচেম্বৰত সন্ধিয়া আয়োজিত হয় “মৰিশালিত জীৱনৰ গান” শীৰ্ষক কবিতা-গীতৰ মনোজ্ঞ অনুষ্ঠান ৷ প্ৰতিবছৰে ডিচেম্বৰ মাহৰ শীতৰ এক মায়াময় সন্ধিয়া নলবাৰী ৰাজহুৱা শ্মশানভূমিত আয়োজন কৰি অহা এই অনুষ্ঠানে এইবেলি ৩০ বছৰ অতিক্ৰম কৰিলে৷ পাগ্লাপেইৰা গুষ্ঠীৰ সভাপতি অজিত মহন্তৰ মন পৰশা সঞ্চালনাত গাম্ভীৰ্যপূৰ্ণৰূপত উপভোগ্য হৈ পৰে অনুষ্ঠানটি৷ পাগ্লাপেইৰা গুষ্ঠীৰ সম্পাদক ড° বিনয় কুমাৰ মজুমদাৰ, প্ৰচাৰ সম্পাদক নৱজ্যোতি পাঠক, আলোচনী সম্পাদক শান্তনু শৰ্মায়ো অনুষ্ঠানত অংশগ্ৰহণ কৰি “মৰিশালিত জীৱনৰ গান”ৰ ইতিহাস আৰু তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে কবিতা পাঠ কৰি শ্ৰোতা-দৰ্শকসকলক আপ্লুত কৰে ৷ কণ্ঠশিল্পী-কবি প্ৰণিতা হালৈয়ে জয়ন্ত হাজৰিকাৰ এটি গান পৰিৱেশন আৰু স্বৰচিত কবিতা পাঠেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত কবিতা পাঠ কৰে কবি কমল কুমাৰ জৈন, বজৰংগীলাল খেমকা, দিপালীমা দত্ত, ৰমেন ৰাজবংশীয়ে৷ কবিত্ৰয় শান্তনু শৰ্মা, ড° বিনয় কুমাৰ মজুমদাৰ, নৱজ্যোতি পাঠকে সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য, নৱকান্ত বৰুৱা, অজিত বৰুৱা, নীলমণি ফুকনৰ কেবাটিও কালজয়ী কবিতাৰ হৃদয়স্পৰ্শী আবৃত্তি কৰে৷ একেদৰে কবি মেগন কছাৰীৰ নিৰ্বাচিত কবিতা পাঠে অনুষ্ঠানটিক অনন্য মাত্ৰা প্ৰদান কৰে ৷ উল্লেখ্য যে “মৰিশালিত জীৱনৰ গান” অনুষ্ঠানতে পাগ্লাপেইৰা গুষ্ঠীয়ে আগন্তুক ২০২৪ বৰ্ষত “কবিতা কামৰূপ”ৰ দ্বিতীয়টি সংকলন প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷
প্ৰেৰক প্ৰাঞ্জল শৰ্মা