গ্রাম্য অর্থনীতিৰ বিকাশ হ’লে আগবাঢ়িব ৰাজ্যৰ অর্থনীতি
পশু চিকিৎসা ক্ষেত্র সহায়ক সন্থাৰ অধিৱেশনত নৰেশ কলিতা
নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ বহু প্রত্যাহ্বানৰ মাজেৰে সেৱা আগবঢ়াই আছে পশুপালন বিভাগৰ কর্মচাৰীসকলে৷ গাঁৱৰ দৰিদ্র লোকসকলৰ মাজত দায়িত্ব পালন কৰি আহিছে এইসকল পশুপালন বিভাগৰ ক্ষেত্র সহায়ক কর্মচাৰীয়ে৷ গ্রামাঞ্চলৰ সাধাৰণ ৰাইজৰ অর্থনৈতিক দিশ জডিত হৈ থকা ই এটা মহৎ কাম৷ কিয়নো দৰিদ্র লোকসকলৰ জীৱনৰ উন্নতি হ’লে সমাজখনৰ উন্নতি হ’ব৷ তেনেদৰে গ্রাম্য সমাজখনৰ অর্থনীতি উন্নয়ন হ’লেহে ৰাজ্যখনৰ অর্থনীতি আগবাঢ়িব৷’ –এই মন্তব্য ‘নিয়মীয়া বার্তা’ কাকতৰ সম্পাদক নৰেশ কলিতাৰ৷ নলবাৰী শ্রীশ্রীহৰি মন্দিৰ প্রাংগণত অনুষ্ঠিত সদৌ অসম পশু চিকিৎসা ক্ষেত্র সহায়ক সন্থাৰ তৃতীয় বার্ষিক সাধাৰণ সভা আৰু মুকলি অধিৱেশনত দেওবাৰে স্মৃতিগ্রন্থ উন্মোচক হিচাপে উপস্থিত থাকি বিশিষ্ট সাংবাদিক কলিতাই এক দুর্যোগৰ মাজেৰে পশুপালন বিভাগটো জীয়াই আছে বুলি মন্তব্য কৰে৷ সন্থাৰ ‘বাথান’ শীর্ষক স্মৃতিগ্রন্থখন উন্মোচন কৰি ‘নিয়মীয়া বার্তা’ কাকতৰ সম্পাদক কলিতাই এল অ’ চি কেলংকাৰিয়ে বিভাগটোক বিধবস্ত কৰিছিল যদিও বিভাগটোৰ সাধাৰণ কর্মচাৰীসকলৰ সেৱাৰ মনোভাবৰ বাবেই আজিপর্যন্ত বিভাগটো জীয়াই আছে বুলিও মন্তব্য কৰে৷ ভাষা–সাহিত্য জীয়াই নাথাকিলে এটা জাতিৰ উন্নয়ন হ’ব নোৱাৰে বুলি ভাষণত উল্লেখ কৰি স্মৃতিগ্রন্থখনত কর্মচাৰীসকল দুখ–বেদনা আৰু অন্তৰৰ এখন সঁচা ছবি প্রতিফলিত হ’ব বুলিও কলিতাই মন্তব্য কৰে৷ আবেলি ২ বজাত সদৌ অসম পশু চিকিৎসা ক্ষেত্র সহায়ক সন্থাৰ সভাপতি পৰেশ ঠাকুৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনৰ আৰম্ভণিতে আদৰণী ভাষণ দিয়ে অভ্যর্থনা সমিতিৰ সভাপতি তথা নলবাৰী জিলা বিষয়া ডাঃ অশ্বিনী কুমাৰ কলিতাই৷ স্মৃতিগ্রন্থৰ সভাপতি ডাঃ সমৰ তালুকদাৰে আঁত ধৰা মুকলি সভাত সন্থাৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলামে কর্মচাৰীসকলৰ সমস্যাসমূহ দাঙি ধৰি এখন স্মাৰক–পত্র সঞ্চালকৰ হাতত অর্পণ কৰে৷ সভাত বিশিষ্ট অতিথি হিচাপে অংশ লৈ নলবাৰীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে পশুপালন বিভাগৰ কর্মচাৰীসকলে সমৱেত হৈ নিজৰ নিজৰ অনুভৱসমূহ আনজনৰ সন্মুখত প্রকাশ কৰিবলৈ সুযোগ পাইছে বুলি মন্তব্য কৰে৷ সভাত শ্রীশ্রী হৰিমন্দিৰ সমিতিৰ সাধাৰণ সম্পাদক নগেন ডেকাৰ লগতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি পশুপালন বিভাগৰ সঞ্চালক ডাঃ পুলিন চন্দ্র দাস, পশু চিকিৎসা বিষয়া ডাঃ অৰুণ শর্মা, ডাঃ ৰবীন শইকীয়াকে ধৰি কেইবাগৰাকী বিষয়াই বিভাগটোৰ বিভিন্ন দিশ সন্দর্ভত বক্তব্য প্রদান কৰে৷ সভাৰ আগমুহূর্তত কেন্দ্রীয় সমিতিৰ যুটীয়া সম্পাদক ৰণ্টু শর্মাই আঁত ধৰা এক সম্বর্ধনা অনুষ্ঠানত বিশিষ্ট লেখক, অনুবাদক তথা অসম সাহিত্য সভাৰ বঁটাপ্রাপক ডাঃ সমৰ তালুকদাৰ আৰু বিশিষ্ট কবি, নিবন্ধকাৰ ডাঃ পংকজ গোবিন্দ মেধিক সম্বর্ধনা জনোৱা হয়৷ এদিনীয়া কার্যসূচীৰে আৰম্ভ হোৱা অধিৱেশনৰ আৰম্ভণীতে পুৱা প্রতিনিধিৰ পঞ্জীয়ন, পতাকা উত্তোলন, স্মৃতি তর্পণ কার্যসূচী ৰূপায়ণ কৰা হয়৷ বিশিষ্ট সমাজকর্মী গণেশ তামুলীয়ে উদ্বোধন কৰা প্রতিনিধি সভাত আদৰণী ভাষণ দিয়ে অভ্যর্থনা সমিতিৰ সম্পাদক দীপক কুমাৰ শর্মাই৷ অসমৰ বিভিন্ন জিলাৰ পৰা প্রতিনিধি আহি উপস্থিত হোৱা মুকলি সভাত কেইবাগৰাকী শ্রেষ্ঠ ক্ষেত্র সহায়কক সন্থাৰ তৰফৰ পৰা সম্বর্ধনা জনোৱা হয়৷