নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : কিতাপৰ ভৱিষ্যৎ

এফালে প্রযুক্তিগত উদ্ভাৱনৰ বিকাশ আৰু আনফালে পৰম্পৰাৰ প্রতি থকা আকর্ষণ, এই দুই অৱস্থাৰ সংযোগস্থলত আহি উপস্থিত হৈছেহি কিতাপৰ ভৱিষ্যৎ৷ এই অৱস্থাই সৃষ্টি কৰা মূল পৰিৱর্তন হ’ল লিখিত বিষয়বস্তুৰ ব্যৱহাৰ আৰু তাৰ স’তে স্থাপন কৰা যোগাযোগৰ ধৰণক পুনৰ সংজ্ঞায়িত কৰিবলগীয়া হোৱা পৰিৱেশ৷ ডিজিটেল যুগত ভ্রমণ কৰি থাকোঁতে কিছুমান পাঠকে এনে এখন পৃথিৱী কল্পনা কৰে, য’ত পৰম্পৰাগত কাগজৰ কিতাপ আৰু ডিজিটেল কিতাপে সুন্দৰভাৱে সহাৱস্থান কৰে আৰু প্রত্যেকেই বৈচিত্র্য ভালপোৱা পাঠকক অনন্য পঠন অভিজ্ঞতাৰ আনন্দ আৰু ব্যৱহাৰিক সুবিধা প্রদান কৰে৷ ডিজিটেলাইজেচনে নিঃসন্দেহে কিতাপৰ উৎপাদন, বিতৰণ আৰু ব্যৱহাৰৰ ক্ষেত্রবোৰলৈ বিভিন্ন ধৰণৰ বৈপ্লৱিক পৰিৱর্তন আনিছে৷ ই–বুক, অডিঅ’বুক আৰু ইণ্টাৰেক্টিভ মাল্টিমিডিয়া ফর্মেটে আহি সাহিত্যৰ জগতত প্রৱেশ কৰিছে৷ দুটা ডাঙৰ পৰিৱর্তন সাধন কৰিছে– গ্রন্থ পাঠৰ অভ্যাসৰ পৰিৱর্তন কৰি দিছে, পাঠৰ লগতে শ্রৱণ আৰু দর্শনকো সাঙুৰি দিছে আৰু এই নতুন পাঠ অভিজ্ঞতাই লেখকৰ ৰচনাৰীতিকো পৰিচালিত কৰিছে৷ একে সময়তে কিতাপবোৰৰ প্রচাৰে বিশ্বজুৰি থকা পাঠকৰ স্পর্শ কৰা পথটো সহজ কৰি তুলিছে৷ ই–ৰীডাৰ, টেবলেট আৰু স্মার্টফোনৰ ডত্থানে পাঠকৰ হাতত তুলি দিছে একোটা প’র্টেবল লাহব্রেৰী, যাৰ ফলত পাঠকে ওজনহীন লাইব্রেৰী একোটা নিজৰ লগত লৈ ফুৰিব পাৰে৷ এই সুবিধাই পাঠকক বহু সমস্যাৰ পৰা মুক্ত কৰি দিছে৷ বিশেষকৈ পৰম্পৰাগত কিতাপৰ দোকান বা লাইব্রেৰীলৈ যোৱাৰ সুবিধা নথকা পাঠকসকলৰ বাবে এই সুবিধা এটা ডাঙৰ আশীর্বাদ হৈ পৰিছে৷ একে সময়তে অধিক সময় ভ্রমণত ব্যয় কৰিবলগীয়া পাঠকসকলৰ বাবেও এই ই–ৰীডাৰ বা অডি’ বুক অতি সুবিধাজনক৷

অৱশ্যে এতিয়াও কাগজৰ কিতাপৰ আকর্ষণ বহু পাঠকৰ বাবে প্রবল হৈয়েহ আছে৷ বহু পাঠকে পৃষ্ঠাবোৰ লুটিয়াই যোৱাৰ বা চোৱাৰ সংবেদনশীল অভিজ্ঞতা, চিয়াঁহী আৰু কাগজৰ গোন্ধ আৰু কাগজৰ কিতাপ এখন হাতেৰে ধৰি থকাৰ স্পর্শ সন্তুষ্টি উপভোগ কৰে৷ কিতাপৰ অনলাহন বিক্রীৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত কিতাপৰ খুচুৰা বিক্রেতাসকল প্রত্যাহ্বানৰ সন্মুখীন হৈছে যদিও এই দোকানবোৰে পূর্বতে কৰি অহাৰ দৰে একোটা ৰাজহুৱা যোগাযোগ কেন্দ্র হিচাপে কাম কৰি আহিছে, য’ত কিতাপৰ লগত বিভিন্ন ধৰণে জডিত লোকসকল গোট খায় আৰু মত বিনিময় কৰে৷ কিন্তু যিটো হাৰত ছপা কিতাপৰ পৰিমাণ সংকুচিত হৈ আহিছে, তালৈ চাই এটা কথা অনুমান কৰাত কষ্ট নহয় যে কিতাপৰ খুচুৰা ব্যৱসায়ীসকলে ব্যৱসায়টোক নতুন ৰূপ দিয়াৰ সময় অহি পৰিছে৷ আনহাতে নতুন নতুন প্রযুক্তি যেনে– অগমেণ্টেড ৰিয়েলিটী আৰু ভার্চুৱেল ৰিয়েলিটীয়েও পাঠকৰ অভিজ্ঞতাক আৰু অধিক ডন্নীত কৰাৰ প্রতিশ্রুতি দিয়ে৷ হণ্টাৰেক্টিভ গল্প কোৱা, বহুমাত্রিক চিত্রকল্প আৰু বিভিন্ন মিডিয়াৰ সংমিশ্রণেৰে প্রস্তুত কৰা পাঠ্য–উপস্থাপন পদ্ধতিয়ে কিতাপৰ ৰচনা, প্রকাশ, পাঠ আৰু আনন্দ আহৰণ এই সকলোকে প্রভাৱিত কৰিব আৰু এই প্রযুক্তিবিদ্যাৰ প্রায়োগিক দিশবোৰৰ কথা কিতাপৰ পৰিপ্রেক্ষিতত নজনাকৈ থাকিলে লেখক এজন পিছপৰি যাব৷ এই পৰিৱর্তন আৰু ডন্নতিৰ সন্মুখত পৰম্পৰাগত কিতাপৰ ভৱিষ্যৎ কিছু সংশয়জনক আৰু তাৰ বিপৰীতে ডিজিটেল ফর্মেটৰ কিতাপ অধিক গতিশীল আৰু ই নতুন ভৱিষ্যতৰ বাবে সজাগ আৰু সাজু৷ কাগজৰ কিতাপ আৰু হয়াৰ ডিজিটেল সমকক্ষৰ সহাৱস্থানে পাঠকসকলক তেওঁলোকৰ পছন্দ, জীৱনশৈলী আৰু পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ সর্বোত্তম মাধ্যমটো বাছি ল’বলৈ অনুমতি দিয়ে৷

You might also like